• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2025 12:58 pm
105
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত ধনৰ বিনিময়ত ফাদিল কৰাৰ অভিযোগত শুকুৰবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (চিআইডি) নগাঁৱৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ ২৬ বছৰীয়া এগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত এই চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনে অংশকালীন শিক্ষক হিচাপে কাম কৰাৰ লগতে নগাঁৱৰ এখন ব্যক্তিগত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মালিকৰ পুত্ৰ বুলি জানিব পৰা গৈছে। চিআইডিৰ তদন্তত ইউপিআই লেনদেন আৰু কিছু ছাত্ৰ-ছাত্ৰীৰ বিবৃতিৰ জৰিয়তে এই তথ্য পোহৰলৈ আহিছে।

২১ মাৰ্চত অনুষ্ঠিত একাদশ শ্ৰেণীৰ গণিতৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা প্ৰকাশ পোৱাৰ পিছত ব’ৰ্ডে পৰীক্ষা বাতিল কৰি আৰক্ষী চকিত এজাহাৰ দাখিল কৰিছিল। চিআইডিত গোচৰ পঞ্জীয়নৰ পিছত তদন্তত পোহৰলৈ অহিছে যে অভিযুক্তই ধনৰ বিনিময়ত প্ৰশ্নকাকত ফাদিল কৰিছিল। চিআইডিৰ এগৰাকী বিষয়াই জনায় যে অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিছত চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে পূৰ্বেও চুৰি আৰু অপহৰণৰ দৰে দুটা গোচৰত জড়িত থকাৰ তথ্য পোহৰলৈ অহিছে।

গণিতৰ প্ৰশ্নকাকতৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আন কেইবাখনো বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিছত ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ ৬টা বিষয়ৰ একাদশ শ্ৰেণীৰ সকলো পৰীক্ষা বাতিল কৰা হৈছিল। এই ঘটনাই শিক্ষা ব্যৱস্থাৰ স্বচ্ছতা আৰু নিৰাপত্তাৰ প্ৰতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন কৰিছে। সম্প্ৰতি চিআইডিয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।

Recent News

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd