• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় বাজেট ২০২৫ঃ দেশৰ প্ৰতিখন জিলাতে স্থাপন হ’ব কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰ, কেন্সাৰকে ধৰি বহুকেইটা ৰোগৰ ঔষধত কৰ ৰেহাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 1:43 pm
129
VIEWS
Share on FacebookShare on Twitter

চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অধিক আসন বৃদ্ধি কৰা হ’ব। অহা বছৰৰ ভিতৰত দেশজুৰি চিকিৎসা মহাবিদ্যালয়সমূহত ১০ হাজাৰ আসন সংযোজন কৰা হ’ব। শনিবাৰে বাজেট ভাষণত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আগন্তুক পাঁচ বছৰত চিকিৎসাৰ আসন ৭৫ হাজাৰ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই। লগতে দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগীৰ চিকিৎসা কেন্দ্ৰ মুকলি কৰা হ’ব বুলিও তেওঁ কয়। বাজেট দাখিলৰ সময়ত নিৰ্মলাই কয় যে অহা তিনি বছৰত ২০০ টা ‘ডে কেয়াৰ কেন্সাৰ চেণ্টাৰ’ নিৰ্মাণ কৰা হ’ব।

দেশবাসীয়ে এইবাৰৰ কেন্দ্ৰীয় বাজেটত ঔষধৰ দাম হ্রাস হ’ব নে নহয় সেই সন্দর্ভতো তীক্ষ্ণ দৃষ্টি ৰাখিছিল৷ নিৰ্মলাৰ বাজেটে কিছু পৰিমাণে হ’লেও মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ আকাংক্ষা পূৰণৰ পথ দেখুৱাইছিল। কেন্সাৰকে ধৰি দীৰ্ঘদিনীয়া ৰোগত ব্যৱহাৰ কৰা ৩৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত কৰ ৰেহাই দিয়াৰ সিদ্ধান্ত কেন্দ্ৰই। তদুপৰি ৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ কৰ ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নিৰ্মলা সীতাৰমণে কয় যে কেন্দ্ৰই কৰ্কট ৰোগীৰ উদ্বেগক মনত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, বিগত তিনি বছৰত চিকিৎসা মহাবিদ্যালয়ৰ আসনৰ সংখ্যা ১ লাখৰো অধিক বৃদ্ধি কৰিছে কেন্দ্ৰই। অহা বছৰ আৰু ১৩০ শতাংশ বৃদ্ধি কৰি ১০ হাজাৰ আসন সংযোজন কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বিভিন্ন ক্ষেত্ৰত ঠিকাভিত্তিক শ্ৰমিককো ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনলৈ অনা হ’ব। সীতাৰমণৰ মতে ইয়াৰ দ্বাৰা দেশৰ প্ৰায় এক কোটি ঠিকাভিত্তিক শ্ৰমিক উপকৃত হ’ব।

শনিবাৰে পুৱা ১১ বজাৰ পৰা সংসদত বাজেট ভাষণ আৰম্ভ কৰে নিৰ্মলাই। সংসদলৈ যোৱাৰ আগতে ৰাতিপুৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিবলৈ গৈছিল। বাজেট দাখিল কৰাৰ সময়ত সীতাৰমণে কয় যে আমাৰ সকলোৰে লক্ষ্য উন্নয়ন। এইবাৰৰ বাজেটত মধ্যবিত্ত শ্ৰেণীৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে বুলিও উল্লেখ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd