NORTHEAST NOW (Assamese)
অসম

অসমত পুনৰ অইল ইণ্ডিয়া লিমিটেডৰ পাইপেৰে গেছ নিৰ্গত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2025 3:38 pm

অসমৰ তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলত অৱস্থিত নগাজান-তামুলিখাট গাঁৱৰ সমীপত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ ৰিগত  ৯ মাৰ্চ দেওবাৰে গেছ নিৰ্গত হোৱা ঘটনাই আতংকিত কৰি তুলিছে।

সৌভাগ্যক্ৰমে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই যদিও বিপজ্জনকভাৱে গেছ নিৰ্গত হোৱাৰ ফলত মানুহৰ মাজত আতংকৰ সৃষ্টি হয়। অইল ইণ্ডিয়া লিমিটেডৰ গাফিলতিৰ বাবেই এই কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ কৰি বহুতে উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় লোকে। এই দুৰ্ঘটনাৰ পৰা গাঁৱৰ একাংশ লোক কথমপি ৰক্ষা পৰে।

 উল্লেখ্য যে ঘটনাৰ বহু সময়ৰ পাছত হে অইল ইণ্ডিয়াৰ সংমণ্ডল কৰ্তৃপক্ষই এই স্থানত উপস্থিত হয়। কঠোৰ প্ৰচেষ্টাৰ অন্তত তেওঁলোকে সম্ভাৱ্য দুৰ্যোগ ৰোধ কৰিবলৈ সক্ষম হয়।