• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যত প্ৰতিবাদ তথা বিৰোধী দমনৰ অস্ত্ৰ হৈ পৰিছে অসম আৰক্ষী- চিপিআই(এম)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 7:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ শাসনত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত পুলিচ ৰাজ প্ৰতিষ্ঠা হ’ব ধৰিছে। ক্ৰমাৎ জনবিচ্ছিন্ন হ’ব ধৰা চৰকাৰখনে বিৰোধী দল-সংগঠনক দমন তথা প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰাৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে অসম আৰক্ষীক। আৰক্ষী বাহিনীয়েও বিজেপিৰ হাতৰ পুতলা হৈ নাচিব ধৰিছে আৰু ৰাজ্যত আৰম্ভ কৰি দিছে একপ্ৰকাৰৰ পুলিচী সন্ত্ৰাস। এই অভিমত প্ৰকাশ কৰিছে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে।

পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হয়, মুখ্যমন্ত্ৰীৰ কৃপাত অসম আৰক্ষীয়ে আইনৰ শাসন ভৰিৰে মোহাৰি নিজ খেয়াল-খুচি মতে ৰাজ্যৰ ঠায়ে ঠায়ে নিৰ্বিচাৰ অত্যাচাৰ আৰু আতিশয্য আৰম্ভ কৰি দিছে। শেহতীয়া উদাহৰণ হ’ল তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষীৰ দ্বাৰা বৰহাপজান গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী জোনমণি মৰাণক গ্ৰেপ্তাৰ। পুলিচী অত্যাচাৰ আৰু বৰ্বৰতাৰ আন এক জ্বলন্ত উদাহৰণ হ’ল, তিনিচুকীয়া জিলাৰে বৰডুমচা থানাৰ আৰক্ষীৰ দ্বাৰা সঞ্জীৱ মৰাণ নামৰ যুৱকজনৰ ওপৰত চলোৱা নিৰ্মম অত্যাচাৰ তথা শাৰীৰিক প্ৰহাৰ।

Apply Now

চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে বিজেপিৰ মিছা আৰু মনেসজা অভিযোগৰ ভিত্তিত জোনমণি মৰাণক গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ নিন্দা কৰিছে। পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচনী আচৰণবিধি ভংগ কৰা ডিগবৈ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক সুৰেন ফুকনক বাধা দিবলৈ গৈ গ্ৰেপ্তাৰ হ’ব লগা হ’ল জোনমণি মৰাণ। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত খবৰমতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযান শেষ হোৱাৰ পাছত আৰু ভোটদান পৰ্ব আৰম্ভ হোৱাৰ কেইঘণ্টামানৰ পূৰ্বে বিধায়ক সুৰেন ফুকনে ১ মে’ৰ দিনা নিৰ্বাচনী বিধি ভংগ কৰি বৰতৰাণী গাঁৱত প্ৰচাৰ চলাবলৈ যোৱাত বৰহাপজান পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ বিজেপি-বিৰোধী মহিলা প্ৰাৰ্থীগৰাকীয়ে স্থানীয় ৰাইজৰ সহযোগত বিধায়কজনৰ কাণ্ডৰ প্ৰতিবাদ কৰিছিল আৰু ৰাইজে বিধায়কজনক খেদি পঠাইছিল। পাছত বিজেপি যুৱ মৰ্চাৰ মিছা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্ত পৰ্যন্ত নকৰাকৈয়ে ৪ মে’ত জোনমণি মৰাণক গ্ৰেপ্তাৰ কৰে। ইয়াৰ বিপৰীতে মহিলা প্ৰাৰ্থীগৰাকীয়ে বিধায়ক সুৰেন ফুকন আৰু বিজেপিৰ যুৱ মৰ্চাৰ কেইবাজনো নেতাৰ বিৰুদ্ধে মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি ডুমডুমা থানাত এজাহাৰ দাখিল কৰে যদিও এই ক্ষেত্ৰত আৰক্ষী সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ আছে। দৰাচলতে অসম আৰক্ষীয়ে বিজেপিৰ আঙুলিৰ ইংগিতত উঠা-বহা কৰি আছে। আনকি মহিলাসকলেও বিজেপি আৰু আৰক্ষীৰ ভয়-ভাবুকি, নিৰ্যাতন-উৎপীড়নৰ পৰা ৰক্ষা পোৱা নাই। চিপিআই(এম)-এ আৰক্ষীৰ ৰাজনৈতিক পক্ষপাতিত্বমূলক আচৰণৰ তীব্ৰ নিন্দা কৰিছে।

উল্লেখ্য যে ডিগবৈ সমষ্টিৰ একেজন বিধায়কেই পূৰ্বতে নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তো পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট নিদিলে তেওঁলোকৰ নাম হিতাধিকাৰী আঁচনিসমূহৰ পৰা কৰ্তন কৰা হ’ব বুলি ভোটাৰ ৰাইজক মুকলিকৈ ভাবুকি দিছিল। ৰাইজৰ সুনিৰ্দিষ্ট অভিযোগ সত্ত্বেও ৰাজ্যিক নিৰ্বাচন আয়োগে পক্ষপাতদুষ্ট ভূমিকা লৈ চকু মুদা কুলিৰ ভাও জুৰি আছিল।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰক্ষীক সীমাহীন ক্ষমতা দিয়াৰ ফলত অসম আৰক্ষীয়ে এতিয়া ওভতগোৰে নাচিবলৈ আৰম্ভ কৰিছে। উদাহৰণঃ তিনিচুকীয়া জিলাৰে বৰডুমচা আৰক্ষী থানাত যুৱকৰ ওপৰত চলা বৰ্বৰ অত্যাচাৰ। থানা খনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰু উপ-পৰিদৰ্শক এজনৰ নেতৃত্বত সঞ্জীৱ মৰাণ নামৰ যুৱক এজনক সামান্য কথাতে যোৱা ৩ মে’ৰ দিনা দুপৰীয়া থানালৈ মাতি নি সন্ধিয়া পৰত থানাৰ ভিতৰত অমানুষিক নিৰ্যাতন চলায় আৰু আসুৰিক তৃপ্তি লয় বুলি অভিযোগ উত্থাপন হৈছে। আনকি যুৱক জনৰ গুপ্তাংগকে ধৰি সমগ্ৰ শৰীৰত প্ৰহাৰ আৰু ভোট জলকীয়া সানিও আৰক্ষী উল্লসিত হয় বুলি বাতৰিত প্ৰকাশ। বৰ্তমান যুৱকজন মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে আৰক্ষীৰ এই বৰ্বৰতাকো নিন্দা কৰিছে আৰু আইনৰ শাসন নমনা দোষী পুলিচ বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd