কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৰ্মান্তিক মৃত্যুত সমগ্ৰ দেশ কঁপি উঠিছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সকলোতে একেই দাবী যোগ্য প্ৰত্যুত্তৰ দিয়াৰ। এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কঠোৰ প্ৰত্যুত্তৰ দিয়াৰ ইংগিত দিছে।
দেওবাৰে তেওঁ কয়, “এজন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে সৈনিকৰ লগতে দেশৰ সীমান্তৰ নিৰাপত্তা নিশ্চিত কৰাটো মোৰ দায়িত্ব। যিসকলে আমাৰ দেশত আক্ৰমণ কৰিবলৈ সাহস কৰে তেওঁলোকক উপযুক্ত উত্তৰ দিয়াটো মোৰ দায়িত্ব। দেশৰ জনসাধাৰণে বিচৰা ধৰণে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব।”
দেওবাৰে নতুন দিল্লীত এক অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই বাৰ্তা দিয়াৰ কিছু সময়ৰ পাছতেই দেখা গ’ল পঞ্জাৱৰ ফিৰোজপুৰৰ কেণ্টনমেণ্ট এলেকাত যুদ্ধৰ প্ৰস্তুতি! স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নিশা ৯ বজাৰ পৰা নিশা ৯:৩০ বজালৈ ৩০ মিনিটৰ বাবে অঞ্চলটোৰ লাইট বন্ধ কৰি ‘ব্লেকআউট’ অনুশীলন! সাধাৰণতে এই অনুশীলন যুদ্ধৰ সময়ত বা যুদ্ধৰ প্ৰস্তুতিৰ সময়ত দেখা যায়।
বহু পৰ্যবেক্ষকৰ মতে ৰাজনাথৰ ‘সতৰ্কবাণী’ আৰু সেনাবাহিনীৰ ‘কাৰ্য্যকলাপ’ৰ পিছত অতি সোনকালে পাকিস্তানক উপযুক্ত উত্তৰ দিব পাৰে ভাৰতে। দৰাচলতে ইতিমধ্যে তিনিওটা বাহিনীয়ে দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে উগ্ৰপন্থীক বিচাৰি ‘উচিত শিক্ষা’দিয়াৰ বাবে নিশ্চিদ্ৰ তালাচী চলাই আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত এয়াৰ চিফ মাৰ্শ্বালৰ সৈতে সাক্ষাৎ কৰে। ৯০ মিনিটৰ এই বৈঠকত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংও উপস্থিত থাকে। তাৰ পাছত দিল্লীৰ এক অনুষ্ঠানত পেহেলগাম কাণ্ডৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্পষ্টকৈ কয় যে এই দেশৰ প্ৰতি চকু তুলি চালে ৰেহাই দিয়া নহ’ব।
চৰকাৰী সূত্ৰৰ মতে, দেওবাৰে বিয়লি এখন বৈঠকত প্ৰধানমন্ত্ৰীয়ে সেনাবাহিনীক ‘সম্পূৰ্ণ অভিযানৰ স্বাধীনতা’ প্ৰদানৰ সিদ্ধান্ত লয়। অৰ্থাৎ পেহেলগাম আক্ৰমণৰ প্ৰতি কেতিয়া আৰু কেনেকৈ সঁহাৰি জনাব সেনাই তাৰ সঠিক সময়, পদ্ধতি আৰু লক্ষ্য নিৰ্ধাৰণ কৰিব।
উল্লেখ্য যে ২২ এপ্ৰিলত দিনৰ প্ৰায় ২:৩০ বজাত বন্দুকৰ গুলীৰ শব্দই কঁপাই তুলিছিল কাশ্মীৰৰ পেহেলগাম। বৈছাৰণ উপত্যকাত ভ্ৰমণৰত পনি আৰোহীকে ধৰি ২৬ জন লোকক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে। যদিও এই ঘটনাত পাকিস্তানৰ জড়িত থকাতো স্পষ্ট, তথাপিও পাকিস্তানে আৰম্ভণিৰে পৰাই এই অভিযোগ অস্বীকাৰ কৰিছে।
এই ঘটনাৰ প্ৰতিবাদত ভাৰতে পাকিস্তানী ভিছা বাতিল কৰাৰ লগতে সিন্ধু জল সন্ধি স্থগিত ৰখাকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানেও ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অৱনতি ঘটাইছে। এনে পৰিবেশত প্ৰত্যাক্ৰমণৰ দাবী ক্ৰমান্বয়ে প্ৰবল হৈ পৰিছে। এইবাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও দেশবাসীৰ ইচ্ছা শীঘ্ৰে পূৰণ হ’ব বুলি ঘোষণা কৰে।