• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেট থলুৱা মানুহৰ ভূমিৰ অধিকাৰৰ পৰিপন্থী :ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 2:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাত দাখিল কৰা বাজেট সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিছে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে। এক বিবৃতিযোগে, ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ অন্যতম আহ্বায়ক প্ৰণৱ দলে আৰু সুব্রত তালুকদাৰে কয় যে, বাজেটৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষকৰ মাটি বৃহৎ বনিয়ালৈ হস্তান্তৰ কৰণৰ বাবে সকলো ৰাস্তা সুচল কৰি দিলে। বাজেটত অসমৰ ঔদ্যোগিক পৰিৱেশ শক্তিশালীকৰণ, ভূমি নীতি সংস্কাৰ, কাৰ্বি আংলং- পশ্চিম কাৰ্বি আংলং- ডিমা হাচাও জিলাক নিৰ্মল শক্তি কেন্দ্রৰূপে গঢ়ি তোলাৰ যি প্রস্তাব গ্রহণ কৰিছে, এই প্রস্তাবসমূহৰ আৰৰ কথাটোৱেই হৈছে অসমৰ খাটিখোৱা মানুহৰ মাটি পানীৰ দৰত বৃহৎ বনিয়ালৈ হস্তান্তৰকৰণ। বাজেটৰ ভাষাসমূহ শুৱলা, কিন্তু ইয়াৰ আঁৰৰ পৰিকল্পনা অতি কঠুৱা। বাজেটত জাগীৰোড আৰু পলাশবাৰীত এছীয় উন্নয়ন বেংকৰ বিত্তীয় সাহায্যৰে বৃহৎ টাউনশ্বিপ প্রকল্পৰ পৰিকল্পনা কৰিছে। টাউনশ্বিপৰ মাটি কাৰ পৰা চৰকাৰে অধিগ্রহণ কৰিব আৰু কাক দিব? নিশ্চয় থলুৱা খেতিয়কৰ পৰা অধিগ্রহণ কৰিব আৰু আদানী – আম্বানীৰ দৰে বৃহৎ বেপাৰীক  সেই মাটি হস্তান্তৰ কৰা হব। এই দুটা অঞ্চলৰ বেছিভাগ মানুহৰেই মাটিৰ পট্টা নাই আৰু চৰকাৰে খাজনা লোৱাও বন্ধ কৰিছে। পৰিকল্পিতভাবে চৰকাৰে ইয়াৰেই সুযোগ এতিয়া লব বিচাৰিছে। ভূমি নীতি সংস্কাৰৰ জৰিয়তে খেতিমাটি ঔদ্যোগিক মাটিলৈ শ্ৰেণী পৰিৱৰ্তনৰ নীতি – নিয়ম চৰকাৰে শিথিল কৰিব বিচৰাটো ভয়ংকৰ কথা। যোৱা ৩ বছৰত কেৱল পলাশবাৰীত ৩৭৩ বিঘা মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। এতিয়া নিয়ম শিথিলকৰণৰ জৰিয়তে এই প্রক্রিয়া আৰু ব্যাপক হব। এনেকৈ চলি থাকিলে নিকট ভৱিষ্যতত অসমত খাদ্যশস্যৰ নাটনি হোৱা আৰু থলুৱা মানুহৰ হাতত মাটি নোহোৱা হোৱাৰ আশংকাই প্ৰবল। বাজেটত কোৱা হৈছে যে, কাৰ্বি আংলং আৰু ডিমা হাছাওক পুনৰ্নবীকৰণ শক্তিৰ উৎস হিচাপে গঢ়ি তোলা হব। ইতিমধ্যেই কাৰ্বি আংলংৰ ১৮০০০ হাজাৰ বিঘা মাটিত প্রায় ২০০০০ মানুহক উচ্ছেদ কৰি স্থাপন কৰিব খোজা বৃহৎ সৌৰ শক্তি প্রকল্পই সমগ্র ৰাজ্যত বিতৰ্কৰ সৃষ্টি কৰিছে। পুনৰ্নবীকৰণ শক্তি আমাক লাগিব, কিন্তু বৃহৎ প্রকল্পৰ জৰিয়তে নহয়। ৰাইজৰ জীৱন – জীৱিকা আৰু পৰিৱেশৰ প্রতি ভাবুকি নোহোৱা সৰু সৰু প্রকল্পৰ জৰিয়তে শক্তি কেন্দ্র গঢ়ি তোলাতহে চৰকাৰে গুৰুত্ব দিব লাগে। বিগত সময়চোৱাত আমি দেখিছো পুনৰ্নবীকৰণ শক্তি কেন্দ্রসমূহ চৰকাৰে আদানীৰ  হাতত গটাই দিছে। কাৰ্বি আংলং- ডিমা হাছাওতো যে স্থানীয় মানুহৰ মাটি বৃহৎ শক্তি প্রকল্পৰ জৰিয়তে আদানীৰ হাতলৈ নাযাব, তাৰ কি গেৰাণ্টি আছে! যৌথ সংগ্রাম সমিতিয়ে কয় যে, চৰকাৰে নিজৰ নিৰ্বাচনী প্রতিশ্রুতি অনুসৰি প্রথমতে সাধাৰণ খাটিখোৱা মানুহক মাটিৰ পট্টা প্রদান কৰা বিষয়টোতহে গুৰুত্ব প্ৰদান কৰিব লাগে। কিন্তু দেখা গৈছে যে, চৰকাৰে সম্পূৰ্ণভাবে এই বিষয়টোৰ পৰা আতৰি ফুৰিছে। এয়া যথেষ্ট দুৰ্ভাগ্যজনক।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd