ফ্ল’ৰিডাৰ এজন লোকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে ৫ লাখ ডলাৰতকৈ অধিক মূল্যৰ চুৰি কাণফুলি গিলি পেলায়। ৩২ বছৰীয়া জেথান গিল্ডাৰ নামৰ এজন লোকে টিফনী ষ্ট’ৰত সোমাই কৰ্মচাৰীসকলক তেওঁ এজন পেছাদাৰী খেলুৱৈ বুলি পৰিচয় দি দামী গহনা দেখুৱাব লৈ কয়। তাৰ পিছতে তাই দুযোৰ কাণফুলি চুৰি কৰি দোকানৰ পৰা পলায়ন কৰে।
আৰক্ষীৰ হাতত ধৰা পৰা পূৰ্বে চুৰি হোৱা কাণফুলি গিলি পেলায়। গহনাখিনিৰ মূল্য আছিল ৭ লাখ ৬৯ হাজাৰ ৫০০ ডলাৰ, আৰু পলায়ন কৰাৰ সময়ত এটা হীৰা আঙঠি পৰি যোৱা বুলিও আৰক্ষীয়ে সদৰী কৰিছে।
আৰক্ষীয়ে এক্স-ৰে জৰিয়তে তেওঁৰ পেটত গহনাখিনি থকাটো নিশ্চিত কৰে। অৱশ্যে গহনাখিনি উদ্ধাৰ কৰিলে নে নাই সেই সন্দৰ্ভত একো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে।
উল্লেখ্য যে ২০২২ চনত টেক্সাছৰ টিফনীৰ ষ্টৰৰ পৰাও গিল্ডাৰে চুৰি কৰিছিল, আৰু ক’লৰাড’ত ৪৮টাকৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।