কংগ্ৰেছৰ ৰাজ্যিক নেতৃবৃন্দৰ পৰা আৰম্ভ কৰি জিলা নেতৃবৃন্দলৈকে সকলোৱে নিৰ্বাচনৰ সময়ত সংবাদ মেল আয়োজন কৰি শাসকীয় বিজেপি দলক আক্রমণ কৰাৰ বিপৰীতে ৰাইজৰ দলক আক্ৰমণ কৰাৰ অভিযোগেৰে আজি ৰাইজৰ দলে এক সংবাদ মেল সম্বোধন কৰে।
সংবাদমেলত ৰাইজৰ দলৰ নেতৃত্বই কয়, “ৰাইজৰ দলৰ সভাপতি তথা কেন্দ্রীয় নেতৃত্বই বাৰম্বাৰ আহ্বান কৰি আহিছে যে ২৬’ৰ বিধান সভা নিৰ্বাচনৰ প্ৰাক-মূহুর্তত অনুষ্ঠিত হোৱা পঞ্চায়ত নির্বাচনত সকলো বিজেপি বিৰোধী শক্তিয়ে এই নির্বাচনত এজন প্রার্থী আগবঢ়াব লাগে, যাতে বিজেপিক পৰাভূত কৰি তৃণমূল পর্যায়লৈকে এটা ইতিবাচক বার্তা লৈ যাব পাৰি। কিন্তু আশ্চর্যজনকভাৱে এক সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰা ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্রার্থী প্রক্ষেপ কৰিছে। বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টি (নতুন আৰু পুৰণি) ৬টা জিলা পৰিষদতে কংগ্রেছ, দলক মিত্ৰতাৰ বাবে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কংগ্রেছ দলে আটাইকেইটা জিলা পৰিষদতে প্রার্থী প্রক্ষেপ কৰিলে। এনে এক পৰিপ্ৰেক্ষিতত ৰাইজৰ দলে কংগ্ৰেছ দলে বিৰোধীৰ ভোট বিভাজন কৰি বিগত সময়চোৱাত বিধানসভাৰ বাহিৰে ভিতৰে সৰৱ ভূমিকা পালন কৰা অখিল গগৈ ডাঙৰীয়াক ৰাজনৈতিক ভাবে দুৰ্বল কৰিবলৈ বিচাৰিছে।”
এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ শিৱসাগৰৰ জিলা নেতৃত্বৰ পৰা আৰম্ভ কৰি স্থানীয় সাংসদ গৌৰৱ গগৈ আৰু শিৱসাগৰ জিলাক প্রতিনিধিত্ব কৰা জ্যেষ্ঠ বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বিৰোধী ঐক্যত বিধি পথালি দিয়াৰ অভিযোগ ৰাইজৰ দলে সংবাদ মেলত উত্থাপন কৰে। লগতে ৰাইজৰ দলৰ নেতৃত্বই কয়, “তাৎপর্যপূর্ণ বিষয়টো হ’ল কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিয়ে বাজহুৱাকৈ দলটোৰ জিলা আৰু মণ্ডল কংগ্রেছক পঞ্চায়ত নিৰ্বাচনত জোঁট বন্ধনৰ বাবে নির্দেশনা জাৰি কৰাৰ পিছত কি অজ্ঞাত কাৰণত শিৱসাগৰ বিধানসভা সমষ্টিৰ ৬খন জিলা পৰিষদৰ এখনতো জোঁট বন্ধন নকৰিলে। কেৱল শিৱসাগৰতে নহয় কোনো এখন কংগ্ৰেছ দলৰ জিলা নেতৃবৃন্দই এনেধৰণৰ কোনো নির্দেশনা পোৱা নাই বুলি কৈ জোঁট বন্ধনৰ প্ৰস্তাৱ দিয়াৰ পিছতো কোনোধৰণৰ মিত্ৰতা নকৰিলে। ২০২৪ৰ লোকসভা নির্বাচনত স্থানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ হৈ শিৱসাগৰ বিধান সভা সমষ্টিৰ ৰাইজৰ দলৰ যি সকল তৃণমূল কর্মীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক জিকাই আনিবলৈ দিনে নিশাই প্ৰচাৰ চলাইছিল, তেওঁলোকৰ মাজৰে কেইবাগৰাকীও ৰাইজৰ দলৰ স্থানীয় নেতাই এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত প্রার্থীত্ব আগবঢ়াইছে। কিন্তু সম্পূৰ্ণ অকৃতজ্ঞতাৰ পৰিচয় দি ৰাইজৰ দলৰ সকলো প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্রেছ দলে প্রার্থী প্রক্ষেপ কৰি বিজেপিৰ জয় প্রশস্ত কৰিব বিচাৰিছে।”