• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিস্তেজ চেন্নাইৰ আত্মসমৰ্পন! হায়দৰাবাদৰ হাতত পৰাস্ত হোৱাৰ পিছত প্লে অফৰ আশা নিৰ্বাপিত ধোনীৰ চেন্নাইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2025 8:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা দল যোৱা বছৰ ফাইনেলিষ্ট আছিল। আন এটা দল হৈছে পাঁচবাৰৰ চেম্পিয়ন।  শেষবাৰৰ বাবে হ’লেও দলটোৰ নেতৃত্ব দিয়াৰ দায়িত্ব মহেন্দ্ৰ সিং ধোনিৰ ওপৰত পৰিছে। অৱশ্যে আই পি এল লীগ তালিকাৰ তলত আছে দুয়োটা দল।

ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰ কিংছে কেনেবাকৈ প্লে অফৰ সপোন জীয়াই ৰাখিবলৈ যুঁজ দিছিল। তাতেই শেষ হাঁহি মাৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে। ধোনীৰ চেন্নাইক ৫ উইকেটত পৰাস্ত কৰে কামিন্সৰ দলটোৱে।

Apply Now

চিপকত প্ৰথমখন মেচত জয়লাভ কৰে ছানৰাইজাৰ্ছে। আনহাতে, চি এছ কে কেৱল লীগৰ অন্তিম স্থানত থকাই নহয়,৷ তেওঁলোকৰ প্লে অফৰ সপোনো নিৰ্বাপিত হৈ গৈছে।

শুকুৰবাৰে সন্ধিয়া হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে টছত জয়লাভ কৰি এম এ চিদাম্বৰম ষ্টেডিয়ামত প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয়। চেন্নাইয়ে প্ৰতিখন মেচতে সন্মুখীন যি সমস্যাৰ সন্মুখীন হৈছে, এই মেচখনো তাৰ ব্যতিক্ৰম নাছিল। ইনিংছৰ প্ৰথমটো বলত মহম্মদ ছামীক উইকেট দি উভতি যায় ছাইদ ৰছিদে। ছামীয়ে আই পি এলত চাৰিবাৰকৈ প্ৰথম বলত উইকেট দখল কৰিছে।

যদিও আৰম্ভণিটো ভালকৈ গ’ল, বাকী সময়খিনি ছামীৰ বাবে ইমান ভাল নহ’ল। তাৰ পৰিৱৰ্তে তাত উজলিল হৰ্ষল পেটেল। হায়দৰাবাদৰ বেটিং বা বলিঙত কেতিয়া কোনে উজলি উঠে আৰু কোন বিফল হয় সেয়া কোৱা টান৷ হৰ্ষলৰ সৌজন্যত এইখন মেচত হায়দৰাবাদে চেন্নাইক কম ৰানতে ইনিংছ সামৰিবলৈ বাধ্য কৰে। তেওঁ ৪টা উইকেট দখল কৰে।

চিপকৰ পিটচখনেও বহুত সহায় কৰিলে। বলটো ঘুৰিছে, চুইং কৰিছে। তাত চেন্নাইৰ বেটিং দুটা ‘পৰিৱৰ্ত’ খেলুৱৈয়ে টানি নিছিল। এজন ১৭ বছৰীয়া যুৱক আয়ুষ মাত্ৰে আৰু আনজন হৈছে  ‘বেবী এবি’ ডেৱাল্ড ব্ৰেভিছ। দুয়োজনেই আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰৰ সলনি দললৈ আহিছিল। আয়ুষে ১৯টা বলত ৩০ ৰান সংগ্ৰহ কৰে। ব্ৰিভিছে ২৫টা বলত ৪২ ৰান সংগ্ৰহ কৰে। তেওঁ চাৰিটা ছয় মাৰে। শেষত দীপক হুডাই ২২ ৰান সংগ্ৰহ কৰে। অৱশ্যে ধোনীয়ে (৬) ৰান কৰিব নোৱাৰিলে। আটাইকেইটা উইকেট হেৰুৱাই ১৫৪ ৰানত অন্ত পৰিল চেন্নাইৰ ইনিংছ।

হায়দৰাবাদৰ সেইখিনি তুলি ল’বলৈও কষ্ট কৰিবলগীয়া হ’ল। হায়দৰাবাদৰ অৱস্থা যেন কাপোৰেৰে মূৰটো ঢাকিলে ভৰি দুখন ওলাই যায়। বিশ্বাস কৰিবলৈ টান, কিন্তু অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডৰ সৈতে গঠিত বেটিং লাইন আপে বৰ্তমানৰ আই পি এলত চমক দিয়াত ব্যৰ্থ। এটা শতকৰ বাহিৰে অভিষেকৰ ফৰ্ম উল্লেখনীয় নহয়। ট্ৰেভিছ হেডৰো তেনেকুৱাই। কোনোমতে তেওঁ ১৬টা বলত ১৯ ৰান সংগ্ৰহ কৰে।

অৱশ্যে এই যাত্ৰাত ঈশান কিষানে হায়দৰাবাদক বচালে। হেনৰিক ক্লাচেনে ৭ ৰান সংগ্ৰহ কৰি উভতি আহে। কিন্তু আনফালে ব’ৰ্ডৰ সৈতে শেহতীয়াকৈ বাৰ্ষিক চুক্তি স্বাক্ষৰ কৰা ঈশান ধৈৰ্যৰে ৰৈ থাকিল। চিপকৰ পিটচত জাডেজাৰ স্পিন চম্ভালিব পৰা কামটো একেবাৰেই সহজ নাছিল। ৪৪ ৰান সংগ্ৰহ কৰাৰ পিছত নুৰৰ বলত আউট হয়। অৱশ্যে নূৰে ২টা উইকেট দখল কৰে যদিও ৪২ ৰান দিয়ে।

তথাপিও জাদেজা আৰু খলিলে চেন্নাইক জয়ৰ দিশে আগুৱাই লৈ গৈছিল। কিন্তু হায়দৰাবাদৰ কামিন্দু মেণ্ডিছে চেন্নাইৰ মহিষা পাথিৰানাক লক্ষ্য কৰি লয়। সোতৰ অভাৰত তেওঁ ১৫ ৰান দিয়ে। তাৰে দুটা ৱাইড। সেই অভাৰত যদি ৰান ৰেট কম হ’লে হায়দৰাবাদৰ ওপৰত চাপ বৃদ্ধি পালেহেঁতেন। অৱশ্যে সেয়া নহ’ল। কামিন্দু আৰু নীতিশ ৰেড্ডীয়ে দলক জয়ী কৰি খেলপথাৰ এৰে। অৱশেষত হায়দৰাবাদে ৫ উইকেটত জয়লাভ কৰে। প্লে অফত প্ৰৱেশৰ আশা সামান্য বৰ্তি থাকিল।

পূৰ্বৰ মেচত পৰাজয়ৰ পিছত ধোনীয়ে কৈছিল যে তেওঁ পৰৱৰ্তী মেচৰ বাবে দলটোক সাজু কৰি তুলিব। ছেম কাৰাণ বা ব্ৰেভিছক দলত যোগ কৰাটোৱেই হ’ব পাৰে তাৰ আৰম্ভণি। কিন্তু কোৱা বাহুল্য যে শিৱম ডুবেহঁতে যিদৰে ডুবালে তাত ধোনিৰ কাম ক্ৰমাৎ কঠিন হৈ পৰিছে।

সংক্ষিপ্ত স্কোৰঃ

চেন্নাই ছুপাৰ কিংছঃ ১৫৪/১০ (ব্ৰেভিছ ৪২, আয়ুষ ৩০, হৰ্ষল ২৮/৪)

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ১৫৫/৫ (ঈশান ৪৪, কামিন্দু ৩২, নূৰ ৪২/২)

ছানৰাইজাৰ্ছ হায়দৰাবাদে ৫ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd