পাঁচদিনৰ মূৰত উদ্ধাৰ হৈছে বন্ধুৰ বিয়া খাবলৈ গৈ নিৰুদ্দেশ এজন যুৱকৰ মৃতদেহ।
উৱলি যোৱা উলংগ মৃতদেহ উদ্ধাৰৰ পিছতেই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এই গোচৰৰ সৈতে জড়িত দুজন ব্যক্তিক আটক কৰিছে।
খবৰ অনুসৰি বদৰপুৰৰ আলেখৰগুলৰ বাসিন্দা চেলিম উদ্দিনে ১৮ ফেব্ৰুৱাৰীত বন্ধুৰ খাবলৈ গৈ ঘৰলৈ উভতি অহা নাছিল।
যাৰ বাবে পৰিয়ালে বদৰপুৰ থানাত নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে।
পঞ্চম দিনা বদৰপুৰ বগৰগুল অঞ্চলৰ এটা পাহাৰৰ সমীপত এটা মৃতদেহ সন্দৰ্ভত খবৰ লাভ কৰে আৰক্ষীয়ে। সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে চেলিম উদ্দিনৰ পচি যোৱা মৃতদেহ উদ্ধাৰ কৰে।
প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জাকিৰ হুছেইন আৰু আছাদ উদ্দিন নামৰ দুজন ব্যক্তিক আটক কৰে।
ঘটনাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।