এটা দল যোৱা বছৰ ফাইনেলিষ্ট আছিল। আন এটা দল হৈছে পাঁচবাৰৰ চেম্পিয়ন। শেষবাৰৰ বাবে হ’লেও দলটোৰ নেতৃত্ব দিয়াৰ দায়িত্ব মহেন্দ্ৰ সিং ধোনিৰ ওপৰত পৰিছে। অৱশ্যে আই পি এল লীগ তালিকাৰ তলত আছে দুয়োটা দল।
ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰ কিংছে কেনেবাকৈ প্লে অফৰ সপোন জীয়াই ৰাখিবলৈ যুঁজ দিছিল। তাতেই শেষ হাঁহি মাৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে। ধোনীৰ চেন্নাইক ৫ উইকেটত পৰাস্ত কৰে কামিন্সৰ দলটোৱে।
চিপকত প্ৰথমখন মেচত জয়লাভ কৰে ছানৰাইজাৰ্ছে। আনহাতে, চি এছ কে কেৱল লীগৰ অন্তিম স্থানত থকাই নহয়,৷ তেওঁলোকৰ প্লে অফৰ সপোনো নিৰ্বাপিত হৈ গৈছে।
শুকুৰবাৰে সন্ধিয়া হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে টছত জয়লাভ কৰি এম এ চিদাম্বৰম ষ্টেডিয়ামত প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয়। চেন্নাইয়ে প্ৰতিখন মেচতে সন্মুখীন যি সমস্যাৰ সন্মুখীন হৈছে, এই মেচখনো তাৰ ব্যতিক্ৰম নাছিল। ইনিংছৰ প্ৰথমটো বলত মহম্মদ ছামীক উইকেট দি উভতি যায় ছাইদ ৰছিদে। ছামীয়ে আই পি এলত চাৰিবাৰকৈ প্ৰথম বলত উইকেট দখল কৰিছে।
যদিও আৰম্ভণিটো ভালকৈ গ’ল, বাকী সময়খিনি ছামীৰ বাবে ইমান ভাল নহ’ল। তাৰ পৰিৱৰ্তে তাত উজলিল হৰ্ষল পেটেল। হায়দৰাবাদৰ বেটিং বা বলিঙত কেতিয়া কোনে উজলি উঠে আৰু কোন বিফল হয় সেয়া কোৱা টান৷ হৰ্ষলৰ সৌজন্যত এইখন মেচত হায়দৰাবাদে চেন্নাইক কম ৰানতে ইনিংছ সামৰিবলৈ বাধ্য কৰে। তেওঁ ৪টা উইকেট দখল কৰে।
চিপকৰ পিটচখনেও বহুত সহায় কৰিলে। বলটো ঘুৰিছে, চুইং কৰিছে। তাত চেন্নাইৰ বেটিং দুটা ‘পৰিৱৰ্ত’ খেলুৱৈয়ে টানি নিছিল। এজন ১৭ বছৰীয়া যুৱক আয়ুষ মাত্ৰে আৰু আনজন হৈছে ‘বেবী এবি’ ডেৱাল্ড ব্ৰেভিছ। দুয়োজনেই আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰৰ সলনি দললৈ আহিছিল। আয়ুষে ১৯টা বলত ৩০ ৰান সংগ্ৰহ কৰে। ব্ৰিভিছে ২৫টা বলত ৪২ ৰান সংগ্ৰহ কৰে। তেওঁ চাৰিটা ছয় মাৰে। শেষত দীপক হুডাই ২২ ৰান সংগ্ৰহ কৰে। অৱশ্যে ধোনীয়ে (৬) ৰান কৰিব নোৱাৰিলে। আটাইকেইটা উইকেট হেৰুৱাই ১৫৪ ৰানত অন্ত পৰিল চেন্নাইৰ ইনিংছ।
হায়দৰাবাদৰ সেইখিনি তুলি ল’বলৈও কষ্ট কৰিবলগীয়া হ’ল। হায়দৰাবাদৰ অৱস্থা যেন কাপোৰেৰে মূৰটো ঢাকিলে ভৰি দুখন ওলাই যায়। বিশ্বাস কৰিবলৈ টান, কিন্তু অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডৰ সৈতে গঠিত বেটিং লাইন আপে বৰ্তমানৰ আই পি এলত চমক দিয়াত ব্যৰ্থ। এটা শতকৰ বাহিৰে অভিষেকৰ ফৰ্ম উল্লেখনীয় নহয়। ট্ৰেভিছ হেডৰো তেনেকুৱাই। কোনোমতে তেওঁ ১৬টা বলত ১৯ ৰান সংগ্ৰহ কৰে।
অৱশ্যে এই যাত্ৰাত ঈশান কিষানে হায়দৰাবাদক বচালে। হেনৰিক ক্লাচেনে ৭ ৰান সংগ্ৰহ কৰি উভতি আহে। কিন্তু আনফালে ব’ৰ্ডৰ সৈতে শেহতীয়াকৈ বাৰ্ষিক চুক্তি স্বাক্ষৰ কৰা ঈশান ধৈৰ্যৰে ৰৈ থাকিল। চিপকৰ পিটচত জাডেজাৰ স্পিন চম্ভালিব পৰা কামটো একেবাৰেই সহজ নাছিল। ৪৪ ৰান সংগ্ৰহ কৰাৰ পিছত নুৰৰ বলত আউট হয়। অৱশ্যে নূৰে ২টা উইকেট দখল কৰে যদিও ৪২ ৰান দিয়ে।
তথাপিও জাদেজা আৰু খলিলে চেন্নাইক জয়ৰ দিশে আগুৱাই লৈ গৈছিল। কিন্তু হায়দৰাবাদৰ কামিন্দু মেণ্ডিছে চেন্নাইৰ মহিষা পাথিৰানাক লক্ষ্য কৰি লয়। সোতৰ অভাৰত তেওঁ ১৫ ৰান দিয়ে। তাৰে দুটা ৱাইড। সেই অভাৰত যদি ৰান ৰেট কম হ’লে হায়দৰাবাদৰ ওপৰত চাপ বৃদ্ধি পালেহেঁতেন। অৱশ্যে সেয়া নহ’ল। কামিন্দু আৰু নীতিশ ৰেড্ডীয়ে দলক জয়ী কৰি খেলপথাৰ এৰে। অৱশেষত হায়দৰাবাদে ৫ উইকেটত জয়লাভ কৰে। প্লে অফত প্ৰৱেশৰ আশা সামান্য বৰ্তি থাকিল।
পূৰ্বৰ মেচত পৰাজয়ৰ পিছত ধোনীয়ে কৈছিল যে তেওঁ পৰৱৰ্তী মেচৰ বাবে দলটোক সাজু কৰি তুলিব। ছেম কাৰাণ বা ব্ৰেভিছক দলত যোগ কৰাটোৱেই হ’ব পাৰে তাৰ আৰম্ভণি। কিন্তু কোৱা বাহুল্য যে শিৱম ডুবেহঁতে যিদৰে ডুবালে তাত ধোনিৰ কাম ক্ৰমাৎ কঠিন হৈ পৰিছে।
সংক্ষিপ্ত স্কোৰঃ
চেন্নাই ছুপাৰ কিংছঃ ১৫৪/১০ (ব্ৰেভিছ ৪২, আয়ুষ ৩০, হৰ্ষল ২৮/৪)
ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ১৫৫/৫ (ঈশান ৪৪, কামিন্দু ৩২, নূৰ ৪২/২)
ছানৰাইজাৰ্ছ হায়দৰাবাদে ৫ উইকেটত জয়লাভ কৰে।