• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰত বাতিল ললিত মোদীৰ পাছপ’ৰ্ট! গভীৰ সংকটত আইপিএলৰ পিতৃ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 3:05 pm
227
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্র ভানুআটু-এ বাতিল কৰিলে আইপিএলৰ পিতৃ ললিত মোদীৰ পাছপ’ৰ্ট। প্ৰধানমন্ত্ৰী জোথাম নাপাটে ললিতৰ পাছপ’ৰ্ট বাতিলৰ নিৰ্দেশ দিছে। কিছুদিন পূৰ্বে ললিতে ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছিল। ইয়াৰ পাছত তেওঁ ভাৰতীয় পাছপ’ৰ্ট ঘূৰাই দিবলৈ লণ্ডনত থকা ভাৰতীয় দূতাবাসত আবেদন জনায়। ইফালে ভানুআটুৱে তেওঁৰ পাছপ’ৰ্ট বাতিল কৰে।

ভানুআটুৰ প্ৰধানমন্ত্ৰীয়ে কয় যে যদি কোনোবাই প্ৰত্যাৰ্পণৰ পৰা হাত সাৰিবলৈ আন দেশৰ পৰা নাগৰিকত্ব বিচাৰে তেন্তে ইয়াক বৈধ কাৰণ বুলি গণ্য কৰা নহ’ব।

আইপিএলৰ শীৰ্ষত থকাৰ সময়তে ললিতৰ বিৰুদ্ধে বিপুল আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বহু পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল। ২০১০ চনত ললিতে ভাৰত এৰি থৈ যায়। তেতিয়াৰ পৰাই তেওঁ লণ্ডনত আছে। বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে ললিতক ঘূৰাই পঠিয়াব পৰা নগ’ল। পশ্চিম বংগৰ কয়লা সৰবৰাহৰ গোচৰৰ অন্যতম অভিযুক্ত যুৱ তৃণমূলৰ প্ৰাক্তন নেতা বিনয় মিশ্ৰও পলাতক হৈ আছে। ভানুআটুৰ নাগৰিকত্ব লৈছে। শেহতীয়াকৈ ললিতেও পাইছে। সূত্ৰ অনুসৰি ভানুআটুত তেওঁৰ পাছপ’ৰ্ট বাতিলৰ আঁৰত নিউজিলেণ্ডকে ধৰি কেইবাখনো দ্বীপ ৰাষ্ট্ৰই আছে। নিউজিলেণ্ডত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নীতা ভূষনে ললিতৰ পাছপ’ৰ্ট বাতিল কৰাৰ উদ্যোগ লৈছিল।

যোৱা ৭ মাৰ্চত ললিতে ললিতে নিজৰ ভাৰতীয় পাছপ’ৰ্ট ঘূৰাই দিবলৈ লণ্ডনৰ দূতাবাসলৈ অনুৰোধ জনায়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই খবৰ নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ললিত মোদীয়ে পাছপ’ৰ্ট জমা দিবলৈ অনুৰোধ জনাইছে। আবেদনখন পুনৰীক্ষণ কৰা হ’ব। তেওঁ ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছে। সেই দিশটোকো আমি চাব লাগিব। বিগত এটা দশকত প্ৰচেষ্টা চলাইছে যদিও বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ললিতৰ ওচৰলৈ যাব পৰা নাই। নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত ললিতৰ বিৰুদ্ধে তদন্ত স্থবিৰ হৈ পৰা বুলি বিৰোধী শিবিৰৰ অভিযোগ। তেওঁক প্ৰত্যাৰ্পণ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ভানুআটুৰ পাছপ’ৰ্ট বাতিল হোৱাৰ পাছত ললিতৰ ভৱিষ্যতক লৈ নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd