অসমৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ বিদ্যালয় শিক্ষক নিযুক্তিৰ বাবে ‘টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেণ্ট টেষ্ট ২০২৪’(TET)ৰ ফলাফল এতিয়াও প্ৰকাশ নোহোৱাত হতাশাত ভুগিছে হাজাৰ হাজাৰ প্ৰাৰ্থী। ১৯ জানুৱাৰী ২০২৫ত অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষাৰ ফলাফল মে’ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত প্ৰকাশৰ প্ৰতিশ্ৰুতি দিছিল যদিও ১৮ মে’ ২০২৫ পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা নোহোৱাৰ বাবে প্ৰাৰ্থীসকলৰ ভৱিষ্যৎ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। চৰকাৰৰ এনে স্থিতিয়ে প্ৰাৰ্থীসকলক ক্ষোভিত কৰি তুলিছে।
উল্লেখ্য যে TET নিযুক্তি পৰীক্ষাত, গ্ৰেজুৱেট শিক্ষক (GT) পদৰ বাবে মুঠ ৩৫,৭৫৭ জন আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক (PGT) পদৰ বাবে মুঠ ২৭,৮২৪ জন প্ৰাৰ্থীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰে। GT পদৰ বাবে মুঠ ৩৯,২২৪ আবেদন পোৱা হৈছিল, যাৰ ভিতৰত ৩৫,৭৫৭ জন প্ৰাৰ্থীয়ে পৰীক্ষা দিয়ে। আনহাতে, PGT পদৰ বাবে ৩০,৩৫৮ আবেদনকাৰীৰ ভিতৰত ২৭,৮২৪ জনে পৰীক্ষাত বহিছিল।
নাম প্ৰকাশ কৰিবলৈ অনিছুক একাংশ প্ৰাৰ্থীয়ে নৰ্থইষ্ট নাওক জনোৱা মতে ২০২৪ চনত অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে (DSE) ৮,২৩০ গ্ৰেজুৱেট শিক্ষক (জিটি) আৰু ১,৪৮৭ পোষ্ট গ্ৰেজুৱেট শিক্ষক (পিজিটি) পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়াৰ বাবে অনুষ্ঠিত টেটৰ যি চিলেবাচ প্ৰাৰম্ভিকতে প্ৰদান কৰা হৈছিল তাত শিক্ষাবিজ্ঞান (Pedagogy) বিষয়ত ৫০ নম্বৰ, অসম আৰু অসমবাসীৰ বিষয়ে (About Assam and its People)৫০ নম্বৰ, সাধাৰণ ইংৰাজী (General English)৩০ নম্বৰ আৰু সাধাৰণ জ্ঞান (General Studies and Current Affairs)১০ নম্বৰ কিন্তু পৰীক্ষাৰ প্ৰায় ১৬ দিনৰ আগত চিলেবাচত অসমবাসীৰ বিষয়ে (About Assam and its People)৫০ নম্বৰ সলনি ৩৫ নম্বৰ কৰে আৰু সাধাৰণ গণিত (১০ম শ্ৰেণীৰ স্তৰ) ১৫ নম্বৰ সংযোগ কৰে যাৰ বাবে প্ৰাৰ্থীসকলে পৰীক্ষাৰ সময়সূচী পিছুৱাবলৈ দাবী কৰাত ১৫ দিনৰ অতিৰিক্ত সময় প্ৰদান কৰিছিল। সেই মৰ্মে ১৯ জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত হৈ যায় আৰু মে’ৰ প্ৰথম সপ্তাহতে ফলাফল ঘোষণা কৰা হ’ব বুলি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও ফলাফল ঘোষণা কৰাৰ কোনো নিৰ্দেশনা প্ৰকাশ নোপোৱাত হতাশ হৈ পৰিছে প্ৰাৰ্থীসকল।
ইয়াৰোপৰি হিন্দী বিষয়ৰ প্ৰাৰ্থীসকলৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰা প্ৰাৰ্থীসকলে চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰৱীণ বা ৰত্ন (হিন্দী) পৰীক্ষাত ৫০% নম্বৰসহ উত্তীৰ্ণ প্ৰাৰ্থীসকলক এই পদৰ বাবে আবেদন কৰিবলৈ সুবিধা প্ৰদান কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই আদালত গোচৰ তৰিছে। আনহাতে গণিত বিষয়ৰ পদৰ বাবে চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি কেৱল অংক বিষয়ৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰি থকা সকলেহে আবেদন কৰিব পাৰিব। কিন্তু গণিত ঐচ্ছিক বিষয় হিচাপে থকাসকলে চৰকাৰী নিৰ্দেশনাক প্ৰত্যাহ্বান জনাইও আদালতত গোচৰ তৰিছে। আদালতে এই গোচৰৰ মে’ৰ ৫ তাৰিখে শুনানি গ্ৰহণ কৰে। শিক্ষা বিভাগৰ স্থায়ী আইন পৰামৰ্শদাতাই ৰিট আবেদনকাৰীৰ প্ৰতি উত্তৰ দাখিল কৰিবলৈ দুসপ্তাহৰ সময় প্ৰদান কৰিছে।
উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম মাধ্যমিক শিক্ষা (প্ৰাদেশীকৃত বিদ্যালয়) সেৱা (সংশোধনী) বিধি, ২০২৩, আৰু ২০২৩ চনৰ দ্বিতীয় সংশোধনী বিধিৰ বৈধতা প্ৰদান কৰি এক ৰায় দানত কয় যে অতিৰিক্ত অৰ্হতা যেনে টেট আৰু শিক্ষকৰ বাবে নিৰ্দিষ্ট বিষয়ৰ সংহতিৰ প্ৰয়োজনীয়তা প্ৰৱৰ্তন কৰা অসম চৰকাৰৰ অধিকাৰৰ ক্ষেত্ৰত পৰে। আদালতে স্পষ্ট কৰি দিছিল যে এই নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন (এনচিটিই) ৰেগুলেচনছ, ২০১৪ৰ দ্বাৰা নিৰ্ধাৰিত নূন্যতম মানদণ্ড বজাই ৰাখিছে। একে প্ৰসংগতে এছ. সত্যপাল ৰেড্ডী বনাম উত্তৰ প্ৰদেশ চৰকাৰ গোচৰতো আদালতে ৰাজ্যৰ উচ্চতৰ অৰ্হতা নিৰ্ধাৰণৰ ক্ষমতাৰ কথা উল্লেখ কৰে। ড°. প্ৰীতি শ্ৰীবাস্তৱ বনাম মধ্যপ্ৰদেশ ৰাজ্য গোচৰাতো অতিৰিক্ত অৰ্হতাৰ সমৰ্থন কৰে।
শেহতীয়া তথ্য অনুসৰি টেট প্ৰাৰ্থীসকলৰ আৰটিআই আবেদনৰ উত্তৰত সংশ্লিষ্ট বিভাগে স্নাতক শিক্ষক(জিটি) আৰু স্নাতকোত্তৰ শিক্ষক(পিজিটি) টেট সহ নিযুক্তি পৰীক্ষা, ২০২৫ৰ ফলাফল ঘোষণাৰ বাবে এতিয়াও কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই বুলি সদৰী কৰিছে।