• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

গিৰিজানন্দ চৌধুৰী  বিশ্ববিদ্যালয়ত এ আই চি টি ইৰ পৃষ্ঠপোষকতাত উদ্ভাৱন ডিজাইন আৰু উদ্যোগীকৰণ (IDE) বুট কেম্প

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 27, 2024 5:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্ব ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ ( এ আই চি টি ই) ৰ পৃষ্টপোষকতাত  উওৰ পূৰ্বাঞ্চলৰ ভিতৰত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উদ্ভাৱন ডিজাইন আৰু উদ্যোগীকৰণ ( Innovation , Design and Entrepreneurship) বুট কেম্প আয়োজন কৰিবলৈ নিৰ্বাচিত হৈছে। সেই উপলক্ষ্যে অসমৰ বিদ্যালয়সমূহক উদ্ভাৱন, ডিজাইন আৰু উদ্যোগীকৰণত উদগনি দিয়াৰ লক্ষ্যৰে  অহা ২৯ আৰু ৩০ নৱেম্বৰ ২০২৪ত উদ্ভাৱন ডিজাইন আৰু উদ্যোগীকৰণ বুট কেম্পৰ অনুষ্ঠিত হব। স্কুল শিক্ষা আৰু স্বাক্ষৰতা বিভাগ, সৰ্ব ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ  আৰু শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষে  চি বিএছ ই আৰু এন চি ই আৰ টিৰ সহযোগত দুদিনীয়াকৈ এই  বুট কেম্প অনুষ্ঠিতকৰাৰ সিদ্ধান্ত লৈছে l ইয়াত অংশ গ্ৰহণ কৰিব ৰাজ্যখনৰ বিভিন্ন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  অধ্যক্ষ,শিক্ষক সকলে। এই পদক্ষেপৰ লক্ষ্য হৈছে বিদ্যালয়ৰ শিক্ষকসকলক উদ্ভাৱন, ডিজাইন, আৰু উদ্যোগীকৰণৰ সন্দৰ্ভত দক্ষতা প্ৰদান কৰা।

বিখ্যাত ৱাধৱনী ফাউণ্ডেশ্যনৰ সহযোগত এই বুট কেম্পৰ আয়োজন কৰা হৈছে।  সৰ্ব ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ(এ আই চি টি ই) –  শিক্ষা মন্ত্ৰালয় আৰু উদ্ভাৱন  কোষৰ(এম আই চি ) এই পদক্ষেপে পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগীসকলক  বিশ্ব উদ্যোগীকৰণত ভাৰতক এক বিশেষ স্থানলৈ নিবলৈ যথেষ্ট অৰিহণা যোগাব। ১৭খন ৰাজ্যত চলি থকা এই দেশজোৰা কাৰ্যসূচীত বিভিন্ন বিদ্যালয়ৰ মুঠ ৩৭০০ৰো অধিক অংশ গ্ৰহনকাৰীয়ে পঞ্জীয়ন কৰিছে। বিশ্ববিদ্যালয়ৰ এই কেন্দ্ৰটোতেই ৰাজ্যৰ পৰা ১৫০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে এই বৃহৎ এ আই চি টি ই-এম আই চিৰ( ministry of Innovation Cell)পদক্ষেপত আয়োজিত এই বুট কেম্পত অংশগ্ৰহণ কৰিব ।

Apply Now

২০২৪ চনৰ ২২ নৱেম্বৰত  এ আই চি টি ইৰ ভাইচ চেয়াৰমেন ড০ অভয় জেৰে উদ্বোধন কৰা বুট কেম্পত এন চি ই আৰ টিৰ অধ্যাপিকা ইন্দ্ৰাণী ভাদুৰী আৰু চি বি এছ ইৰ ড০ বিশ্বজিৎ সাহাও উপস্থিত থাকে। ২৯ নৱেম্বৰ, ২০২৪ ত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যিক শৈক্ষিক  অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)ৰ সঞ্চালক   ড° নিৰাদা দেৱী ,   শিক্ষা মন্ত্ৰালয়, উদ্ভাৱন কোষৰ নোডাল কেন্দ্ৰৰ মুৰব্বী ড° হীৰক ৰঞ্জন দাস আৰু  নোডাল কেন্দ্ৰৰ সমন্বয়ক বিধিকাৰ বিশালৰ  লগতে ৱাধৱনী ফাউণ্ডেশ্যনৰ মুখ্য প্ৰশিক্ষক শ্ৰীবৎসন আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ  আচাৰ্য্য অধ্যাপক জয়ন্ত ডেকা।

বিভিন্ন ক্ষেত্ৰৰ  বিশেষজ্ঞসকলে বিভিন্ন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা অধ্যক্ষ আৰু শিক্ষকসকলক প্ৰশিক্ষণ  আগবঢ়াব । সমল ব্যক্তিসকলৰ ভিতৰত আছে আই আই এম কলিকতা ইনোভেচন পাৰ্কৰ অনাসুয়া মহন্ত, অসম ষ্টাৰ্টআপৰ প্লাবন বৰা আৰু আই আই ই গুৱাহাটীৰ অধ্যাপক শান্তনু ডেকা। অংশগ্ৰহণকাৰীসকলৰ বাবে AICTE-IDEA লেব, DST- FIST লেব আৰু SAIF লেবলৈও এক ভ্ৰমণৰ আয়োজন কৰা হৈছে।

এই দুদিনীয়া বুট কেম্পৰ সময়ছোৱাত অংশগ্ৰহণকাৰীসকলে বিভিন্ন সঁজুলি আয়ত্ত কৰি নতুন কৌশল চিনাক্তকৰণ তথা বিভিন্ন উদ্ভাৱনমূলক পৰিকল্পনা কৰিব পৰাৰ  প্ৰয়োজনীয় দক্ষতা  প্ৰশিক্ষণ যোগে লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও তেওঁলোকে ব্যৱসায় ভিত্তিক মডেলসমূহৰ বিষয়ত ধাৰণা  বা ষ্টাৰ্ট-আপ ধাৰণা কৰিবলৈ সামৰ্থবান হ’ব। এই বুট কেম্পে ভাৰতীয় উদ্যোগীকৰণৰ পৰিৱেশ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে পেটেণ্ট দাখিলৰ সুযোগৰ লগতে ভাৰত চৰকাৰে প্ৰদান কৰা সহায়ৰ কাঠামোৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক জ্ঞাত কৰাত বিশেষ সহায় হ’ব।

এই অনুষ্ঠানটোৱে ধাৰাবাহিক ভাৱে বিশেষ কাৰ্য্যক্ৰম,  কৰ্মশালা প্ৰশিক্ষণ আদি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে, যিয়ে সৃষ্টিশীল আৰু উদ্ভাৱনমূলক কামৰ সমান্তৰালকৈ বিভিন্ন প্ৰয়োজনীয় সমস্যা সমাধান কৰিবলৈ দক্ষতা প্ৰদান কৰিব। অনুষ্ঠানত উপস্থিত সকলোৰে শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনৰ  গুৰুত্বৰ বিষয়ে চিন্তাৰ উদ্বেগ ঘটিব, পৰিৱৰ্তনৰ দ্বাৰা আগুৱাই যাবলৈ প্ৰয়োজনীয় ব্যৱহাৰিক কৌশল , আৰু উদ্যোগীকৰণৰ ন ন  চিন্তাৰ দ্বাৰা বিকাশ সম্ভৱ হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd