• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজ নিশা হাস্পাতালত ভয়ংকৰ অগ্নিকাণ্ড; ৩০ জন ৰোগীক উদ্ধাৰ, ৬জনৰ কৰুণ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2024 8:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ এখন চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কমেও ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত এটা শিশুও থকাৰ খবৰ পোৱা গৈছে। বৃহস্পতিবাৰে মাজ নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

চিকিৎসালয়খনত অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়। তাৰপিছতে আৰম্ভ হয় জুই নিৰ্বাপনৰ কাম। কিন্তু শেষত ৬ জনৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ নহ’ল।

Apply Now

খবৰ অনুসৰি অগ্নিকাণ্ড সংঘটিত হোৱা চিকিৎসালয়খনৰ নাম-চিটি হাস্পতাল। এইখন মধ্য তামিলনাডুৰ ডিণ্ডিগুল চহৰৰ ত্ৰিচি ৰোডত অৱস্থিত।

জানিব পৰা মতে, উদ্ধাৰ অভিযানৰ সময়ত চিকিৎসালয়খনৰ লিফটত ৬ জন লোকক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। পিছত তেওঁলোকক লগে লগে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতেই তেওঁলোকক মৃত ঘোষণা কৰে।

লগতে পঢ়কঃ ধৰ্মীয় উপাসনাস্থলীৰ বিৰুদ্ধে তৰিব নোৱাৰিব কোনো গোচৰ – ছুপ্ৰীম কোৰ্ট

খবৰ অনুসৰি শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰাত ৬ জন লোকৰ মৃত্যু হৈছে। কিন্তু ইয়াৰ মাজতে অগ্নিনিৰ্বাপক বাহিনীয়ে সেই চিকিৎসালয়ৰ পৰা ৩০ জন ৰোগীক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা ৰোগীক তাৰ পৰা লৈ চৰকাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে এই ৰোগীসকলক উদ্ধাৰ কৰাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে লিফ্টত থকা ৬ জন লোকক উদ্ধাৰ কৰে।

এই কাণ্ড সন্দৰ্ভত ডিণ্ডিগুল জিলাৰ উপায়ুক্ত এম এন পুংগোডিয়ে সংবাদ সংস্থাক জনায় যে, ‘অগ্নিকাণ্ড সংঘটিত চিকিৎসালয়খনৰ পৰা ৰোগীক উদ্ধাৰ কৰি আন এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।’ ইফালে, আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে।

এই অগ্নিকাণ্ডৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দেখা গৈছে চিকিৎসালয়খনৰ খিৰিকীৰে জুইৰ শিখা ওলাই আহিছে। ক’লা ধোঁৱাও ওলাই আহিছে চিকিৎসালয়ৰ পৰা। সেই ক’লা ধোঁৱাই গোটেই অঞ্চলটোৰ আকাশখন আৱৰি ধৰিছিল। ইয়াৰ মাজতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰি থাকে আৰু জুই নিয়ন্ত্ৰণলৈ অনা হয়। ইফালে চিকিৎসালয়ত আবদ্ধ হৈ থকা ৰোগীসকলকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে বহু পলমকৈ লিফটত থকা ৬জন লোকক উদ্ধাৰকাৰীয়ে লক্ষ্য কৰে।

লগতে পঢ়কঃ এই কেইটা কথা ভুলতেও আপোনাৰ কন্যা সন্তানক কোৱা উচিত নহয়! জানি লওক অভিভাৱকসকলে

ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ ঝান্সীৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতক আই চি ইউ শাখাত অগ্নিকাণ্ড সংঘটিত হৈছিল। সেই অগ্নিকাণ্ডত কমেও ১১টা নৱজাতকৰ মৃত্যু হৈছিল। লগতে এই অগ্নিকাণ্ডত ১৬ জন লোক আহত হৈছিল। ঘটনাৰ সময়ত মৃত কেঁচুৱাকেইটা ইনকিউবেটৰত আছিল। জানিব পৰা মতে, অগ্নিকাণ্ডৰ সময়ত সেই ৱাৰ্ডত মুঠ ৪৭ টা শিশু ভৰ্তি হৈ আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd