• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

নেপালত পুনৰ ৰাজতন্ত্ৰ পুনৰুত্থানৰ দাবী : আন্দোলনত নামিল প্ৰাক্তন মাওবাদী নেতা দুৰ্গা প্ৰসাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2025 5:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালত পুনৰ ৰাজতন্ত্ৰ পুনৰুত্থানৰ দাবীত তীব্ৰ আন্দোলনে গা কৰি উঠিছে। এই আন্দোলনৰ নেতৃত্ব লৈছে প্ৰাক্তন মাওবাদী নেতা দুৰ্গা প্ৰসাইয়ে।

শুকুৰবাৰে ৰাজধানী কাঠমাণ্ডুত সংঘটিত হোৱা সংঘৰ্ষত তিনিজন লোক নিহত হোৱাৰ লগতে এশৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

২০০৮ চনত নেপালত ৰাজতন্ত্ৰ বিলুপ্ত হৈছিল। কিন্তু এইবাৰ ৰাজতন্ত্ৰ পুনৰুত্থানৰ দাবীত সৰ্বাত্মক আন্দোলনে গা কৰি উঠিছে চুবুৰীয়া ৰাষ্ট্ৰখনত। আশ্চৰ্যজনকভাবে এই আন্দোলনত নামি পৰিছে প্ৰাক্তন মাওবাদী নেতা দুৰ্গা প্ৰসাই।

উল্লেখ্য যে এসময়ত মাওবাদীয়ে নেপালৰ ৰজা জ্ঞানেন্দ্ৰ শ্বাহক ক্ষমতাৰ পৰা অপসাৰণ কৰিছিল। কিন্তু এইবাৰ সেই একেই প্ৰসাইয়েই ৰাজতন্ত্ৰ পুনৰুত্থানৰ দাবীত আন্দোলনৰ নেতৃত্ব লৈছে।

শুকুৰবাৰে প্ৰসাইয়ে নিজৰ গাড়ীৰে সংসদ ভৱনৰ সমুখত থকা আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।

খবৰ অনুসৰি আৰক্ষীয়ে প্ৰসাইয়ে বৰ্তমান আত্মগোপন কৰি আছে। অৱশ্যে তেওঁ দেশ এৰি নোযোৱাকৈ কাঠমাণ্ডুৰে এটা মন্দিৰত আত্মগোপন কৰি আছে।

ৰাজতন্ত্ৰবাদীসকলে দাবী কৰে যে দেশৰ বৰ্তমানৰ গণতান্ত্ৰিক চৰকাৰখনে জনসাধাৰণৰ আশা পূৰণ কৰাত ব্যৰ্থ হৈছে। দুৰ্নীতি, অৰ্থনৈতিক মন্দাৱস্থা, ৰাজনৈতিক অস্থিৰতাৰ বাবে জনসাধাৰণৰ মাজত আকৌ ৰাজতন্ত্ৰৰ প্ৰতি আকৰ্ষণ বাঢ়িছে।

এই আন্দোলন আৰু অধিক তীব্ৰতৰ হৈ পৰিছে ৰজা জ্ঞানেন্দ্ৰ শ্বাহ দেশলৈ ঘূৰি অহাৰ ফলত। মাৰ্চ মাহৰ আৰম্ভণিতে প্ৰায় ৪ লাখ সমৰ্থকে ৰজাক আদৰণি জনাই ধ্বনি দি কয়: “আহক ৰজা, বচাওক দেশ!”

উল্লেখ্য যে দুৰ্গা প্ৰসাইৰ ৰাজনৈতিক জীৱন জটিল আৰু নাটকীয়। এসময়ত মাওবাদীৰ হৈ কাম কৰা প্ৰসাইয়ে পিছলৈ কমিউনিষ্ট পাৰ্টিৰ নেতা কে পি অলিৰ লগত ঘনিষ্ঠ হৈ পৰে। কিন্তু ২০২২ চনত দলৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত তেওঁ পোনপটীয়াকৈ ৰাজতন্ত্ৰ সমৰ্থক আন্দোলনত যোগদান কৰে।

প্ৰসাইয়ে ২০২৩ চনত প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ সৈতে মিলি নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে পুনৰ প্ৰতিষ্ঠা কৰাৰ দাবী জনাইছিল। তেওঁৰ নেতৃত্বত “জাতি, জাতীয়তাবাদ, ধৰ্ম আৰু সংস্কৃতি ৰক্ষাৰ অভিযান” শীৰ্ষক আন্দোলন এটাৰ সৃষ্টি হৈছে, যিয়ে হাজাৰ হাজাৰ লোকক ৰাজপথলৈ উলিয়াই আনিছে।

ইফালে প্ৰসাই আৰু তেওঁৰ সমৰ্থকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। শুকুৰবাৰৰ হিংসাত্মক পৰিস্থিতিৰ পিছত তেওঁৰ কেইবাজনো ঘনিষ্ঠ সহযোগীক গ্ৰেপ্তাৰ কৰা হয়। নেপাললৈ ৰাজতন্ত্ৰ ঘূৰি আহিব নে নহয় সেয়া সময়েহে ক’ব। কিন্তু দুৰ্গা প্ৰসাইৰ এই আন্দোলনে এক দশকৰ পাছত ৰাজতন্ত্ৰ বনাম গণতন্ত্ৰৰ বিতৰ্ক পুনৰ চৰ্চালৈ আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd