• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2025 7:34 am
224
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নিশা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতে সন্ত্ৰাসবাদীৰ ৰঙাচকু সহ্য নকৰে। মোদীয়ে স্পষ্টকৈ কয় যে, ‘যদি পাকিস্তানৰ সৈতে কথা হয়, তেন্তে এইবাৰ আমি কেৱল সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰকলৈহে কথা পাতিম।’

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভাষণৰ কিছু সময়ৰ পিছতে পাকিস্তানে পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলায়। যোৱা কেইদিনমানৰ দৰে সোমবাৰে নিশাও ভাৰতীয় সেনাই আকাশতে সেইবোৰ ধ্বংস কৰে। কিন্তু সমগ্ৰ ঘটনাই পুনৰ সংশ্লিষ্ট অঞ্চলসমূহত নতুনকৈ চাঞ্চল্যৰ সৃষ্টি কৰে।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি সোমবাৰে নিশা ৯ বজাৰ পিছত পঞ্জাৱৰ জলন্ধৰ আৰু উধামপুৰৰ নৰ্দাৰ্ণ কমাণ্ড আৰু এয়াৰ ফৰ্চ ষ্টেচনৰ ওপৰত ১৫খন ড্ৰোন উৰি থকা দেখা গৈছিল। লগে লগে আকাশতে সেইবোৰ নিষ্ক্ৰিয় কৰা হয়। জলন্ধৰ আৰু চাম্বাত বিস্ফোৰণৰ শব্দও শুনা গৈছিল বুলি সূত্ৰই দাবী কৰিছে।

সামৰিক সূত্ৰৰ মতে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। আতংকিত হোৱাৰ কোনো কাৰণ নাই। সমগ্ৰ অঞ্চলটোত বাহিনীৰ কঠোৰ নিৰীক্ষণ আছে। নিৰাপত্তাজনিত কাৰণত সংশ্লিষ্ট অঞ্চলসমূহ ব্লেকআউট কৰা হৈছে।

উল্লেখ্য যে সোমবাৰে দিয়া দীঘলীয়া ভাষণত মোদীয়ে স্পষ্টকৈ কয় যে সন্ত্ৰাসবাদৰ বিষয়টোত কোনো ধৰণৰ ৰেহাই দিয়া নহ’ব আৰু প্ৰয়োজন হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব। মোডীৰ ভাষাত “সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে। সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে চলিব নোৱাৰে। পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে।”

অৰ্থাৎ সন্ত্ৰাসবাদৰ বিষয়ত ভাৰত শূন্য সহনশীলতাৰ পথৰ পৰা বিচ্যুত নহ’ব। পাকিস্তানে যদি বৰ্তি থাকিব বিচাৰে তেন্তে এতিয়াই সন্ত্ৰাসবাদৰ পথৰ পৰা আঁতৰি আহিব লাগিব। ইফালে এই আক্রমণৰ ঘটনা পোহৰলৈ অহাত বিষয়টোক লৈ নতুনকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

Recent News

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd