অসম বিধানসভাত দাখিল কৰা বাজেট সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিছে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে। এক বিবৃতিযোগে, ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ অন্যতম আহ্বায়ক প্ৰণৱ দলে আৰু সুব্রত তালুকদাৰে কয় যে, বাজেটৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষকৰ মাটি বৃহৎ বনিয়ালৈ হস্তান্তৰ কৰণৰ বাবে সকলো ৰাস্তা সুচল কৰি দিলে। বাজেটত অসমৰ ঔদ্যোগিক পৰিৱেশ শক্তিশালীকৰণ, ভূমি নীতি সংস্কাৰ, কাৰ্বি আংলং- পশ্চিম কাৰ্বি আংলং- ডিমা হাচাও জিলাক নিৰ্মল শক্তি কেন্দ্রৰূপে গঢ়ি তোলাৰ যি প্রস্তাব গ্রহণ কৰিছে, এই প্রস্তাবসমূহৰ আৰৰ কথাটোৱেই হৈছে অসমৰ খাটিখোৱা মানুহৰ মাটি পানীৰ দৰত বৃহৎ বনিয়ালৈ হস্তান্তৰকৰণ। বাজেটৰ ভাষাসমূহ শুৱলা, কিন্তু ইয়াৰ আঁৰৰ পৰিকল্পনা অতি কঠুৱা। বাজেটত জাগীৰোড আৰু পলাশবাৰীত এছীয় উন্নয়ন বেংকৰ বিত্তীয় সাহায্যৰে বৃহৎ টাউনশ্বিপ প্রকল্পৰ পৰিকল্পনা কৰিছে। টাউনশ্বিপৰ মাটি কাৰ পৰা চৰকাৰে অধিগ্রহণ কৰিব আৰু কাক দিব? নিশ্চয় থলুৱা খেতিয়কৰ পৰা অধিগ্রহণ কৰিব আৰু আদানী – আম্বানীৰ দৰে বৃহৎ বেপাৰীক সেই মাটি হস্তান্তৰ কৰা হব। এই দুটা অঞ্চলৰ বেছিভাগ মানুহৰেই মাটিৰ পট্টা নাই আৰু চৰকাৰে খাজনা লোৱাও বন্ধ কৰিছে। পৰিকল্পিতভাবে চৰকাৰে ইয়াৰেই সুযোগ এতিয়া লব বিচাৰিছে। ভূমি নীতি সংস্কাৰৰ জৰিয়তে খেতিমাটি ঔদ্যোগিক মাটিলৈ শ্ৰেণী পৰিৱৰ্তনৰ নীতি – নিয়ম চৰকাৰে শিথিল কৰিব বিচৰাটো ভয়ংকৰ কথা। যোৱা ৩ বছৰত কেৱল পলাশবাৰীত ৩৭৩ বিঘা মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। এতিয়া নিয়ম শিথিলকৰণৰ জৰিয়তে এই প্রক্রিয়া আৰু ব্যাপক হব। এনেকৈ চলি থাকিলে নিকট ভৱিষ্যতত অসমত খাদ্যশস্যৰ নাটনি হোৱা আৰু থলুৱা মানুহৰ হাতত মাটি নোহোৱা হোৱাৰ আশংকাই প্ৰবল। বাজেটত কোৱা হৈছে যে, কাৰ্বি আংলং আৰু ডিমা হাছাওক পুনৰ্নবীকৰণ শক্তিৰ উৎস হিচাপে গঢ়ি তোলা হব। ইতিমধ্যেই কাৰ্বি আংলংৰ ১৮০০০ হাজাৰ বিঘা মাটিত প্রায় ২০০০০ মানুহক উচ্ছেদ কৰি স্থাপন কৰিব খোজা বৃহৎ সৌৰ শক্তি প্রকল্পই সমগ্র ৰাজ্যত বিতৰ্কৰ সৃষ্টি কৰিছে। পুনৰ্নবীকৰণ শক্তি আমাক লাগিব, কিন্তু বৃহৎ প্রকল্পৰ জৰিয়তে নহয়। ৰাইজৰ জীৱন – জীৱিকা আৰু পৰিৱেশৰ প্রতি ভাবুকি নোহোৱা সৰু সৰু প্রকল্পৰ জৰিয়তে শক্তি কেন্দ্র গঢ়ি তোলাতহে চৰকাৰে গুৰুত্ব দিব লাগে। বিগত সময়চোৱাত আমি দেখিছো পুনৰ্নবীকৰণ শক্তি কেন্দ্রসমূহ চৰকাৰে আদানীৰ হাতত গটাই দিছে। কাৰ্বি আংলং- ডিমা হাছাওতো যে স্থানীয় মানুহৰ মাটি বৃহৎ শক্তি প্রকল্পৰ জৰিয়তে আদানীৰ হাতলৈ নাযাব, তাৰ কি গেৰাণ্টি আছে! যৌথ সংগ্রাম সমিতিয়ে কয় যে, চৰকাৰে নিজৰ নিৰ্বাচনী প্রতিশ্রুতি অনুসৰি প্রথমতে সাধাৰণ খাটিখোৱা মানুহক মাটিৰ পট্টা প্রদান কৰা বিষয়টোতহে গুৰুত্ব প্ৰদান কৰিব লাগে। কিন্তু দেখা গৈছে যে, চৰকাৰে সম্পূৰ্ণভাবে এই বিষয়টোৰ পৰা আতৰি ফুৰিছে। এয়া যথেষ্ট দুৰ্ভাগ্যজনক।