মাত্ৰ দুমাহ ঘৰত বহিল! শক্তিকান্ত দাসে অৱসৰ লৈছিল মাত্ৰ এইকেইদিনহে। ডিচেম্বৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে তেওঁৰ কাৰ্যকাল শেষ হয় আৰু ফেব্ৰুৱাৰী মাহত তেওঁ পুনৰ নতুন পদলৈ উভতি আহিল। এইবাৰ তেওঁ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যালয়ত নিযুক্তি পালে। দেশৰ প্ৰাক্তন কেন্দ্ৰীয় আমোলাগৰাকীক প্ৰধান সচিব-২ (প্ৰিঞ্চিপাল ছেক্ৰেটাৰী-২)হিচাপে নিযুক্তি দিয়া হৈছে।
শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ আনুষ্ঠানিক অধিসূচনাযোগে এই সিদ্ধান্ত ঘোষণা কৰা হয়। অৰ্থাৎ এতিয়াৰে পৰা শক্তিকান্ত দাসে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব-১ পি কে মিশ্ৰৰ সৈতে কাম কৰিব। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে প্ৰধানমন্ত্ৰী আৰু প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে।
২০১৮ চনৰ ১২ ডিচেম্বৰত শক্তিকান্ত দাসে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৫ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তাৰ পিছত তেওঁ একেৰাহে ছবছৰ ধৰি দেশৰ কেন্দ্ৰীয় বেংকটোৰ দায়িত্ব পালন কৰিছিল। ২০২১ চনত তেওঁৰ কাৰ্যকাল আৰু তিনি বছৰৰ বাবে বৃদ্ধি কৰা হয়। অৰ্থনৈতিক খণ্ডৰ বিভিন্ন সংকটৰ সৈতে মোকাবিলা কৰাত, বিশেষকৈ ক’ৰ’না মহামাৰীৰ অৰ্থনৈতিক প্ৰভাৱৰ সৈতে মোকাবিলা কৰাত তেওঁৰ ভূমিকা উল্লেখযোগ্য আছিল।
কিন্তু আৰ বি আইৰ গৱৰ্ণৰ হোৱাৰ আগতে তেওঁ আছিল কেন্দ্ৰীয় অৰ্থনৈতিক নীতিৰ অন্যতম স্থপতি। ১৯৮০ চনৰ বেটচৰ আই এ এছ বিষয়া শক্তিকান্ত দাসে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ বহু গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল। এসময়ত তেওঁ ৰাজহ সচিব আছিল, আৰু পিছলৈ বিত্তীয় পৰিক্ৰমা সচিব হৈছিল। পঞ্চদশ বিত্ত আয়োগৰ সদস্য হিচাপেও তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৱসৰৰ পিছত তেওঁক পোনপটীয়াকৈ দেশৰ কেন্দ্ৰীয় বেংকৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।
শক্তিকান্ত দাসৰ শৈক্ষিক কেৰিয়াৰো উজ্জ্বল। দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। চাৰি দশকৰ প্ৰশাসনিক আৰু নীতি নিৰ্ধাৰণৰ অভিজ্ঞতাই তেওঁক দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ অন্যতম চালক হিচাপে গঢ়ি তুলিছিল। এইবাৰ সেই অভিজ্ঞতাৰ প্ৰয়োগ হ’ব পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত।
অৰ্থনীতিৰ পৰা প্ৰশাসনলৈকে – দুয়োটা ক্ষেত্ৰতে তেওঁৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। তেওঁক মোডীৰ ঘনিষ্ঠ প্ৰশাসনিক মহলত লৈ যোৱাৰ অৰ্থ হ’ল অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো তেওঁৰ ভূমিকা অধিক শক্তিশালী হ’ব। বিশেষকৈ অৰ্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, বিনিয়োগ আদি বিষয়ত চৰকাৰৰ চলি থকা নীতি পৰ্যালোচনাত শক্তিকান্ত দাসৰ দৰে অভিজ্ঞ আমোলাৰ উপস্থিতি বিশেষজ্ঞসকলৰ মতে তাৎপৰ্যপূৰ্ণ হ’বলৈ গৈ আছে।