• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুমৰাহৰ নেতৃত্বত অষ্ট্ৰেলিয়াত প্ৰসিদ্ধ-ছিৰাজৰ বলিং বিক্ৰম; ছিডনীত প্ৰথম ইনিংছত ভাৰতৰ অগ্ৰগতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2025 11:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিডনী টেষ্টত ভাৰতীয় বলাৰসকলে যোগ্য প্ৰত্যুত্তৰ দিছে। প্ৰথম দিনাই টিম ইণ্ডিয়াৰ ইনিংছ মাত্ৰ ১৮৫ ৰানতে শেষ হৈছিল। দিনটোৰ শেষত বুমৰাহে খোৱাজাক ওভতাই পঠিয়াইছিল। দ্বিতীয় দিনতো ভাৰতীয় বলাৰসকলে আধিপত্য অব্যাহত ৰাখিছিল। মাত্ৰ ১৮১ ৰানতে অষ্ট্ৰেলিয়াৰ ইনিংছ স্তদ্ধ কৰি দিয়ে।

অধিনায়ক বুমৰাহ, নীতিশ কুমাৰ ৰেড্ডীয়ে দুটাকৈ উইকেট লাভ কৰে। মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই তিনিটাকৈ উইকেট দখল কৰে। ভাৰতে ৪ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে।

Apply Now

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পুনৰ সমতা লাভ কৰিবলৈ হ’লে টিম ইণ্ডিয়াই এই টেষ্টত জয়ী হ’ব লাগিব। য’ত পাৰ্থ টেষ্টৰ পিছত ৰোহিত শৰ্মাৰ ঠাইত বুমৰাহক নেতৃত্ব দিয়া হৈছে। দ্বিতীয় দিনা ছিডনীৰ গ্ৰীণ কাৰ্পেটত ভাৰতীয় বলাৰসকলে অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলালে।

ভাৰতৰ অধিনায়কে আৰম্ভণি কৰিছিল। যেতিয়া অষ্ট্ৰেলিয়াৰ স্ক’ৰব’ৰ্ডত মাত্ৰ ১৫ ৰান আছিল, তেতিয়া বুমৰাহে লাবুছেনক ঘূৰাই পঠিয়াইছিল। ছেম কনষ্টাসক অলপ সময়ৰ ভিতৰতে ঘূৰাই পঠিয়ালে ছিৰাজে। প্ৰথম দিনটোৰ শেষত বুমৰাহৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈছিল অষ্ট্ৰেলয়াৰ যুৱ বেটাৰগৰাকী। মুখ চলিল যদিও আজি বেট নচলিল। ট্ৰেভিছ হেডকো ছিৰাজে আউট কৰে। বৰ্তমানৰ ছিৰিজটোত এবাৰতকৈ অধিকবাৰ ভাৰতৰ মূৰৰ বিষ হৈ পৰিছে হেড। কিন্তু হেডে ছিৰাজৰ সন্মুখত মূৰ ওপৰলৈ তুলিব নোৱাৰিলে। মাত্ৰ ৪ ৰাণত উভতি গ’ল।

তাৰ পৰাই ষ্টিভ স্মিথে অষ্ট্ৰেলিয়াক পুনৰ মেচখনলৈ অনাৰ চেষ্টা কৰে। ব্যক্তিগত ৩৩ ৰানত তেওঁক ঘূৰাই পঠিয়ায় প্ৰসিদ্ধই। চলিত শৃংখলাত ভাৰতীয় পেচাৰগৰাকীয়ে প্ৰথমবাৰৰ বাবে সুযোগ লাভ কৰে। তেওঁ এলেক্স কেৰীকো আউট কৰে। বলিং কৰিবলৈ আহি নিৰাশ নহ’ল নীতিশ কুমাৰ ৰেড্ডীও। পেট কামিন্স আৰু মিচেল ষ্টাৰ্কৰ উইকেট দখল কৰি লৱাৰ অৰ্ডাৰ ভাঙি পেলায় নীতিশে।

তাৰমাজতে ৱেবষ্টাৰে সংগ্ৰাম চলাইছিল। তেওঁ অৰ্ধশতকো অৰ্জন কৰে। প্ৰসিদ্ধৰ বলত কেচ তুলি দি উভতি যায় ৱেবষ্টাৰ। তথাপিও দেখা গৈছিল যে অষ্ট্ৰেলিয়াই সামান্য অগ্ৰগতি লাভ কৰিব পাৰে। কিন্তু অষ্ট্ৰেলিয়াৰ আশাত পানী ঢালিলে ছিৰাজে। দুৰ্দান্ত ছুইঙেৰে স্কট ব’লেণ্ডৰ উইকেট দখল কৰি ভাৰতক ৪ ৰানৰ অগ্ৰগতি প্ৰদান কৰে।

কিন্তু চিন্তাও আছে ভাৰতৰ। আঘাতৰ বাবে বুমৰাহে খেলপথাৰ এৰিবলগীয়া হৈছিল। যদিও ভাৰতীয় বলাৰসকলে তেওঁৰ অবিহনেই কামটো কৰি পেলালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd