• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2025 1:34 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চিবিএছইৰ আজি, ১৩ মে’ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ইতিমোধ্যে এই ফলাফল অফিচিয়েল ৱেবছাইট cbse.gov.in, results.cbse.nic.in, আৰু results.digilocker.gov.in ত উপলব্ধ। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে UMANG এপৰ জৰিয়তে নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব। একে দিনই দশম শ্ৰেণীৰো ফলাফল ঘোষণা কৰিব চিবিএছইত্ৰ

উল্লেখ্য যে ২০২৫ বৰ্ষত চিবিএছইত্ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত মুঠ ১৭,০৪,৩৬৭ জন পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল, যাৰে ১৬,৯২,৭৯৪ জনে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১৪,৯৬,৩০৭ জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ হৈছে ৮৮.৩৯%। ২০২৪ চনৰ ৮৭.৯৮% উত্তীৰ্ণৰ হাৰৰ তুলনাত এইবছৰ ০.৪১% উত্তীৰ্ণৰ হাৰ বৃদ্ধি হৈছে।

Apply Now

এই বছৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ১৯,২৯৯ খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল, যিটো ২০২৪ চনৰ ১৮,৪১৭ খন বিদ্যালয়ৰ তুলনাত যথেষ্ট বৃদ্ধি। একেদৰে, পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও ২০২৪ চনৰ ৭,১২৬ৰ পৰা ২০২৫ চনত ৭,৩৩০ লৈ বৃদ্ধি পাইছে। এই সম্প্ৰসাৰণে চিবিএছইৰ শিক্ষা ব্যৱস্থাৰ ব্যাপক প্ৰভাৱৰ ইংগিত বহন কৰিছে।

ইফালে চিবিএছইৰ বিভিন্ন অঞ্চলৰ ভিতৰত বিজয়াৱাড়াই ৯৯.৬০% উত্তীৰ্ণৰ হাৰৰ সৈতে শীৰ্ষ স্থান লাভ কৰিছে। ত্ৰিবেন্দ্ৰমে ৯৯.৩২%, চেন্নাইয়ে ৯৭.৩৯%, বেংগালুৰুৱে ৯৫.৯৫%, আৰু দিল্লী পশ্চিমে ৯৫.৩৭% উত্তীৰ্ণৰ হাৰ লাভ কৰিছে।

 ২০২৫ চনৰ ফলাফলত ছোৱালীয়ে পুনৰবাৰ ল’ৰাৰ তুলনাত উৎকৃষ্ট প্ৰদৰ্শন দেখুৱবলৈ সক্ষম হৈছে। ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৯১.৬৪% হোৱাৰ বিপৰীতে ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৮৫.৭০%। এই ৫.৯৪% ব্যৱধানে পূৰ্বৰ বছৰৰ ধাৰা অব্যাহত ৰাখিছে, য’ত ২০২৪ চনত ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৯১.৫২% আৰু ল’ৰাৰ ৮৫.১২% আছিল। ট্ৰেন্সজেণ্ডাৰ ছাত্ৰ-ছাত্ৰীসকলে ১০০% উত্তীৰ্ণৰ হাৰ লাভ কৰি অসাধাৰণ প্ৰদৰ্শন কৰিছে,

আনহাতে বিদ্যালয়সমূহৰ ভিতৰত জৱাহৰ নৱোদয় বিদ্যালয়সমূহে ৯৯.২৯% উত্তীৰ্ণৰ হাৰৰ সৈতে শীৰ্ষ স্থান দখল কৰিছে। কেন্দ্ৰীয় বিদ্যালয়সমূহে ৯৯.০৫% আৰু কেন্দ্ৰীয় তিব্বতী বিদ্যালয়সমূহে ৯৮.৯৬% উত্তীৰ্ণৰ হাৰ লাভ কৰিছে। চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৯১.৫৭% আৰু চৰকাৰী বিদ্যালয়ৰ ৯০.৪৮%। ব্যক্তিগত বিদ্যালয়সমূহে ৮৭.৯৪% উত্তীৰ্ণৰ হাৰ লাভ কৰিছে।

২০২৫ চনত চিবিএছইৰ ১,১১,৫৪৪ জন ছাত্ৰ-ছাত্ৰীয়ে ৯০%ৰ ওপৰত নম্বৰ লাভ কৰিছে, যিটো মুঠ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ৬.৫৯%। আনহাতে, ২৪,৮৬৭ জন ছাত্ৰ-ছাত্ৰীয়ে ৯৫%ৰ ওপৰত নম্বৰ লাভ কৰিছে, যিটো মুঠ ছাত্ৰ-ছাত্ৰীৰ ১.৪৭%।

ইফালে এই বছৰ ১,২৯,০৯৫ জন ছাত্ৰ-ছাত্ৰীক কম্পাৰ্টমেণ্ট শিতানত ৰখা হৈছে, যিটো মুঠ পৰীক্ষাৰ্থীৰ ৭.৬৩%। ২০২৪ চনৰ ১,২২,১৭০ জন (৭.৫৪%)ৰ তুলনাত এই সংখ্যা কিছু বৃদ্ধি পাইছে। কম্পাৰ্টমেণ্ট পৰীক্ষা জুলাই মাহত অনুষ্ঠিত হ’ব।

ফলাফল ঘোষণাৰ পিছতে চিবিএছইয়ে নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদনৰ সুবিধা মুকলি কৰিব। এটা বা দুটা বিষয়ত ব্যৰ্থ হোৱা ছাত্ৰ-ছাত্ৰীসকলে কম্পাৰ্টমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব, কিন্তু দুটাতকৈ অধিক বিষয়ত ব্যৰ্থ হ’লে পৰৱৰ্তী শিক্ষাবৰ্ষত পুনৰ পৰীক্ষা দিবলগীয়া হ’ব। এই সন্দৰ্ভত বিশদ নিৰ্দেশনা চিবিএছইৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd