পাকিস্তানে বৃহস্পতিবাৰে নিশা ৮:৪৫ বজাৰ পৰা আৰম্ভ কৰি প্ৰায় ৩৫ মিনিট ধৰি জম্মু, ৰাজস্থান আৰু পঞ্জাৱৰ কেইবাটাও অঞ্চলত একাধিক ড্ৰোন আৰু মিছাইল আক্ৰমণ চলায়। ভাৰতৰ প্ৰতিৰক্ষা বাহিনীয়ে এই আক্ৰমণ প্ৰতিহত কৰাৰ লগতে প্ৰত্যাক্ৰমণ চলায়। প্ৰতিৰক্ষা সূত্ৰই মন্তব্য কৰিছে যে এই আক্ৰমণৰ প্ৰকৃতি আৰু পৰিকল্পনাত “হামাছ ষ্টাইল” আক্ৰমণৰ সৈতে মিল আছে।
খবৰ পোৱা গৈছে যে ভাৰতৰ শক্তিশালী এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম (সুদৰ্শন চক্ৰ) আৰু অন্যান্য মিছাইল ডিফেন্স চিষ্টেমৰ সহায়ত মাজ আকাশতে কমেও ৮টা পাকিস্তানী ক্ষেপণাস্ত্ৰ ধ্বংস কৰা হৈছে। জম্মু বিশ্ববিদ্যালয়ৰ সমীপত দুটা পাকিস্তানী ড্ৰ’ন গুলীয়াই ভূপতিত কৰা হয়। জম্মু অসামৰিক বিমানবন্দৰতো ভূপতিত হয় এখন ড্ৰোন। পঞ্জাৱৰ পাঠানকোট আৰু ৰাজস্থানৰ জয়ছালমেৰতো ড্ৰোন বিস্ফোৰণৰ শব্দ শুনা যায়। চণ্ডীগড়তো সতৰ্কবাণী চাইৰেন শুনা যায়।
আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল ভাৰতীয় সেনা আৰু বায়ুসেনাই একেলগে কাম কৰি এখন পাকিস্তানী এফ-১৬ যুঁজাৰু বিমান আৰু দুখন জে এফ-১৭ যুঁজাৰু বিমান গুলীয়াই ভূপতিত কৰে।
এই আগ্ৰাসনৰ পিছত ভাৰতে পাকিস্তানৰ ভিতৰত ড্ৰোন আৰু মিছাইল আক্ৰমণেৰে প্ৰতিশোধ ল’বলৈ সময় নষ্ট নকৰিলে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, “পাকিস্তানৰ পৰা জম্মু, পাঠানকোট আৰু উধামপুৰৰ সেনা ঘাটিসমূহক লক্ষ্য কৰি ড্ৰ’ন আৰু মিছাইল প্ৰেৰণ কৰা হৈছিল। অৱশ্যে এছ অ’ পি অনুসৰি ততালিকে নিষ্ক্ৰিয় কৰি দিয়া হয়। কোনো লোকৰ প্ৰাণহানি বা ক্ষতি হোৱাৰ খবৰ পোৱা নাই।”
জম্মু, পঞ্জাৱ আৰু ৰাজস্থানৰ কেইবাটাও অঞ্চলত সম্পূৰ্ণ ব্লেকআউট কাৰ্যকৰী কৰা হয়। ৰঙা পোহৰৰ জিলিকনি আৰু প্ৰজেক্টাইলৰ গতিবিধি আকাশত দেখা যায়। একেদৰে পাকিস্তান অধিকৃত কাশ্মীৰতো সম্পূৰ্ণ ব্লেকআউট কৰাৰ খবৰ পোৱা গৈছে।
ইপিনে, সমগ্ৰ নিশা দেশৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰি আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তিনিওটা সেৱাৰ মুৰব্বী আৰু প্ৰতিৰক্ষা কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। বিএছএফ, চিআৰপিএফ, চিআইএছএফকে ধৰি সকলো অৰ্ধসামৰিক বাহিনীৰ ডিজিৰ সৈতে কথা পাতিছে গৃহমন্ত্ৰী অমিত শ্বাহে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰুবিঅ’ৰ সৈতে ফোনযোগে কথা পাতি ভাৰতৰ “লক্ষ্য আৰু ব্যৱস্থা” সঁহাৰিৰ বিষয়ে ব্যাখ্যা কৰে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিৰ সৈতেও সাক্ষাৎ কৰি কয় যে ভাৰতে যুদ্ধ বৃদ্ধি কৰিব নিবিচাৰে, কিন্তু ভাৰতে নিজৰ ভূখণ্ডত আগ্ৰাসন কৰিলে কঠোৰ প্ৰত্যুত্তৰ দিব।
হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত হোৱা খেলখন ধাৰাবাহিক আক্ৰমণৰ বাবে বাতিল কৰা হয়। ১০.১ অভাৰত খেলখন বন্ধ কৰি দিয়া হয় আৰু নিৰাপত্তাৰ বাবে খেলুৱৈসকলক ষ্টেডিয়ামৰ বাহিৰলৈ লৈ যোৱা হয়।
তদুপৰি, পঞ্জাৱৰ সকলো বিদ্যালয়-মহাবিদ্যালয় আগন্তুক তিনিদিনলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। চণ্ডীগড়ৰ বিদ্যালয়সমূহো অহা দুদিনলৈ বন্ধ থাকিব। সীমান্তৱৰ্তী চহৰ আজনলাত অমৃতসৰ আৰু আদালততো অহা ৯ মে’ৰ পৰা ১৪ মে’লৈ ৰাজহুৱা প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
পাকিস্তানে পাকিস্তান অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ৰ পিছদিনা বুধবাৰে গভীৰ নিশা প্ৰত্যাক্ৰমণ চলায়। জম্মু, ৰাজস্থান আৰু পঞ্জাৱৰ সামৰিক ঘাটি আৰু অসামৰিক এলেকাক লক্ষ্য কৰি ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।
যুদ্ধ বিশ্লেষকসকলে দাবী কৰিছে যে পাকিস্তানী সেনাই এতিয়া হামাছৰ দৰে আচৰণ কৰিছে। আনকি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰই দাবী কৰিছে যে এপ্ৰিল মাহত পাকিস্তান অধিকৃত কাশ্মীৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই আৰু হামাছৰ প্ৰতিনিধিৰ মাজত এখন বৈঠক হৈছিল।