কোনোবাই নিজকে সাংবাদিক বুলি দাবী কৰিলে তেওঁক স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ দৰে সুৰক্ষা প্ৰদান কৰাটো কঠিন। দেশৰ সকলো নাগৰিকৰ মত প্ৰকাশৰ স্বাধীনতা আছে। কিন্তু সকলোৱে সাংবাদিক হৈ পৰিলে সমস্যা।
সাংবাদিকসকলৰ পৰিচয় আৰু তেওঁলোকৰ কামৰ প্ৰকৃতি সম্পৰ্কে স্পষ্ট নিয়ম থকা প্ৰয়োজন। জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ আন্দোলনৰ সময়ত সাংবাদিকক হাৰাশাস্তি কৰা এক গোচৰত দেশৰ শীর্ষ আদালতে এই পৰ্যবেক্ষণ দাঙি ধৰে৷
এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সূৰ্য্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে। যোৱা ১০ অক্টোবৰত দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু বিশেষ বিতং সংশোধন (SIR) প্ৰক্ৰিয়াক লৈ প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে কেইবাজনো সাংবাদিকক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ ভিতৰত মহিলা সাংবাদিকো আছিল।
শুকুৰবাৰে এই গোচৰৰ শুনানি অনুষ্ঠিত হয়। আদালতে কয় যে এতিয়া বহু লোকে তেওঁলোকৰ মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ আছে বুলি নিজকে সাংবাদিক বুলি পৰিচয় দিয়ে। কিন্তু স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমত কাম কৰা সাংবাদিক আৰু ছ’চিয়েল মিডিয়াত বাতৰি বা ভিডিঅ’ বনোৱা সাংবাদিকৰ মাজত পাৰ্থক্য কৰাটো সদায় সহজ নহয়।
আদালতৰ মতামত যে বৰ্তমানৰ পৰিস্থিতিত পেছাদাৰী সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাটো জটিল হৈ পৰিছে। সাংবাদিক, ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ আৰু ইনফ্লুৱেন্সাৰসকলৰ ভূমিকা আৰু পৰিচয়ৰ মাজত স্পষ্ট পাৰ্থক্য নিৰ্ধাৰণ কৰা প্ৰয়োজন, এইবোৰক লৈ বিবেচনা কৰিব পৰা যায়।
জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়িসিংয়ে আবেদনকাৰীৰ হৈ যুক্তি আগবঢ়ায়। তেওঁ সাংবাদিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এক নিৰ্দিষ্ট প্ৰট’কল তৈয়াৰ কৰিব লাগে বুলিও কয়।
এই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। এগৰাকী মহিলা সাংবাদিকৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই গোচৰ ৰুজু কৰে। তেওঁ সাংবাদিকগৰাকী আৰু তেওঁৰ সহযোগীসকলে জাতপাতৰ ভিত্তিত এজন আৰক্ষী বিষয়াক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। প্ৰত্যুত্তৰত মহিলা সাংবাদিকগৰাকীয়ে প্ৰতিবাদৰ খবৰ সংগ্ৰহ কৰাৰ সময়ত আৰক্ষীৰ দ্বাৰা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। এই ঘটনাই সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰিছে।
আদালতে স্পষ্ট কৰি দিয়ে যে এই গোচৰত মহিলা সাংবাদিকগৰাকীৰ বিৰুদ্ধে এই মুহূৰ্তত আৰক্ষীয়ে কোনো কঠোৰ ব্যৱস্থা ল’ব নোৱাৰিব। উচচতম ন্যায়ালয়ে সাংবাদিকৰ সুৰক্ষা সন্দৰ্ভত দাখিল কৰা গোচৰৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী আৰক্ষীৰ বক্তব্য জানিব বিচাৰিছে।





