• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাজেট থলুৱা মানুহৰ ভূমিৰ অধিকাৰৰ পৰিপন্থী :ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 2:15 pm
111
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাত দাখিল কৰা বাজেট সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিছে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে। এক বিবৃতিযোগে, ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ অন্যতম আহ্বায়ক প্ৰণৱ দলে আৰু সুব্রত তালুকদাৰে কয় যে, বাজেটৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষকৰ মাটি বৃহৎ বনিয়ালৈ হস্তান্তৰ কৰণৰ বাবে সকলো ৰাস্তা সুচল কৰি দিলে। বাজেটত অসমৰ ঔদ্যোগিক পৰিৱেশ শক্তিশালীকৰণ, ভূমি নীতি সংস্কাৰ, কাৰ্বি আংলং- পশ্চিম কাৰ্বি আংলং- ডিমা হাচাও জিলাক নিৰ্মল শক্তি কেন্দ্রৰূপে গঢ়ি তোলাৰ যি প্রস্তাব গ্রহণ কৰিছে, এই প্রস্তাবসমূহৰ আৰৰ কথাটোৱেই হৈছে অসমৰ খাটিখোৱা মানুহৰ মাটি পানীৰ দৰত বৃহৎ বনিয়ালৈ হস্তান্তৰকৰণ। বাজেটৰ ভাষাসমূহ শুৱলা, কিন্তু ইয়াৰ আঁৰৰ পৰিকল্পনা অতি কঠুৱা। বাজেটত জাগীৰোড আৰু পলাশবাৰীত এছীয় উন্নয়ন বেংকৰ বিত্তীয় সাহায্যৰে বৃহৎ টাউনশ্বিপ প্রকল্পৰ পৰিকল্পনা কৰিছে। টাউনশ্বিপৰ মাটি কাৰ পৰা চৰকাৰে অধিগ্রহণ কৰিব আৰু কাক দিব? নিশ্চয় থলুৱা খেতিয়কৰ পৰা অধিগ্রহণ কৰিব আৰু আদানী – আম্বানীৰ দৰে বৃহৎ বেপাৰীক  সেই মাটি হস্তান্তৰ কৰা হব। এই দুটা অঞ্চলৰ বেছিভাগ মানুহৰেই মাটিৰ পট্টা নাই আৰু চৰকাৰে খাজনা লোৱাও বন্ধ কৰিছে। পৰিকল্পিতভাবে চৰকাৰে ইয়াৰেই সুযোগ এতিয়া লব বিচাৰিছে। ভূমি নীতি সংস্কাৰৰ জৰিয়তে খেতিমাটি ঔদ্যোগিক মাটিলৈ শ্ৰেণী পৰিৱৰ্তনৰ নীতি – নিয়ম চৰকাৰে শিথিল কৰিব বিচৰাটো ভয়ংকৰ কথা। যোৱা ৩ বছৰত কেৱল পলাশবাৰীত ৩৭৩ বিঘা মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। এতিয়া নিয়ম শিথিলকৰণৰ জৰিয়তে এই প্রক্রিয়া আৰু ব্যাপক হব। এনেকৈ চলি থাকিলে নিকট ভৱিষ্যতত অসমত খাদ্যশস্যৰ নাটনি হোৱা আৰু থলুৱা মানুহৰ হাতত মাটি নোহোৱা হোৱাৰ আশংকাই প্ৰবল। বাজেটত কোৱা হৈছে যে, কাৰ্বি আংলং আৰু ডিমা হাছাওক পুনৰ্নবীকৰণ শক্তিৰ উৎস হিচাপে গঢ়ি তোলা হব। ইতিমধ্যেই কাৰ্বি আংলংৰ ১৮০০০ হাজাৰ বিঘা মাটিত প্রায় ২০০০০ মানুহক উচ্ছেদ কৰি স্থাপন কৰিব খোজা বৃহৎ সৌৰ শক্তি প্রকল্পই সমগ্র ৰাজ্যত বিতৰ্কৰ সৃষ্টি কৰিছে। পুনৰ্নবীকৰণ শক্তি আমাক লাগিব, কিন্তু বৃহৎ প্রকল্পৰ জৰিয়তে নহয়। ৰাইজৰ জীৱন – জীৱিকা আৰু পৰিৱেশৰ প্রতি ভাবুকি নোহোৱা সৰু সৰু প্রকল্পৰ জৰিয়তে শক্তি কেন্দ্র গঢ়ি তোলাতহে চৰকাৰে গুৰুত্ব দিব লাগে। বিগত সময়চোৱাত আমি দেখিছো পুনৰ্নবীকৰণ শক্তি কেন্দ্রসমূহ চৰকাৰে আদানীৰ  হাতত গটাই দিছে। কাৰ্বি আংলং- ডিমা হাছাওতো যে স্থানীয় মানুহৰ মাটি বৃহৎ শক্তি প্রকল্পৰ জৰিয়তে আদানীৰ হাতলৈ নাযাব, তাৰ কি গেৰাণ্টি আছে! যৌথ সংগ্রাম সমিতিয়ে কয় যে, চৰকাৰে নিজৰ নিৰ্বাচনী প্রতিশ্রুতি অনুসৰি প্রথমতে সাধাৰণ খাটিখোৱা মানুহক মাটিৰ পট্টা প্রদান কৰা বিষয়টোতহে গুৰুত্ব প্ৰদান কৰিব লাগে। কিন্তু দেখা গৈছে যে, চৰকাৰে সম্পূৰ্ণভাবে এই বিষয়টোৰ পৰা আতৰি ফুৰিছে। এয়া যথেষ্ট দুৰ্ভাগ্যজনক।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd