• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন বছৰৰ আৰম্ভণিতে শৰীৰ বিষমুক্ত কৰক স্বাস্থ্যকৰ ডিটক্স পানীয়ৰে

by
April 17, 2025 8:00 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰৰ আৰম্ভণিৰ সৈতে আমাৰ শৰীৰক সুস্থ আৰু বিষমুক্ত কৰি ৰখাটো অতি জৰুৰী। বিশেষকৈ বৰষুণৰ দিনত বা উৎসৱৰ সময়ত অত্যধিক জাংক ফুড, প্ৰচেছড খাদ্য বা ভোজনৰ ফলত পেটৰ সমস্যা যেনে গেছ, এচিডিটি, আৰু হজমৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে সময়ত ঘৰতে তৈয়াৰ কৰা কিছু স্বাস্থ্যকৰ ডিটক্স পানীয়ৰ সহায়ত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেট সুস্থ কৰি ৰাখিব পাৰি। পুষ্টিবিদ চম্পা চক্ৰৱৰ্তীৰ মতে, “ডিটক্সৰ অৰ্থ হ’ল শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰোৱা। অত্যধিক প্ৰচেছড খাদ্য, মদ্যপান বা অন্যান্য ক্ষতিকাৰক পদাৰ্থৰ ফলত শৰীৰত বিষ জমা হয়, যিয়ে গেছ, এচিডিটি আৰু হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰে।”

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে তৈয়াৰ কৰক এই সহজ ডিটক্স পানীয়সমূহ:

Apply Now

১. নেমুৰ ডিটক্স পানী

নেমুৰ ডিটক্স পানী তৈয়াৰ কৰাটো অতি সহজ আৰু ই শৰীৰক হাইড্ৰেট কৰাৰ লগতে বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। 

উপকৰণ আৰু প্ৰস্তুত প্ৰণালী:

– এটা নেমু টুকুৰা টুকুৰকৈ কাটি লওক। 

– কেইটামান পদিনা পাত সৰু সৰুকৈ কাটক। 

– এটা কাঁচৰ পাত্ৰত পৰ্যাপ্ত পানী লৈ তাত নেমুৰ ৰস আৰু কেইটামান নেমুৰ টুকুৰা দিয়ক। 

– ইচ্ছা কৰিলে এমুঠি পদিনা পাত মিহলাব পাৰে। 

– এই মিশ্ৰণটো গোটেই ৰাতি তিয়াই ৰাখক আৰু পিছদিনা ৰাতিপুৱা খাওক। 

২. পদিনা ডিটক্স পানী

পদিনাৰ ডিটক্স পানীয়ে কেৱল ওজন কমোৱাত সহায় কৰাই নহয়, ইয়াৰ এন্টিঅক্সিডেন্ট গুণে শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

উপকৰণ আৰু প্ৰস্তুত প্ৰণালী: 

– পদিনা পাত, ধনীয়া পাত, এলোভেৰা, ডালচেনি, গোটা হালধী, আৰু সামান্য নিমখ দি একেলগে পানীত তিয়াই ৰাখক। 

– এই পানীয় ৰাতিপুৱা খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। 

 ৩. আমলখিৰ ডিটক্স ৰস

আমলাৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে হজম শক্তি উন্নত কৰাৰ লগতে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে। 

উপকৰণ আৰু প্ৰস্তুত প্ৰণালীঃ

– আমলখি পিহি লওক। 

– তাৰ লগত অলপ পানী, আৰু চেনি মিহলাই লওক। 

– এই পানীয় নিয়মিত খালে শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰোৱাত সহায় কৰে।

৪. আজৱাইন-জিৰাৰ পানী

যিসকলৰ গেছ বা এচিড ৰিফ্লাক্সৰ সমস্যা বেছি, তেওঁলোকৰ বাবে আজৱাইন-জিৰাৰ পানী অতি উপকাৰী। 

উপকৰণ আৰু প্ৰস্তুত প্ৰণালী:

– দুকাপ পানীত এচামুচ আজৱাইন আৰু এচামুচ গোটা জিৰা দি উতলাওক। 

– পানী উতলিলে গেছ বন্ধ কৰি কিছু সময়ৰ বাবে ঢাকি ৰাখক। 

– ঠাণ্ডা হ’লে এই পানী ছেকি খাওক। 

৫. পদিনা আৰু ধনীয়াৰ ৰস

পেটৰ বিষ, গেছ, এচিডিটি বা হজমৰ সমস্যাৰ বাবে এই পানীয় অতি ফলপ্ৰদ। 

উপকৰণ আৰু প্ৰস্তুত প্ৰণালী:

– ব্লেণ্ডাৰত এমুঠি পদিনা পাত আৰু ধনীয়া পাত একেলগে মিহলি কৰক। 

– এটা ছেকনিৰ সহায়ত ৰস ছেকি লওক। 

– ৰাতিপুৱা খালি পেটত এই ৰস খাওক। ইচ্ছা কৰিলে সামান্য মৌ আৰু নেমুৰ ৰস মিহলাব পাৰে। 

এই ডিটক্স পানীয়সমূহে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ লগতে পেট ফুলা, এচিডিটি, আৰু হজমৰ সমস্যাৰ পৰা সকাহ দিয়ে। এই পানীয়সমূহ নিয়মিত সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু সামগ্ৰিক স্বাস্থ্যৰ উন্নতি হয়।

নতুন বছৰত সুস্থ জীৱনৰ প্ৰতিশ্ৰুতি লৈ এই সহজ ডিটক্স পানীয়সমূহৰ সহায়ত আপোনাৰ শৰীৰক বিষমুক্ত কৰক আৰু সতেজ জীৱনৰ আৰম্ভণি কৰক।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd