অৱশেষত বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী তথা বিতৰ্কিত চেলিব্ৰিটি এজাজ খানৰ ভৰি দুখন মাটিত পৰিল। ৰূপালী পৰ্দাত পৰিচিত হ’লেও তেওঁ উপলব্ধি কৰিছিল যে তেওঁৰ বাবে ৰাজনীতি একেবাৰে সহজ নহয়।
তেওঁ আজাদ সমাজ পাৰ্টি (কানচিৰাম)ৰ টিকটত ভাৰ্চোভা আসনৰ পৰা মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু ফলাফল ওলোৱাৰ সময়ত দেখা গ’ল যে এজাজে মাত্ৰ ১৩১টা ভোটহে পাইছিল। এই ভোটত তেওঁৰ পৰিয়ালৰ সদস্যৰ সংখ্যা ৭০ জনতকৈ অধিক৷
ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা ৫৬ লাখতকৈও অধিক। ফেন পেজটো চালেও দেখা যায় যে অভিনেতাজনৰ কেইবালাখ ফ’ল’ৱাৰ আছে। কিন্তু ভোট যুদ্ধত তথৈবচ অৱস্থা হ’ল অভিনেতাজনৰ।
নিৰ্বাচন আয়োগে প্ৰদান কৰা তথ্য অনুসৰি সমষ্টিটোৰ ৭৪৭ জন ভোটাৰে নোটাক বাছি লৈছিল যদিও এজাজৰ প্ৰতি একেবাৰেই গুৰুত্ব নিদিলে। সেইবাবেই তেওঁ মাত্ৰ ১৩১টা ভোটহে পালে। অৱশ্যে ছ’চিয়েল মিডিয়াত সমালোচনাৰ ধুমুহাৰ সন্মুখীন হৈছে ‘হেভিৱেট’ অভিনেতাগৰাকী।
এজাজৰ জন্ম হৈছিল গুজৰাটৰ আহমেদাবাদত। ২০০৩ চনত তেওঁ বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেখেতে কেইবাখনো জনপ্ৰিয় টিভি ধাৰাবাহিকতো অভিনয় কৰিছে। লগতে বিগ বছৰ ছিজন ৭ৰ প্ৰতিযোগী। কিন্তু এজাজৰ জীৱনটো যথেষ্ট নাটকীয়। ২০২১ চনত মুম্বাই বিমানবন্দৰৰ পৰা ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ৰূপালী পৰ্দাৰ নায়কগৰাকী। প্ৰায় দুবছৰ কাৰাবাসৰ অন্তত মুক্তি পাইছিল।