• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এই আদালত জাবৰৰ দম নহয়’: যশৱন্ত ভাৰ্মাৰ বদলি সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়, সৰৱ আইনী মহল

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 22, 2025 9:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এই আদালতখন জাবৰৰ দম নহয়।’ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ ঘৰৰ পৰা কোটি কোটি টকা উদ্ধাৰ হোৱাৰ পিছতে তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ নিৰ্দেশ দিয়া হয়। এইটো উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ নিৰ্দেশ আছিল।

কথাটো গম পোৱাৰ লগে লগে ক্ষুব্ধ হৈ পৰে তাৰ বাৰ এছ’চিয়েচন। ন্যায়াধীশ ভাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশলৈ পত্ৰ লিখিছে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে গ্ৰহণ কৰা সিদ্ধান্তত তেওঁলোক স্তম্ভিত হোৱাৰ কথাও উল্লেখ কৰা হৈছে।

Apply Now

চিঠিখনত লিখা হৈছে, ‘’এই সিদ্ধান্তই ন্যায়িক ব্যৱস্থাক লৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে – এলাহাবাদ উচ্চ ন্যায়ালয় আৱৰ্জনাৰ দম নেকি? য’ত দীৰ্ঘদিন ধৰি ন্যায়াধীশৰ নাটনি হৈ আহিছে, তাত এই পৰিস্থিতি বিশেষভাৱে চিন্তনীয়। ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত বাৰ এছ’চিয়েশ্যনৰ পৰামৰ্শ লোৱা নহয়, যিটো অতিশয় চিন্তাৰ বিষয়। যোগ্যতাৰ মাপকাঠী সঠিকভাৱে পূৰণ কৰা হোৱা নাই, যাৰ ফলত ন্যায়িক ব্যৱস্থাত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আৰু জনসাধাৰণৰ আস্থা ভংগ হৈছে।”

কপিল ছিবাল আৰু ইন্দিৰা জয়ছিঙৰ দৰে অধিবক্তাইও এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে। ৰাজ্যসভাত এই বিষয়টো উত্থাপন কৰাৰ সময়ত সাংসদ তথা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে দেশৰ ন্যায়িক ব্যৱস্থাত দুৰ্নীতিৰ অভিযোগক এক গুৰুতৰ সমস্যা বুলি অভিহিত কৰে। তেওঁ দাবী কৰে, ‘’এয়া নতুন বিষয় নহয়, কিন্তু বছৰ বছৰ ধৰি চলি আহিছে। উচ্চতম ন্যায়ালয়ে ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাক বিবেচনা কৰাটো প্ৰয়োজন। নিযুক্তি প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু সাৱধানতাৰে সম্পন্ন হোৱা উচিত।”

কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে ন্যায়িক ব্যৱস্থাৰ জবাবদিহিতা আৰু স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ অধ্যক্ষক অনুৰোধ জনায়, ‘অনুগ্ৰহ কৰি এই বিষয়ত কিছু পৰ্যবেক্ষণ কৰক আৰু ন্যায়িক ব্যৱস্থাৰ জবাবদিহিতা বৃদ্ধিৰ বাবে চৰকাৰক প্ৰয়োজনীয় নিৰ্দেশনা দিয়ক।’

ইয়াৰ উত্তৰত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনকৰে কয় যে তেওঁৱো এই বিষয়টোক লৈ চিন্তিত। তেওঁ এই কথাত চিন্তিত যে এই ঘটনা সংঘটিত হৈছে অথচ লগে লগে পোহৰলৈ অহা নাই। ধনকৰে কয় যে যদি কোনো ৰাজনীতিবিদ, আমোলা বা উদ্যোগপতিৰ ঘৰৰ পৰা এনে ধন উদ্ধাৰ কৰা হ’লহেঁতেন তেন্তে তৎক্ষণাত তেওঁক লক্ষ্য কৰি লোৱা হ’লহেঁতেন। সেয়েহে স্বচ্ছ, ফলপ্ৰসূ আৰু জবাবদিহি প্ৰক্ৰিয়াৰ জৰিয়তে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মই নিশ্চিত।’

এই সন্দৰ্ভত কংগ্ৰেছ নেতা পৱন খেৰাই এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰে। তেওঁ নেতৃত্ব দিয়া গোচৰবোৰৰ কথা তেওঁ স্মৰণ কৰে। ‘এইটো এটা ভয়ংকৰ ঘটনা। এই টকা কাৰ? উন্নাও ধৰ্ষণ গোচৰৰ দৰে গোচৰৰ বিচাৰ এই ন্যায়াধীশৰ আদালতত হৈছিল। তেওঁ কয় যে, তেওঁক কোনে কি কাৰণত এই ধন দিছিল, তদন্ত কৰা হওক।’

ইপিনে, এই ঘটনা সন্দৰ্ভত এতিয়া উচ্চতম ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা প্ৰতিবেদন বিচাৰিছে। নিৰ্দেশ দিলে তদন্তৰ।

মঙলবাৰে পুৱা দিল্লীৰ ন্যায়াধীশগৰাকীৰ বাংলোত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ অনাৰ পিছত ভিতৰলৈ গৈ কৰবাত আৰু পকেট ফায়াৰ আছে নেকি অনুসন্ধান কৰে। সেই সময়ত তেওঁলোক ঘৰত নাছিল। দেখা যায় ঘৰৰ ভিতৰৰ এটা কোঠা বন্ধ। তাতো জুই লাগিছে নেকি চাবলৈ ঘৰটো ভাঙি সোমাই যায়। কোঠাটোত মজিয়াৰ পৰা চিলিংলৈকে টকাৰ বাণ্ডিল থুপ খাই থকা দেখা গৈছে। যিটো দেখিলে তেওঁলোকৰ চকু কপালত উঠিল। আৰক্ষীক খবৰ দিয়া হয়।

এই বিষয়টো দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৃষ্টিগোচৰ কৰে। এই খবৰ দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীব খান্নাৰ কাণতো পৰিল। তেওঁ সময় নষ্ট নকৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কলেজিয়ামৰ এখন বৈঠক মাতিলে। এই কলেজিয়ামে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তি, বদলি, আৰু সেৱা জীৱনৰ সৈতে জড়িত সকলো বিষয়ৰ সিদ্ধান্ত লয়। কলেজিয়ামে ন্যায়াধীশ ভাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ সিদ্ধান্ত লয়।

কিন্তু ন্যায়পালিকাৰ লোকসকলে এই বদলিক শাস্তি হিচাপে মানি ল’বলৈ অনিচ্ছুক। তেওঁলোকে কয় যে ন্যায়াধীশ ভাৰ্মাক পদত্যাগ কৰিবলৈ ক’ব লাগে। যদি তেওঁ সন্মতি নিদিয়ে তেন্তে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰি নিলম্বন কৰিব লাগে। তাৰ পিছত সংসদত মহাভিযোগ আনি পদৰ পৰা অপসাৰণ কৰক। সংশ্লিষ্ট সকলো মহলে নিশ্চিত যে ন্যায়াধীশ ভাৰ্মাই উৎকোচৰ ধন ঘৰতে ৰাখিছিল। তেওঁৰ ৰায় পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ে বিশেষ বিচাৰপীঠ গঠন কৰিবলৈ দাবী উত্থাপন হৈছে। চিবিআইৰ তদন্তৰো দাবী উত্থাপন হৈছে।

ইয়াৰ পিছতে শুকুৰবাৰে বিয়লি উচ্চতম ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ পৰা প্ৰতিবেদন বিচাৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd