বেটিং ব্যৰ্থতা চম্ভালি হাৰ্দিক আৰু শিৱমে অনবদ্য যুঁজ দিছিল। আনহাতে বিষ্ণোই আৰু বৰুণৰ বলিং আছিল আকৰ্ষণীয়। চতুৰ্থ টি-২০ত ইংলেণ্ডে ভাৰতৰ আগত তিষ্ঠিবই নোৱাৰিলে। সূৰ্যকুমাৰৰ বাহিনীয়ে জোছ বাটলাৰ বাহিনীক ১৫ ৰানত পৰাস্ত কৰি ৩-১ ব্যৱধানত শৃংখলাটো জয় কৰে।
ভাৰতৰ হৈ শিৱম আৰু হাৰ্দিক দুয়োজনে অৰ্ধশতক অৰ্জন কৰে। ৰবি বিষ্ণোই আৰু হৰ্ষিতে দখল কৰে ৩টাকৈ উইকেট। বৰুণ চক্ৰৱৰ্তীয়ে ২টা উইকেট দখল কৰে। ইফালে শিৱম ডুবে আঘাতপ্ৰাপ্ত হোৱাৰ সময়তে তেওঁৰ ঠাইত নামি হৰ্ষিতে ইতিহাস ৰচনা কৰে।
প্ৰথম তিনিখন মেচতে টছত জয়লাভ কৰে সূৰ্যকুমাৰ যাদৱে। অৱশেষত পুনেত টছত জয়লাভ কৰি ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে ভাৰতক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। দ্বিতীয় অভাৰত ভাৰতে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। সঞ্জু ছেমচনে ১ ৰানত উভতি আহে। তিলক আৰু সূৰ্যও ছাকিব মাহমুদৰ বলিঙত ধৰাশায়ী হয়। দুয়ো শূন্য ৰানেৰে উভতি আহে।
অধিনায়ক সূৰ্য্যৰ অফ ফৰ্ম অব্যাহত আছে। ফলস্বৰূপে ভাৰত চাপত পৰে। কিছু সময়ৰ পিছতে আউট হয় অভিষেক শৰ্মা। আঘাতৰ পৰা উভতি অহা ৰিংকু সিঙে ৩০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ৫ উইকেটত ৭৯ ৰান কৰি ভাৰত তেতিয়াও যথেষ্ট চাপত আছিল। তাৰ পৰাই হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেই প্ৰত্যাক্ৰমণৰ পথ গ্ৰহণ কৰিলে।
তাৰ পৰা আৰু ঘূৰি চাবলগীয়া হোৱ নাছিল। শিৱমে ৩৪টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। আনহাতে, হাৰ্দিকেও ৫৩ ৰান সংগ্ৰহ কৰি অফ ফৰ্মৰ দুঃচিন্তা আঁতৰালে। ৯টা উইকেট হেৰুৱাই ১৮১ ৰানত ভাৰতৰ ইনিংছ সমাপ্ত হয়।
প্ৰত্যুত্তৰত ইংলেণ্ডৰো আৰম্ভণি বেয়া নাছিল। অপেনিং যুটিটোৱে ৬২ ৰান সংগ্ৰহ কৰে। ইয়াৰ ভিতৰত বেন ডাকেটে ১৯টা বলত ৩৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। আৰু তেতিয়াই আৰম্ভ হয় বিষ্ণোইৰ যাদু। বৰ্তমানৰ শৃংখলাত ভাৰতীয় স্পিনাৰগৰাকী একেবাৰেই ফৰ্মত নাছিল। নিখুঁত সময়ত তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহিল। তেওঁ ডাকেট আৰু বাটলাৰক সোনকালে ঘূৰাই পঠিয়ালে। অক্ষৰ পেটেলে যোগ্য সংগ দি ছল্টৰ উইকেট দখল কৰে।
আহত শিৱম ডুবেৰ ঠাইত নামে হৰ্ষিত ৰাণা। আৰু আজিৰ দিনটোতে তেওঁ টি-২০ ক্ৰিকেটত অভিষেক ঘটায়। এইবাৰ প্ৰথমবাৰৰ বাবে বিকল্প খেলুৱৈ হিচাপে অভিষেক ঘটে কোনো ক্ৰিকেটাৰৰ। অৱশ্যে খেলপথাৰত তেওঁ দেখুৱালে যে প্ৰথম দলতো তেওঁ স্থান লাভ কৰিব পাৰে। তেওঁ লিভিংষ্টন, বেথেল আৰু ক্ৰমান্বয়ে বিপদজনক হৈ পৰা জেমী অভাৰ্টনক ঘূৰাই পঠিয়ায়।
বৰুণ চক্ৰৱৰ্তীও পিছ পৰি ৰোৱা নাছিল। শুকুৰবাৰে তেওঁ আকৌ এবাৰ ইংলেণ্ডৰ বেটছমেনক বিমোৰত পেলায়। কোনো প্ৰত্যুত্তৰ দিব নোৱাৰি ব্ৰাইডন কাৰ্টিছ আৰু অৰ্ধশতক অৰ্জন কৰা হেৰী ব্ৰুক আউট হয়। শেষত ইংলেণ্ডৰ ইনিংছ ১৬৬ ৰানত সমাপ্ত হয়। ভাৰতে ১৫ ৰাণত জয়লাভ কৰাৰ লগতে টি-২০ ছিৰিজটো ৩-১ ব্যৱধানত জয়লাভ কৰে।
সংক্ষিপ্ত স্কোৰঃ
ভাৰতঃ ১৮১/৯ (হৰ্দিক ৫৩, শিৱম ৫৩)
ইংলেণ্ডঃ ১৬৬/১০ (হেৰী ব্ৰুক ৫১, বিষ্ণোই ২৮/৩, হৰ্ষিত ৩৩/৩)
ভাৰতে ১৫ ৰাণত জয়লাভ কৰে।