কেন্দ্ৰই লোকসভাত জনোৱা মতে, ২০১৪-১৫ চনৰ পৰা আৰম্ভ হোৱা দহটা বিত্তীয় বৰ্ষত বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ বেলেন্স শ্বীটৰ পৰা মুঠ ১২.৩ লাখ কোটি টকাৰ নন-পাৰফৰ্মিং এছেট (এনপিএ) বাতিল কৰিছে। ইয়াৰে চৰকাৰী বেংকসমূহে বিগত পাঁচটা বিত্তীয় বৰ্ষত ৬.৫ লাখ কোটি টকাৰ ননপাৰফৰ্মিং এছেট (অনুৎপাদক সম্পত্তি) বাতিল কৰিছে।
কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত কয় যে ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে চৰকাৰী বেংকৰ অনুৎপাদক সম্পত্তিৰ পৰিমাণ আছিল ৩.১৬ লাখ কোটি টকা। ব্যক্তিগত বেংকৰ ক্ষেত্ৰত এই ধনৰাশি ১.৩৪ লাখ কোটি টকা।
তেওঁ লগতে কয় যে ২০১৯ বিত্তীয় বৰ্ষত বেংকসমূহে ২.৪ লাখ কোটি টকাৰ অনুৎপাদক সম্পত্তি বাতিল কৰিছিল। যিটো এতিয়ালৈকে সৰ্বোচ্চ। ২০২৪ বিত্তীয় বৰ্ষত ১.৭ লাখ কোটি টকা বাতিল কৰা হৈছে। দেশৰ সকলো বেংকৰ অনাদায় ঋণৰ পৰিমাণ প্ৰায় ১৬৫ লাখ কোটি। ইয়াৰে ৫১ শতাংশ কেৱল চৰকাৰী বেংকৰ।
ভাৰতীয় ষ্টেট বেংকে যোৱা দহ বছৰত সৰ্বাধিক নন-পাৰফৰ্মিং এছেট বাতিল কৰিছে। তেওঁলোকৰ একাউণ্টৰ পৰা প্ৰায় দুই লাখ কোটি টকা বাতিল কৰিছে। পঞ্জাৱ নেচনেল বেংকে প্ৰায় ৯৫ হাজাৰ কোটি টকা বাতিল কৰিছে। চৰকাৰী বেংকসমূহে চলিত বিত্তীয় বৰ্ষৰ ছেপ্টেম্বৰ পৰ্যন্ত একাউন্টৰ পৰা ৪২ হাজাৰ কোটি টকা বাতিল কৰিছে।
মন্ত্ৰী পংকজ চৌধুৰীয়ে লগতে কয় যে চলিত বিত্তীয় বৰ্ষত চৰকাৰী বেংকসমূহে ১.৪১ লাখ কোটি টকা উপাৰ্জন কৰিছে। অনুৎপাদক সম্পত্তিৰ হাৰো হ্ৰাস পাইছে।
অনাদায়ী ঋণ বাতিলক লৈ মোডী চৰকাৰৰ সৈতে বিৰোধীৰ মতবিৰোধ নতুন নহয়। উচ্চ মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ বাবে সাধাৰণ মানুহে কোনো ধৰণৰ আৰ্থিক সকাহ পোৱা নাই বুলি বিৰোধীয়ে অভিযোগ কৰি আহিছে। এন পি এ আঁতৰাই ‘বন্ধু পুজিপুতি’ক সহায় কৰি আহিছে কেন্দ্ৰই।
চৰকাৰৰ মতে, অনাদায় ঋণ বাতিল কৰাৰ অৰ্থ এইটো নহয় যে ঋণ পৰিশোধ নকৰাসকলক ৰেহাই দিয়া হৈছে। সংশ্লিষ্ট ঋণগ্ৰহণকাৰীৰ পৰা ঋণ আদায় কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে।