ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চন আৰু গ্ৰেচুইটি সন্দৰ্ভত এক বৃহৎ নিৰ্দেশ জাৰি কৰিছে। কোনো ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চন, গ্ৰেচুইটি, ছুটীৰ মুদ্ৰাকৰণৰ ধনৰ অংশ কৰ্তন কৰিব নোৱাৰে বুলি উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে।
শুকুৰবাৰে ঝাৰখণ্ডৰ উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাৰ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া ৰাজকুমাৰ গোনেকাৰৰ এক গোচৰৰ। ৰাজকুমাৰৰ এতিয়া মৃত্যু হৈছে যদিও তেওঁ দাখিল কৰা গোচৰটোত উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে।
ন্যায়াধীশ বিভু দত্ত গুৰুৱে কয়, “গ্ৰেচুইটি আৰু পেঞ্চন যে অনুদান নহয় সেয়া এক সুপ্ৰতিষ্ঠিত স্থিতি। এজন কৰ্মচাৰীয়ে তেওঁৰ দীৰ্ঘদিনীয়া, অবিৰত, বিশ্বাসী আৰু নিৰ্দোষী সেৱাৰ জৰিয়তে এই সুবিধাসমূহ লাভ কৰে। গতিকে ই কঠোৰ পৰিশ্ৰমৰ মূল্য, যিটো এজন কৰ্মচাৰীৰ বাবে জমা হয়। ইও সম্পত্তিৰ প্ৰকৃতিৰ। সেয়েহে সম্পত্তিৰ অধিকাৰো 300A ৰ অনুচ্ছেদৰ অধীনত সুৰক্ষিত। সংবিধান আৰু যথাযথ প্ৰক্ৰিয়া অবিহনে কাঢ়ি নিব নোৱাৰি।”
মধ্য প্ৰদেশৰ ছিণ্ডৱাৰা নিবাসী ৰাজকুমাৰ গোনেকাৰ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। ২০২৪ চনৰ ২০ জুনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ২০১৮ চনৰ জানুৱাৰী মাহত অৱসৰ লোৱাৰ পিছত ৰাজ্য চৰকাৰে তেওঁৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগত কাৰণ দেখুৱাই জাননী জাৰি কৰে। তেওঁৰ পেঞ্চনৰ ধনৰ পৰা ৯.২৩ লাখ টকা কৰ্তন কৰা হয়।
ইয়াৰ পিছতে গোনেকাৰে ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে ৰাজ্য চৰকাৰে নিজৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা ন্যায়িক দোষী সাব্যস্ত নোহোৱাকৈ ধন কৰ্তন কৰিছে। এই কাৰ্য্যই ছত্তীশগড় অসামৰিক সেৱা (পেঞ্চন) আইন, ১৯৭৬ উলংঘা কৰিছে। সেই আইন অনুসৰি কৰ্মচাৰীজনৰ অপৰাধ প্ৰমাণিত হ’লেহে কৰ্মচাৰীৰ পেঞ্চন কৰ্তন কৰিব পাৰিব। এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ পৰ্যবেক্ষণৰ উদ্ধৃতি দি ছত্তীশগড় উচ্চ ন্যায়ালয়ে পেঞ্চন কৰ্তন প্ৰক্ৰিয়াত পেঞ্চনাৰজনক যুক্তিসংগত সুযোগ প্ৰদানৰ গুৰুত্বৰ কথা উল্লেখ কৰে।অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোনেকাৰৰ মৃত্যুৰ ৪৫ দিনৰ ভিতৰত তেওঁৰ পৰিয়ালৰ পৰা কৰ্তন কৰা ধন ঘূৰাই দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ছত্তীশগড় উচ্চ ন্যায়ালয়ে।