NORTHEAST NOW (Assamese)
Popular Stories

শশী থাৰুৰক নাম নোলোৱাকৈ তীব্ৰ কটাক্ষ কংগ্ৰেছ হাইকমাণ্ডৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2025 1:31 pm

শশী থাৰুৰক লৈ বিতৰ্কৰ মাজতে হাইকমাণ্ডে কেৰেলা কংগ্ৰেছক কাৰো নাম নোলোৱাকৈ দলীয় অনুশাসন বজাই ৰাখিবলৈ নিৰ্দেশ দিছে। কোনো নেতাৰ আগত কোনো ব্যক্তিগত মতামত ৰাজহুৱাভাৱে প্ৰকাশ কৰিব নালাগে বুলি স্পষ্ট কৰি দিয়া হৈছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ কৌশল প্ৰণয়ন কৰিবলৈ শশী থাৰুৰকো এই বৈঠকলৈ মাতি অনা হৈছিল। এই বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কেৰালাৰ ৱায়ানাদৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি কে সুধাকৰন, কেৰেলাৰ ভাৰপ্ৰাপ্ত বিষয়া কে চি ভেনুগোপাল আৰু বিধান পৰিষদৰ নেতা ভি ডি সথিছন উপস্থিত থাকে।

শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা বৈঠকত হাইকমাণ্ডে দলৰ নেতাসকলক কয় যে অনুশাসন বজাই ৰখাটোৱেই হব মূল কাম। সেই বৈঠকত কেৰালা কংগ্ৰেছৰ কেইবাজনো নেতাই অভিযোগ কৰিছিল যে প্ৰদেশখনৰ একাংশ নেতাই মুকলিকৈ দল বিৰোধী কথা কৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শশী থাৰুৰৰ নাম উল্লেখ নকৰিলেও হাইকমাণ্ডে নিৰ্দেশ দিছে যে সকলোৱে অনুশাসন মানি চলিব লাগিব। দল বিৰোধী ব্যক্তিগত মতামত প্ৰকাশ কৰাটো সংবাদ মাধ্যমৰ সন্মুখত সহ্য কৰা নহব।

ৰাজ্যৰ একাংশ কংগ্ৰেছ নেতাই শশী থাৰুৰৰ একক মন্তব্যৰ বিৰুদ্ধে স্পষ্ট ইংগিত দি কয় যে এনে দায়িত্বহীন কথা-বতৰাই দলৰ প্ৰতি থকা ভাবমূৰ্তি কলংকিত কৰিছে। কেৱল সেয়াই নহয়, তেওঁলোকৰ মন্তব্যই ৰাজ্যত চিপিএম নেতৃত্বাধীন বাওঁপন্থী চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাত অসুবিধাৰ সৃষ্টি কৰিছে দলটোৱে। দলটোৰ শীৰ্ষ নেতৃত্বই স্পষ্ট কৰি দিলে যে কোনেও ৰাজহুৱাভাৱে নিজৰ অনুভৱ প্ৰকাশ কৰিব নালাগে। বিশেষ সংবাদ মাধ্যমৰ সন্মুখত ব্যক্তিগত মতামত প্ৰকাশ নকৰিব।

উল্লেখ্য যে, তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰে মালয়ালম পডকাষ্টত দিয়া এক সাক্ষাৎকাৰত দলটোৱে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত নতুন ভোটাৰক আকৰ্ষণ কৰাটো প্ৰয়োজন বুলি কোৱাৰ পিছতে শীৰ্ষ নেতৃত্বৰ পৰা এনে সতৰ্কবাণীৰ প্ৰয়োজনীয়তা আহি পৰিছে। কেৱল কংগ্ৰেছ ষ্টাইলৰ ভোট চাই বিধান সভা জয় কৰিব নোৱাৰিব। তদুপৰি থাৰুৱে তেওঁৰ এটা লেখা আৰু ভাষণত চিপিএমৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন চৰকাৰক অতিশয় প্ৰশংসা কৰিছে। যাৰ বাবে ৰাজ্য কংগ্ৰেছ শশী থাৰুৰৰ ওপৰত অত্যন্ত ক্ষুব্ধ আৰু বিৰক্ত হৈছে।

এনে পৰিস্থিতিত শশী থাৰুৰেও দল এৰি যোৱাৰ ইংগিত দি বক্তব্য প্ৰদান কৰি বিতৰ্কৰ জুইত ইন্ধন যোগ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা নেতা পদ্মজা ভেনুগোপালে থাৰুৰক পদ্ম শিবিৰত যোগদান কৰিবলৈ আদৰণি জনায়। ৰাজ্যখনৰ চাৰিবাৰৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কে কৰুণাকৰনৰ কন্যা পদ্মজাই কয় যে থাৰুৰক ফোন কৰি লাভ নাই। তেওঁ নিজেই জানে দলত তেওঁৰ লগত কেনে ব্যৱহাৰ কৰা হৈছে। তেওঁ নিজেও এবাৰ কৈছিল যে তেওঁক কেতিয়াও কোনো সভালৈ মাতি অনা হোৱা নাছিল, আনকি তেওঁক সভাৰ বিষয়েও জনোৱা হোৱা নাছিল। মন কৰিবলগীয়া যে প্ৰয়াত কংগ্ৰেছ কেন্দ্ৰীয় মন্ত্ৰী এ কে এণ্টনীৰ মৃত্যুৰ পাছত পদ্মজাই পদৰ পৰা বঞ্চিত হৈ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে যেতিয়া দলটোৱে তেওঁৰ পুত্ৰ অনিল এণ্টনীক টিকট দিয়ে।