• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেৰালাত আদানীগোষ্ঠীৰ সমুদ্ৰ বন্দৰ উদ্বোধনত প্ৰধানমন্ত্ৰী : কি বাৰ্তা দিলে নৰেন্দ্ৰ মোদীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2025 2:53 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে কেৰালাৰ তিৰুৱনন্তপুৰমত জিঞ্জাম সাগৰীয় বন্দৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তিৰুৱনন্তপুৰমত অৱস্থিত এই সাগৰীয় বন্দৰটোৱে বিশ্বৰ জাহাজ আৰু বাণিজ্যিক পথত ভাৰতৰ উপস্থিতি যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই সাগৰীয় বন্দৰ প্ৰকল্পৰ দায়িত্বত আছিল ‘আদানি বন্দৰ আৰু বিশেষ অৰ্থনৈতিক জ’ন প্ৰাইভেট লিমিটেড’ কোম্পানী।

সাগৰীয় বন্দৰটো উদ্বোধন কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে কয়, ‘এফালে এই বিশাল সাগৰত অগণন সুযোগ আছে, আনফালে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত নতুন যুগত উন্নয়নৰ প্ৰতীক হিচাপে পৰিগণিত ‘ভিজিনজাম আন্তঃৰাষ্ট্ৰীয় বহুমুখী সাগৰীয় বন্দৰ’।

Apply Now

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছকে ধৰি বিৰোধীক লক্ষ্য কৰি কয়, “মই মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নক এই কথা ক’ব বিচাৰো যে আপুনি ইণ্ডিয়া মঞ্চৰ এক শক্তিশালী স্তম্ভ। কংগ্ৰেছৰ সাংসদ শশী থাৰুৰো ইয়াত উপস্থিত আছে। আজিৰ অনুষ্ঠানটোৱে বহু লোকক জগাই তুলিব।

আনহাতে, দেশবাসীৰ বাবে এই ঐতিহাসিক প্ৰকল্পটো আৰম্ভ কৰাৰ বাবে ৰাজ্যবাসীৰ হৈ কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে প্ৰধানমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, ‘কেৰালাৰ জনসাধাৰণৰ হৈ মই পুনৰবাৰ প্ৰধানমন্ত্ৰীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই প্ৰকল্প ৰূপায়ণৰ বাবে আদানী গোটক অভিনন্দন জনাইছো।

ইফালে, বৃহস্পতিবাৰে তিৰুৱনন্তপুৰমত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনায়। থাৰুৰৰ এক্সত শ্বেয়াৰ কৰা এখন ছবিত দেখা গৈছে যে তেওঁ তিৰুৱনন্তপুৰমত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হাত মিলাইছে, তেওঁৰ কাষত থিয় হৈ আছে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সাংসদ শশীয়ে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰাক লৈ দলৰ ভিতৰত আভ্যন্তৰীণ যুঁজৰ সৃষ্টি হৈছিল।

মন কৰিবলগীয়া যে এই ভিজিনজাম সাগৰীয় বন্দৰ প্ৰকল্পত ৮,৮৬৭ কোটি টকা ব্যয় কৰা হৈছে। যোৱা ৪ ডিচেম্বৰত বন্দৰটোৱে লাভ কৰিছিল ‘বাণিজ্যিক কমিচনিং চাৰ্টিফিকেট’।কেৰালা চৰকাৰে এই প্ৰকল্পৰ বাবে দুই তৃতীয়াংশ ধন ব্যয় কৰিছে।

জানিব পৰা মতে, ‘ব্ৰেকৱাটাৰ’ৰ আশে-পাশে কৰা কামৰ সমগ্ৰ খৰচ কেৰালা চৰকাৰে বহন কৰিছিল। এতিয়ালৈকে ভাৰতৰ ৭৫ শতাংশ ‘ট্ৰেন্সশ্বিপমেণ্ট’ কণ্টেইনাৰ শ্ৰীলংকাৰ কলম্বো বন্দৰে চম্ভালিছিল। ইয়াৰ ফলত বৈদেশিক মুদ্ৰা আৰু ৰাজহৰ বৃহৎ লোকচান হ’লহেঁতেন। বিশ্বাস কৰা হৈছে যে ভিজিনজাম বন্দৰে দেশৰ সেই সমস্যা দূৰ কৰিব। ই গভীৰ পানীৰ বন্দৰ হোৱাৰ বাবে বৃহৎ মালবাহী জাহাজ লংঘন কৰাৰ বাবে ভৌগোলিকভাৱে সুবিধাজনক বুলি গণ্য কৰা হয়।

কেৰালা চৰকাৰে আদানী গ্ৰুপৰ সৈতে ৪০ বছৰীয়া চুক্তি স্বাক্ষৰ কৰি ভিজিনজাম বন্দৰ উন্নয়ন আৰু পৰিচালনাৰ বাবে স্বাক্ষৰ কৰিছে। সম্পূৰ্ণ কাৰ্যক্ষম হ’লে ভাৰতৰ কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্টৰ ৫০ শতাংশ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’ব। ফলত ডুবাই, কলম্বো, ছিংগাপুৰৰ দৰে সাগৰীয় বন্দৰৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা কমি যাব। ২০ মিটাৰ গভীৰতাৰ এই বন্দৰটোত অতি কম ড্ৰেজিঙৰ প্ৰয়োজন হয়। ভিজিনজাম বন্দৰত মেগামেক্স কণ্টেইনাৰ জাহাজ ৰখাব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd