চলি আছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গণনা। এই গণনাত বহু পিছ পৰি আছে শাসকীয় আম আদমী পাৰ্টি। তাৰ পৰিবৰ্তে আগবাঢ়ি আছে বিজেপি। এই পৰ্যন্ত যি গণনা হৈছে তাৰ পৰা অনুমান কৰিব পাৰি যে বিজেপিয়ে দিল্লীত চৰকাৰ গঠনৰ পথত আগবাঢ়িছে।
উল্লেখ্য যে দিল্লীত ক্ষমতা দখল কৰিবলৈ কোনো দলক ৩৬খন আসনৰ প্ৰয়োজন।
শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে দিল্লী বিধানসভাৰ ৭০খন আসনৰ ভোটগণনা। এই প্ৰতিবেদন লিখাৰ সময়লৈকে গণনা অনুসৰি ৪৬খন আসনত বিজেপি আৰু ২৬খন আসনত আপ আগবাঢ়ি আছে।
আম আদমী পাৰ্টিৰ কেইবাজনো শীৰ্ষ নেতা এই গণনাত পিছ পৰি আছে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী, প্ৰাক্তন মন্ত্ৰী মনীষ চিছ’দিয়া আদি।
নতুন দিল্লী বিধানসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী পৰ্বেশ ভাৰ্মাৰ পিছত আছে অৰবিন্দ কেজৰিৱাল। বৰ্তমান তেওঁ ৭৪টা ভোটত পিছ পৰি আছে।
আনহাতে, জাংপুৰাৰ আসনত পিছ পৰি আছে দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়া। কলকাজী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰমেশ বিদুৰীৰ লগত পিছ পৰি আছে বৰ্তমানৰ দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী। ওখলা সমষ্টিত পিছ পৰি আছে দুবাৰৰ আপৰ বিধায়ক অমনাতুল্লাহ খান।
উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টিত যোগদান কৰা আবোধ ওঝা প্ৰতাপগঞ্জৰ আসনত পিছ পৰি আছে। মালভিয়া নগৰ সমষ্টিত পিছ পৰি আছে আপৰ সোমনাথ ভাৰতী।
আনহাতে, বৃহত্তৰ কৈলাশ সমষ্টিত আগবাঢ়ি আছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজ। বাবৰপুৰ সমষ্টিত আগবাঢ়ি আছে আপৰ গোপাল ৰায়। ৰাজিন্দৰ নগৰ সমষ্টিত আগবাঢ়ি আছে আপৰ দুৰ্গেশ পাঠক।
কাৰৱাল নগৰ সমষ্টিত বিজেপিৰ কপিল মিশ্ৰই ৩১০৯টা ভোটত আগবাঢ়ি আছে।
তৃণগৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ তিলক ৰাম। তেওঁ ৩৩৭৩টা ভোটত আগবাঢ়ি আছে।