• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পেঞ্চন আৰু গ্ৰেচুইটি কোনো অনুদান নহয়, কোনো ৰাজ্য চৰকাৰ এই অধিকাৰ কাঢ়ি নিব নোৱাৰে : উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2025 6:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চন আৰু গ্ৰেচুইটি সন্দৰ্ভত এক বৃহৎ নিৰ্দেশ জাৰি কৰিছে। কোনো ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চন, গ্ৰেচুইটি, ছুটীৰ মুদ্ৰাকৰণৰ ধনৰ অংশ কৰ্তন কৰিব নোৱাৰে বুলি উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে।

শুকুৰবাৰে ঝাৰখণ্ডৰ উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাৰ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া ৰাজকুমাৰ গোনেকাৰৰ এক গোচৰৰ। ৰাজকুমাৰৰ এতিয়া মৃত্যু হৈছে যদিও তেওঁ দাখিল কৰা গোচৰটোত উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে।

Apply Now

ন্যায়াধীশ বিভু দত্ত গুৰুৱে কয়, “গ্ৰেচুইটি আৰু পেঞ্চন যে অনুদান নহয় সেয়া এক সুপ্ৰতিষ্ঠিত স্থিতি। এজন কৰ্মচাৰীয়ে তেওঁৰ দীৰ্ঘদিনীয়া, অবিৰত, বিশ্বাসী আৰু নিৰ্দোষী সেৱাৰ জৰিয়তে এই সুবিধাসমূহ লাভ কৰে। গতিকে ই কঠোৰ পৰিশ্ৰমৰ মূল্য, যিটো এজন কৰ্মচাৰীৰ বাবে জমা হয়। ইও সম্পত্তিৰ প্ৰকৃতিৰ। সেয়েহে সম্পত্তিৰ অধিকাৰো 300A ৰ অনুচ্ছেদৰ অধীনত সুৰক্ষিত। সংবিধান আৰু যথাযথ প্ৰক্ৰিয়া অবিহনে কাঢ়ি নিব নোৱাৰি।”

মধ্য প্ৰদেশৰ ছিণ্ডৱাৰা নিবাসী ৰাজকুমাৰ গোনেকাৰ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। ২০২৪ চনৰ ২০ জুনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ২০১৮ চনৰ জানুৱাৰী মাহত অৱসৰ লোৱাৰ পিছত ৰাজ্য চৰকাৰে তেওঁৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগত কাৰণ দেখুৱাই জাননী জাৰি কৰে। তেওঁৰ পেঞ্চনৰ ধনৰ পৰা ৯.২৩ লাখ টকা কৰ্তন কৰা হয়।

ইয়াৰ পিছতে গোনেকাৰে ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে ৰাজ্য চৰকাৰে নিজৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা ন্যায়িক দোষী সাব্যস্ত নোহোৱাকৈ ধন কৰ্তন কৰিছে। এই কাৰ্য্যই ছত্তীশগড় অসামৰিক সেৱা (পেঞ্চন) আইন, ১৯৭৬ উলংঘা কৰিছে। সেই আইন অনুসৰি কৰ্মচাৰীজনৰ অপৰাধ প্ৰমাণিত হ’লেহে কৰ্মচাৰীৰ পেঞ্চন কৰ্তন কৰিব পাৰিব। এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ পৰ্যবেক্ষণৰ উদ্ধৃতি দি ছত্তীশগড় উচ্চ ন্যায়ালয়ে পেঞ্চন কৰ্তন প্ৰক্ৰিয়াত পেঞ্চনাৰজনক যুক্তিসংগত সুযোগ প্ৰদানৰ গুৰুত্বৰ কথা উল্লেখ কৰে।অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোনেকাৰৰ মৃত্যুৰ ৪৫ দিনৰ ভিতৰত তেওঁৰ পৰিয়ালৰ পৰা কৰ্তন কৰা ধন ঘূৰাই দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ছত্তীশগড় উচ্চ ন্যায়ালয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd