• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

মহাৰাষ্ট্ৰৰ নিৰ্বাচন : মুঠ ভোটতকৈ ভোটগণনাত বেছিকৈ ওলাল ৫,০৪,৩১৩ টা ভোট

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 27, 2024 7:56 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ই কেনে কথা কেনে কাণ্ড হ’ব পাৰে? যদি এটা EVM ত ১০ টা ভোট থাকে বা ১০ গৰাকী ভোটাৰে ভোটদান কৰে তেন্তে গণনাটো নিশ্চয়কৈ ১০ টাই ওলাব…. নিশ্চয়কৈ ১ টাও বেছি নোলায়। কিন্তু নাশ্ৰুত নাভূত ঘটনাই ঘটিছে মহাৰাষ্ট্ৰৰ নিৰ্বাচনী ফলাফলত। এক আজৱ তথ্য পোহৰলৈ আহিছে। যিমান ভোটাৰ ৰাইজে মহাৰাষ্ট্ৰত ভোট দিলে তাতকৈ ১ লাখ ২ লাখ নহয় ৫ লাখতকৈও বেছি ভোট ওলাল। তেন্তে ভাবি চাওঁক কি কথা কি কাণ্ড হৈ আছে? গণতন্ত্ৰত এয়া কি হ’বলৈ ধৰিছে? ভাবি চাওঁকচোন ভোটদান কৰা ভোটাৰৰ সংখ্যা বেলেগ আৰু গণনা হোৱা ভোটৰ সংখ্যা বেলেগ….. বেলেগ মানে এক বৃহৎ পাৰ্থক্য। ‎সদ্যসমাপ্ত নির্বাচনত ভোটদান কৰা মুঠ ভোটাৰৰ বিপৰীতে ওলাল ৫,০৪,৩১৩ ‎টা অতিৰিক্ত ভোট। মানে মুঠ ভোটদাতাতকৈ বেছি ভোট ওলাল… কোনোবা আত্মাই আহিয়ে সেই ভোট দিলেহি নেকি?

ভাৰতৰ নিৰ্বাচন আয়োগে দাঙি ধৰা তথ্যৰ ওপৰত ভিত্তি কৰি মই এই কথা কৈছো। কেৰাহিত শিলগুটি ভজা বা কণাৰ ফৰমুটি মাৰি এই কথা কোৱা নাই। ভাৰতৰ নির্বাচন ‎আয়োগৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰত চূড়ান্ত ভোটাৰৰ উপস্থিতি আছিল ৬৬.০৫%। অৰ্থাত্ মুঠ ৬,৪০,৮৮,১৯৫ গৰাকী ভোটাৰে ভোটদান কৰিছিল। কিন্তু অতি ৰহস্যজনকভাৱে গণনাৰ পাছত মুঠ ভোটাৰৰ সংখ্যা হ’লগৈ ৬,৪৫,৯২,৫০৮ টা। অৰ্থাৎ পুনৰ কৈছো ৫,০৪,৩১৩ ‎টা অতিৰিক্ত ভোট ওলাল ভোটদাতাতকৈ।

Apply Now

ভাবকচোন কেনে আচৰিত ঘটনা ঘটিছে। কিন্তু এই বিয়াগোম খেলিমেলিৰ পাছতো নিশ্চুপ নিৰ্বিকাৰ ভাৰতীয় নিৰ্বাচন আয়োগ। দেশজুৰি ইয়াক লৈ চাঞ্চল্যই বিৰাজ কৰিছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নিচিনাকৈ নিৰ্বাচনত বেলট পেপাৰৰ দাবী কৰি এক যাত্ৰা উলিয়াব কংগ্ৰেছে।

উল্লেখ কৰি থওঁ, আটাইতকৈ ডাঙৰ বিসংগতি দেখা গৈছিল মহাৰাষ্ট্ৰৰ আসতি আৰু ‎ওছমানাবাদ কেন্দ্রত। আসতি কেন্দ্রত গণনা কৰা ভোটৰ সংখ্যা দিয়া ভোটতকৈ ৪,৫৩৮ ‎টা বেছি আৰু ওছমানাবাদ কেন্দ্রত এই ভোটৰ পাৰ্থক্য আছিল ৪,১৫৫ টা।

উল্লেখ কৰি থওঁ এই ধৰণৰ ‎বিসংগতি ২০২৪ চনৰ মে‘ মাহত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ সময়তো দেখা গৈছিল। সেই সময়ত এছ‘চিয়েচন ফৰ ডেম‘ক্রেটিক ‎ৰিফৰ্মছ চমুকৈ (এ ডি আৰ)-এ উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল, যাতে প্রতিটো ভোটপর্ব ‎শেষ হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত ভোটকেন্দ্ৰভিত্তিক ভোটাৰৰ উপস্থিতিৰ তথ্য প্রকাশ ‎কৰা হয়। এ ডি আৰ-এ এই আবেদনত উল্লেখ কৰিছিল যে প্রাথমিক আৰু চূড়ান্ত ‎উপস্থিতিৰ তথ্যৰ মাজত প্রায় ৫-৬% ৰ পাৰ্থক্য আছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এই ‎অনুৰোধ প্রত্যাখ্যান কৰিছিল। ন্যায়ালয়ে কৈছিল যে এই ব্যৱস্থা বাস্তৱিকভাৱে জটিল ‎হ‘ব পাৰে আৰু তথ্য অপব্যৱহাৰৰ আশংকা বৃদ্ধি কৰিব। পুনৰ এবাৰ একেই কথা একেই কাণ্ডই সংঘটিত হৈছে। কিন্তু মোদী চৰকাৰৰ হাতৰ পুতলাত পৰিণত হোৱা ভাৰতীয় নিৰ্বাচনী  আয়োগ এইবোৰ দেখি শুনিও নিমাত আৰু চকু মুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে।

আকৌ এবাৰ শেষত ভাবি চাওঁকচোন… এটা EVM ত যদি ১০ হাজাৰ ভোট পুলিং হয়, গণনাৰ সময়ত সেই ভোটৰ সংখ্যা একেই ওলাব, কমি যাব নে বাঢ়িব? এই সহজ প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ এৰিলো। আকৌ জনাই থৈছো…. মহাৰাষ্ট্ৰত ভোটদাতাতকৈ ৫,০৪,৩১৩ ‎টা অতিৰিক্ত ভোট ওলাল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd