• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সাংবাদিকতাই ৰাজহুৱা উদ্দেশ্য সাধন নকৰে! চৰকাৰক এই দাবী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান সংবাদ গোষ্ঠীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 7:52 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত স্বতন্ত্ৰ সাংবাদিকতাক প্ৰসাৰিত কৰাৰ প্ৰয়াসত ডিজিটেল সংবাদ প্ৰতিষ্ঠান ডিজিআইপিইউবিৰ এটা কনচৰ্টিয়ামে দিল্লীস্থিত তদন্তকাৰী সাংবাদিকতা সংস্থা দ্য ৰিপ’ৰ্টাৰ্ছ কালেকটিভৰ অলাভজনক মৰ্যাদা বাতিল কৰা, চৰকাৰৰ সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে।

 সাংবাদিকতাই কোনো ৰাজহুৱা উদ্দেশ্য পূৰণ নকৰে বুলি দাবী কৰাৰ পিছত আয়কৰ বিভাগে এই সামূহিক অলাভজনক মৰ্যাদা বাতিল কৰাৰ পদক্ষেপে সংবাদ মাধ্যমৰ পেছাদাৰী আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ পোষকতা কৰা সকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।

Apply Now

২০২১ চনৰ পৰা ৰাজহুৱা পুঁজিৰে চলি থকা অলাভজনক ট্ৰাষ্ট দ্য ৰিপ’ৰ্টাৰ্ছ কালেকটিভক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব। এই সিদ্ধান্তৰ পাছত সংস্থাটোৱে কৰ পৰিশোধৰ পৰা ৰেহাই নাপাব।

আয়কৰ বিভাগে এই সিদ্ধান্তৰ ন্যায্যতা প্ৰদান কৰি কয় যে তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল সাংবাদিকতাৰ প্ৰচাৰ আৰু পৰিচালনা। কিন্তু তেওঁলোকৰ কাৰ্যকলাপে জনসাধাৰণৰ বাবে কেনেকৈ ব্যাপকভাৱে উপকাৰ সাধন কৰিছে সেইটো প্ৰদৰ্শন কৰা নাই বুলি যুক্তি দৰ্শাইছে।

এটা সুকীয়া গোচৰত বিভাগটোৱে ডিচেম্বৰ মাহত বেংগালুৰুস্থিত কানাড়া ভাষাৰ সংবাদ প্ৰতিষ্ঠান দ্য ফাইলৰ অলাভজনক মৰ্যাদাও বাতিল কৰিছিল। কৰিছিল যে সংবাদ প্ৰতিষ্ঠানটোৱে বাণিজ্যিক কাৰ্য্যকলাপ চলাই আছে। সংবাদ প্ৰতিষ্ঠানটোৱে চৰকাৰৰ এই অভিযোগ তীব্ৰভাৱে অস্বীকাৰ কৰি কৈছিল যে বিজ্ঞাপনমুক্ত স্থান হিচাপে কাম কৰে।

দ্য ৰিপ’ৰ্টাৰ্ছ কালেকটিভ আৰু দ্য ফাইল দুয়োটাই চৰকাৰক সমালোচনামূলক তথ্য ভিত্তিক প্ৰতিবেদন প্ৰস্তুত কৰা বাবে তেওঁলোকৰ অলাভজনক মৰ্যাদা বাতিল কৰাটো স্পষ্ট হৈ পৰিছে। চৰকাৰৰ এনে কাৰ্য স্বতন্ত্ৰ সংবাদ মাধ্যমৰ প্ৰতি শত্ৰুতামূলক আচৰণ হিচাপে পৰিগণিত হৈছে।

চৰকাৰী বা বাণিজ্যিক বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ইতিমধ্যে নিজকে টিকিয়াই ৰাখিবলৈ সংগ্ৰাম কৰি থকা অন্যান্য স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত চৰকাৰৰ এই স্থিতিৰ গুৰুতৰ আৰ্থিক প্ৰভাৱ পৰিব পাৰে বুলি ডিজিপাবে উদ্বেগ প্ৰকাশ কৰে। সংস্থাটোৱে সকীয়াই দিছে যে এনে কাৰ্য্যই চৰকাৰসমূহক জবাবদিহি কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ স্বতন্ত্ৰ সাংবাদিকতাক আৰ্থিকভাৱে পংগু কৰি তুলিব ।

ডিজিআইপিইউবিয়ে নিজৰ বিবৃতিত চৰকাৰক নিজৰ স্থিতি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই কয় যে সাংবাদিকতাই জনসাধাৰণৰ সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াক অৰাজহুৱা উদ্দেশ্যৰ কাম হিচাপে দেখা উচিত নহয়। বিশেষকৈ বিশ্ব সংবাদ স্বাধীনতা সূচকাংকত ভাৰতৰ ৰেংকিং হ্ৰাস পোৱৰ সময়্ছোৱাতে এই কাৰ্য্যই দেশৰ গণতান্ত্ৰিক ভেটিক ক্ষতিগ্ৰস্ত কৰিব বুলি মত প্ৰকাশ কৰে।

ডিজিপাবে বিবৃতিত কয় যে এই সিদ্ধান্ত গভীৰভাৱে উদ্বেগজনক আৰু গণতান্ত্ৰৰ মৌলিক নীতিৰ বিপৰীত। যদি ভাৰতে গণতন্ত্ৰ হিচাপে নিজৰ মৰ্যাদা বজাই ৰাখিব বিচাৰে তেন্তে সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰিব লাগিব।

আৰ্থিক হেঁচা আৰু ক্ৰমবৰ্ধমান আইনী প্ৰত্যাহ্বানৰ মাজত ইতিমধ্যে বহু স্বতন্ত্ৰ সংবাদ মাধ্যমে জীয়াই থকাৰ বাবে সংগ্ৰাম কৰি থকা সময়তে চৰকাৰৰ এই পদক্ষেপে  গণতান্ত্ৰিক ব্যৱস্থাত মুখ্যম অঘাত হানিছে।

এনে পৰিস্থিতিত দ্য ৰিপ’ৰ্টাৰ্ছ কালেকটিভ আৰু দ্য ফাইল দুয়োটা সংবাদ প্ৰতিষ্ঠানে নিজৰ অলাভজনক মৰ্যাদা বাতিলৰ প্ৰত্যাহ্বান জনাই আইনী আশ্ৰয় বিচাৰিছে। তেওঁলোকে সন্মুখীন হোৱা বাধাৰ মাজতো সাংবাদিকতাৰ প্ৰতি নিজৰ দায়বদ্ধতাত অটল হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd