যোৱা শুকুৰবাৰে হোৱাইট হাউছৰ ৱেষ্ট উইঙত প্লেটত খাদ্যৰ ব্যৱস্থা কৰাত ব্যস্ত আছিল চেফসকল। সেই সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে অ’ভেল অফিচত বৈঠক কৰি আছিল।
বৈঠক শেষ হোৱাৰ পিছতে ৰাষ্ট্ৰৰ অতিথিসকলক খাদ্য যোগান ধৰা হ’ব। চেফসকলে আয়োজন প্ৰায় শেষ কৰি থৈছে। অতিথিসকলৰ বাবে সাজু ৰোজমেৰী চিকেন, চেলেৰি ৰুট পিউৰি আৰু কলাৰ্ড গ্ৰীণ।
হঠাৎ অভাল অফিচৰ পৰিবেশ সলনি হৈ গ’ল। সভাত বহি থকা নেতাসকলৰ উত্তপ্ত স্বৰবোৰ বাহিৰত শুনা গ’ল।
ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক মৌখিকভাৱে আক্ৰমণ কৰিছিল। জেলেনস্কিয়েও সমস্বৰে কথা কৈছিল, প্ৰত্যুত্তৰ দি আছিল।
সেই সময়টো ইউক্ৰেইনৰ সমৰ্থকসকলৰ বাবে আছিল অতি বিপৰ্যয়জনক। দুই জেদী নেতাই মাত্ৰ ১০ মিনিটতে সকলো আয়োজন পানী কৰি পেলালে।
প্লেটত সজাই থোৱা ৰোজমেৰী চিকেন, চেলেৰি ৰুট পিউৰি, কলাৰ্ড গ্ৰীণবোৰ তেনেকৈয়ে পৰি ৰ’ল।
ট্ৰাম্প আৰু ভেন্সৰ সৈতে হোৱা বাক-বিতণ্ডাৰ পিছত জেলেনস্কিয়ে হোৱাইট হাউছৰ চৌহদত বেছি সময় নাথাকিল। তেওঁ নিজৰ দলবল লৈ ওলাই গ’ল। কিছুমানে দাবী কৰিছে যে জেলেনস্কিক একপ্ৰকাৰ উলিয়াই দিয়া হৈছিল। সেইদিনা হোৱাইট হাউছত মুঠ ১৩৯ মিনিট সময় কটায় জেলেনস্কিয়ে।
শুকুৰবাৰে ইউক্ৰেইনৰ বিৰল খনিজ সম্পদ সন্দৰ্ভত আমেৰিকাৰ সৈতে চুক্তি চূড়ান্ত কৰিবলৈ জেলেনস্কিয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। সেই অনুসৰি হোৱাইট হাউছলৈ যায়। দুয়োগৰাকী নেতাৰ মাজত চূড়ান্ত আলোচনাৰ অন্তত এই চুক্তি স্বাক্ষৰিত হ’ব বুলি আশাও কৰা হৈছিল।
কিন্তু অভাল অফিচত উত্তপ্ত বাক-বিতণ্ডাৰ পিছত সকলো নেচেল হৈ পৰিল আৰু সেইদিনাই জেলেনস্কিয়ে আমেৰিকা এৰি ব্ৰিটেইনলৈ ৰাওনা হয়।
সেইদিনা হোৱাইট হাউছৰ অভালৰ বৈঠকত মুখামুখি হৈছিল দুই ৰাষ্ট্ৰ প্ৰধান। এখন বিশ্বৰ আটাইতকৈ ক্ষমতাশালী দেশ, আনখন অস্তিত্বৰ সংকটত ককবকাই থকা ক্ষুদ্ৰ দেশ। কিন্তু সেই সৰু দেশখনৰ ৰাষ্ট্ৰ প্ৰধানগৰাকীয়ে ক্ষমতাশালী দেশৰ ৰাষ্ট্ৰ প্ৰধানগৰাকীৰ আগত মূৰ দোৱাবলৈ সন্মত নহ’ল।
ঠিক যেন ইতিহাসৰ সেই আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত ঘটা সাক্ষাতৰ দৰে। প্ৰকৃততেই ‘ৰজাৰ দৰে’ ব্যৱহাৰ বিচাৰি জেলেনস্কিয়ে মূৰ দোৱাবলৈ সন্মত নহ’ল! এতিয়া ক্ষমতাশালী সম্ৰাটে সেই সন্মান দিবলৈ প্ৰস্তুত হ’বনে?