ঔদ্যোগিক প্ৰতিস্থান, স্কুল-কলেজ, হোষ্টেল আদি নিৰ্মাণ প্ৰকল্পসমূৰ ১৫০,০০০ বৰ্গমিটাৰ(প্ৰায় ১৬ লাখ বৰ্গফুট) পৰ্যন্ত নিৰ্মিত এলেকাৰ বাধ্যতা মূলক পাৰিৱেশিক অনুজ্ঞাৰ(evnvironmntal clearence) ক্ষেত্ৰত ৰেহাই প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনাক সাময়িকভাৱে স্থগিতাদেশ আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে।
ন্যায়াধীশ অভয় এছ অ’কৰ নেতৃত্বত গঠিত বিচাৰপীঠে সোমবাৰে মুম্বাইস্থিত বনশক্তি নামৰ বেচৰকাৰী সংস্থাই দাখিল কৰা জনস্বাৰ্থ জড়িত গোচৰৰ প্ৰতিক্ৰিয়া স্বৰূপে এই স্থগিতাদেশৰ নিৰ্দেশ জাৰি কৰে।
বনশক্তি নামৰ সংস্থাটোৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক ২৯ জানুৱাৰীত জাৰি কৰা দুৰ্বল তথা আসোৱাহপূৰ্ণ নিৰ্মান প্ৰকল্পৰ নীতি নিৰ্দেশনাক প্ৰত্যাহবান জনাই এই গোচৰ তৰিছে।
উল্লেখ্য যে এই অধিসূচনাৰ পূৰ্বে পৰিৱেশ প্ৰভাৱ মূল্যায়ন (ইআইএ) ২০০৬ত ২০,০০০ বৰ্গমিটাৰতকৈ অধিক নিৰ্মাণৰ বাবে পাৰিৱেশিক অনুজ্ঞা বাধ্যতামূলক আছিল। যিটো ২৯ জানৱাৰীত প্ৰকাশিত অধিসূচনাত ১৫০,০০০ বৰ্গমিটাৰ নিৰ্মান প্ৰকল্পত কেন্দ্ৰই পাৰিৱেশিক অনুজ্ঞা ৰেহাই প্ৰদান কৰিছিল।
বনশক্তিৰ হৈ জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰানাৰায়ণ আৰু অধিবক্তা বংশদীপ ডালমিয়াই কয় যে ২০১৪, ২০১৬, আৰু ২০১৮ চনত একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰই নিৰ্মাণ প্ৰকল্পত ৰেহাই প্ৰদানৰ চতুৰ্থ প্ৰচেষ্টা বুলি যুক্তি আগবঢ়ায়। অৱশ্যে ২০১৪,১৬ আৰু ১৮ৰ পদক্ষেপ বনশক্তিয়ে সফলতাৰে প্ৰতিৰোধ কৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই অধিসূচনাৰ দেশজোৰা প্ৰভাৱ স্বীকাৰ কৰি ইয়াৰ কাৰ্য্যকলাপ স্থগিতৰাখিবলৈ জাননী জাৰি কৰে।
২৯ জানুৱাৰীৰ অধিসূচনাই ২০০৬ চনৰ ইআইএৰ পৰিৱৰ্তন ঘটাই যদিহে ঔদ্যোগিক প্ৰতিস্থান স্কুল, কলেজ বা হোষ্টেল হয় তেন্তে ১৫০,০০০ বৰ্গমিটাৰ পৰ্যন্ত প্ৰকল্পসমূহ ৰেহাই দিয়া হৈছিল আৰু ইআইএৰ অধীনত সাধাৰণ চৰ্ত এই প্ৰকল্পসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি ঘোষণা কৰিছিল। এই চৰ্তসমূহৰ পৰা ৰেহাই দিলে পৰিৱেশ সংবেদনশীল অঞ্চল, সংৰক্ষিত অঞ্চল, জটিলভাৱে প্ৰদূষিত হোৱাৰ লগতে আন্তঃৰাজ্যিক সীমাৰ ওচৰৰ প্ৰকল্পসমূহত প্ৰকল্প মূল্যায়নতো নেতিবাচক প্ৰভাৱ পৰিব বুলি দাবী উত্থাপন কৰিছে বনশক্তি নামৰ সংস্থাটোৱে। ইয়াৰোপৰি এই অধিসূচানাউ ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা নাতিকো অৱমাননা কৰিছে বুলি যুক্তি আগবঢ়ায়।