আৰক্ষীৰ জালত অসমত ভুৱা পেন কাৰ্ড প্ৰস্তুত কৰা এক চক্ৰ। দক্ষিণ ছালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ঠাকুৰনবাৰীত ভুৱা পান কাৰ্ড তৈয়াৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত বিতৰণৰ কৰিছিল এই চক্ৰটোৱে।
এ এছ পিৰ মুখ্য কাৰ্যালয়, অ’ চি মানকাচৰ পি এছ, আৰু এছ আই (পি) নেতৃত্বত এটা দলে আব্দুল বাটেনৰ পুত্ৰ জমিৰ হুছেইনৰ ঘৰত অভিযান চলাই চক্ৰটোৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ প্ৰমাণ জব্দ কৰে।
অভিযানৰ সময়ত আৰক্ষীয়ে ছীল কৰা খামত ২০খন ভুৱা পেন কাৰ্ড, ভুৱা ভোটাৰ আইডি কাৰ্ড আৰু প্ৰায় ২৫০খন পেন আবেদন প্ৰ-পত্ৰৰ লগতে জৰ্ডানগাৰ জে কে আৰবী কলেজৰ ভাৰপ্ৰাপ্ত অধীক্ষক আৰু সম্পাদকৰ ভুৱা ছীল মৰা পৰিশিষ্ট-এৰ প্ৰমাণ পত্ৰও উদ্ধাৰ কৰে।
ইয়াৰ লগতে জালিয়াতিৰ বাবে ব্যৱহৃত ভুৱা চৰকাৰী ছীল আৰু ষ্টাম্প পেড, লেপটপ, প্ৰিণ্টাৰ, ফটো প্ৰিন্ট কাগজ আৰু আবেদনকাৰীৰ সবিশেষ আৰু স্বাক্ষৰ থকা এখন পঞ্জীয়ন বহী আৰু চেন্নাইৰ গোবিন যাদৱৰ ঠিকনা লিখা এখন খামৰ লগতে এখন ভুৱা পেন কাৰ্ড উদ্ধাৰ হয়।
সূত্ৰ অনুসৰি ধৃত জমিৰ হোছেইনে ঠাকুৰনবাৰীস্থিত অয়ন মোবাইল শ্বপৰ স্বত্বাধিকাৰী সাজিদুল ইছলামৰ সহযোগত সমগ্ৰ দেশতে ভুৱা পেন কাৰ্ড তৈয়াৰ কৰি বিতৰণ কৰাৰ কথা স্বীকাৰ কৰিছে। সম্প্ৰতি সাজিদুল ইছলাম পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। পলাতক সাজিদুল ইছলাম সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এই সন্দৰ্ভত এফআইআৰ ৰুজু কৰি অধিক সোধা-পোছাৰ বাবে অভিযুক্তক জিম্মাত লোৱা হৈছে। বিষয়াসকলে ৰেকেটৰ আঁৰত বৃহৎ নেটৱৰ্ক থকাৰ সন্দেহত তদন্ত অব্যাহত ৰাখিছে।
আইন প্ৰয়োগকাৰী বিষয়াসকলে জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে নথি-পত্ৰ জালিয়াতিৰ সৈতে জড়িত যিকোনো সন্দেহজনক কাৰ্যকলাপৰ খবৰ দিবলৈও আহ্বান জনাইছে।