কৰাচীৰ সাগৰীয় বন্দৰ ধ্বংসৰ মুখত। ভাৰতীয় সেনা আৰু বায়ুসেনাৰ পিছত এইবাৰ নৌসেনাও জপিয়াই পৰিল অভিযানত। আৰব সাগৰত নিয়োজিত আই এন এছ বিক্ৰান্তে কৰাচী বন্দৰত ধ্বংসযজ্ঞ আৰম্ভ কৰিছে। ফলত কৰাচী বন্দৰৰ ব্যাপক ক্ষয়ক্ষতি হোৱাৰ খবৰ আহিছে।
নৌসেনাৰ আক্ৰমণৰ ফলত কৰাচী বন্দৰকে ধৰি চহৰখনৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ড সংঘটিত হৈছে। কেৱল কৰাচীই নহয়, অ’ৰমাৰা বন্দৰতো আই এন এছ বিক্ৰান্তৰ পৰা কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে।
এই আক্ৰমণৰ ফলত দুয়োটা বন্দৰতে ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। গভীৰ ধোঁৱাই আগুৰি ধৰিছে বন্দৰ চহৰসমূহ। ফলত অঞ্চলবাসীৰ মাজত ব্যাপক আতংক বিয়পি পৰিছে। উপকূলীয় অঞ্চলৰ পৰা দলেবলে ঘৰ এৰি পলায়ন কৰিছে বাসিন্দাসকলে।
পাকিস্তানৰ নৌসেনাৰ বাবে কৰাচী আৰু অ’ৰমাৰা গুৰুত্বপূৰ্ণ ঘাটি। পাকিস্তান নৌসেনাৰ বহু জ্যেষ্ঠ বিষয়াৰ মুখ্য কাৰ্যালয়, যুদ্ধ জাহাজ, ছাবমেৰিন এই দুটা বন্দৰতে আছে। গতিকে এই দুটা বন্দৰ ধ্বংস হ’লে পাকিস্তানৰ নৌসেনা কাৰ্যতঃ পংগু হৈ পৰিব।
ইয়াৰ পূৰ্বে ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ৰাজধানী ইছলামবাদ, পেছোৱাৰ আৰু লাহোৰত প্ৰত্যক্ষ আক্ৰমণ চলাইছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বাসগৃহৰ পৰা ২০ কিলোমিটাৰৰ ভিতৰত বৃহৎ বিস্ফোৰণৰ বাতৰিও প্ৰকাশ পাইছে। কিন্তু এই খবৰৰ সত্যতা ততাতৈয়াকৈ পৰীক্ষা কৰিব পৰা হোৱা নাই। আনহাতে ভাৰতীয় সেনাই ছিয়ালকোটৰ বাজৱাট ছেক্টৰত অহৰহ গোলাবৰ্ষণ কৰি আছে। বাজৱাট খণ্ডত সঘনাই আৰ্টিলাৰীৰ গুলীৰ শব্দ শুনা গৈছে।
বৃহস্পতিবাৰে নিশা পাকিস্তানে জম্মু, জয়ছালমেৰ, পাঠানকোটকে ধৰি ভাৰতৰ বিভিন্ন চহৰত একাধিক অপ্ৰৰোচিত বিমান আক্ৰমণ চলায়। যুঁজাৰু বিমান, ড্ৰোন, মিছাইল কামান ইছলামবাদে একো বাদ দিয়া নাই। কিন্তু ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিটো আক্ৰমণ বিফল কৰি পেলায়। পাকিস্তানৰ এই আক্ৰমণৰ পিছতে ভাৰতৰ তিনিটা সশস্ত্ৰ বাহিনীয়ে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে।