• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশৰ ধৰ্মীয় অনুষ্ঠানত অঘটন ; কমেও ৬ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2025 11:12 am
187
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ জৈন সম্প্ৰদায়ৰ এক ধৰ্মীয় অনুষ্ঠানত মঞ্চ ভাঙি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এতিয়ালৈকে পোৱা খবৰ অনুসৰি মঞ্চ ভাঙি পৰাত কমেও ৬ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে ৫০ জনতকৈ অধিক লোক।

মঞ্চৰ তলত বহু লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ফলত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে।

উত্তৰ প্ৰদেশৰ বাঘপাটত প্ৰতি বছৰে জৈন নিৰ্বাণ উৎসৱ পালন কৰা হয়। এই উৎসৱ বিগত ৩০ বছৰে পালন কৰি আহিছে। এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হৈছে লাদ্দু মহোৎসৱ। সেই উদ্দেশ্যে বাঁহ আৰু কাঠেৰে ৬৫ ফুট উচ্চতাৰ এখন মঞ্চ নিৰ্মাণ কৰা হৈছিল।

মঙলবাৰে পুৱা প্ৰভু আদিনাথক লাদ্দু আগবঢ়োৱা হৈছিল। তেতিয়াই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল।

জানিব পৰা মতে, লাদ্দু উৎসৱৰ সময়ত ভক্তসকলে একেলগে মঞ্চত উঠিছিল। বিপুল জনসমাগমৰ বাবেই মঞ্চ ভাঙি পৰিছিল।

সূত্ৰ অনুসৰি এই ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। আহত হৈছে ৫০ জনতকৈ অধিক লোক। আশংকা কৰা হৈছে যে এতিয়াও বহু লোক মঞ্চৰ তলত আবদ্ধ হৈ আছে।

বাঘপাটৰ আৰক্ষী অধীক্ষক অৰ্পিত বিজয়বৰ্গিয়াই কয় যে, “ঘটনাৰ পিছতে আৰক্ষী আৰু এম্বুলেন্স সেই স্থানত উপস্থিত হয়। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। সামান্য আঘাতপ্ৰাপ্তসকলক চিকিৎসা কৰি ঘৰলৈ পঠিওৱা হয়। বাকীসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

জিলা দণ্ডাধীশ অস্মিতা লালে কয়, “বাঁহৰ মঞ্চ ভাঙি প্ৰায় ৪০ জন লোক আহত হয়। ইয়াৰে ২০জনক প্ৰাথমিক চিকিৎসা গ্ৰহণৰ পিছত ঘৰলৈ পঠিওৱা হৈছে, বাকীসকল চিকিৎসাধীন হৈ আছে।”

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd