• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ৰক্তাক্ত ছিৰিয়া! ১০০০ লোকৰ মৃত্যু, বিৱস্ত্ৰ কৰি ঘুৰোৱা হ’ল দুগৰাকী মহিলাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 1:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ৰক্তাক্ত হৈ পৰিছে ছিৰিয়া। নিৰাপত্তা বাহিনী আৰু উৎখাত হোৱা ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ সমৰ্থকৰ মাজত সংঘটিত সংঘৰ্ষত উত্তপ্ত হৈ পৰিছে দেশখন। প্ৰায় এক হাজাৰ নাগৰিকৰ মৃত্যু হৈছে। দুগৰাকী মহিলাক বিৱস্ত্ৰ কৰি ৰাজপথত ঘুৰোৱাৰ অভিযোগ উত্থাপন হৈছে।

বাতৰি অনুসৰি, বৰ্তমান ছিৰিয়া চৰকাৰৰ নিৰাপত্তা বাহিনীয়ে বাছাৰ আল আছাদৰ অনুগামী হিচাপে পৰিচিত আলাউই সংখ্যালঘুৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰিছে। আছাদৰ ঘনিষ্ঠ সহযোগীসকলে ইয়াক প্ৰতিশোধমূলক হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

Apply Now

আছাদ চৰকাৰৰ পতনৰ পিছৰে পৰা ছিৰিয়াত সংঘাত অব্যাহত আছে। আছাদ সমৰ্থক আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ খবৰ প্ৰায়ে পোহৰলৈ আহিছে। অৱশ্যে ছিৰিয়াৰ প্ৰায় সকলো অঞ্চল বৰ্তমান নতুন চৰকাৰৰ নিয়ন্ত্ৰণত আছে। প্ৰশাসনে উপকূলীয় সকলো পথ বন্ধ কৰি দিছে। চৰকাৰে দাবী কৰিছে যে এই অঞ্চলসমূহত পুনৰ সন্ত্ৰাসবাদৰ উত্থান ঘটিছে।

ছিৰিয়াৰ মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি শেহতীয়া সংঘৰ্ষত ৭৪৫ জন সাধাৰণ নাগৰিক নিহত হৈছে। বেছিভাগেই বন্দুকৰ গুলীত নিহত হয়। খবৰ অনুসৰি আছাদক নিৰাপত্তাত থকা সামৰিক বাহিনীৰ ১৪৮ জন সদস্যও নিহত হৈছে। নাৰীৰ ওপৰত অকথ্য নিৰ্যাতনৰ বিভিন্ন বাতৰিও পোহৰলৈ আহিছে।

দেশখনত স্বাভাৱিক জীৱন বিঘ্নিত হৈ পৰিছে। লাটাকিয়া প্ৰদেশৰ বৃহৎ অংশ বিদ্যুত বিহীন হৈ পৰিছে। খোৱাপানীৰ নাটনিও হৈছে। স্থানীয় বাসিন্দাসকলে কয় যে ৰাস্তাৰ চুকে কোণে বন্দুকধাৰীয়ে ঘূৰি ফুৰিছে। কোনোবা আগবাঢ়ি আহিলে প্ৰথমে তেওঁলোকৰ পৰিচয় পত্ৰ পৰীক্ষা কৰা হয় আৰু দেখুৱাব নোৱাৰিলে বন্দুকেৰে গুলীয়াই হত্যা কৰা হৈছে। এইবোৰক ‘প্ৰতিশোধমূলক হত্যা’ বুলি অভিহিত কৰা হৈছে। ৰাজপথত মৃতদেহৰ দম দেখা গৈছে।

ডিচেম্বৰ মাহত আছাদ চৰকাৰৰ পতনৰ পিছত বিদ্ৰোহী সংগঠন তাহৰিৰ আল-শ্বাম (এইচটিএছ)ৰ শীৰ্ষ নেতা আবু মহম্মদ আল-জোলানীয়ে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰে। অৱশ্যে সেই চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব তেওঁ লাভ কৰা নাছিল। আন এজন বিদ্ৰোহী নেতা মহম্মদ আল বছিৰে লাভ কৰিছে।

ইপিনে, চাৰি বছৰৰ ভিতৰত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰলৈ ক্ষমতা হস্তান্তৰ কৰা হ’ব বুলিও ঘোষণা কৰা হৈছে। আল কায়দাৰ প্ৰাক্তন শীৰ্ষ বিদ্ৰোহী নেতা আহমেদ আল শ্বাৰা যোৱা জানুৱাৰী মাহত অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰেছিডেন্ট নিৰ্বাচিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm
চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

June 25, 2026 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd