যোৱা কেইসপ্তাহমানৰ পৰা ভাৰত আৰু ভাৰতীয় ক্ৰিকেটক এক ধুমুহাই কোবাই গৈছে। ভাৰত-পাকিস্তানৰ সংঘাতৰ সমান্তৰালকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে দুগৰাকী মহাতাৰকাই অতি কম সময়ৰ ভিতৰতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কেৱল বিতৰ্কই নহয়, সমগ্ৰ দেশ বিচলিত হৈ পৰিছে।
দ্বিতীয় পৰ্যায়ৰ আই পি এল প্লে অফ আৰম্ভ হৈছে। গুজৰাট টাইটানছৰ সৈতে তীব্ৰ বেটিং যুদ্ধত পুনৰ ক্ৰীজলৈ উভতি আহিছিল লোকেশ ৰাহুলে। তেওঁ ৬০ টা বলত শতক অৰ্জন কৰে। তথাপিও তেওঁ মেচখন জয়ী কৰাব নোৱাৰিল।
ছাই সুদৰ্শন (১০৮) আৰু শুভমন গিল (৯৩)ৰ বেটিং তাণ্ডৱৰ বাবে দিল্লী পৰাস্ত হয়। দিল্লী কেপিটেলছৰ বলাৰসকলে গুজৰাটৰ এটাও উইকেট ল’ব নোৱাৰিলে। ইনিংছত ৬টা বল বাকী থকা অৱস্থাত ১০ উইকেটত জয়লাভ কৰে গুজৰাট টাইটানছে।
অৱশ্যে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ প্ৰথম ইনিংছত কে এল ৰাহুলৰ বিস্ফোৰক বেটিঙৰ সাক্ষী হৈ পৰে দৰ্শক। তেওঁ ৬০টা বলত শতক অৰ্জন কৰে। ৰাহুলৰ ৬৫টা বলত ১১২ ৰানৰ ইনিংছটোত ১৪টা চাৰি আৰু চাৰিটা ছয় আছিল। ষ্ট্ৰাইক ৰেট ১৭২.২৯।
সমস্যাটো হ’ল দিল্লীৰ কোনেও ৰাহুলৰ কাষত থিয় দিব নোৱাৰিলে। দলটোৰ আন দুজন বেটছমেন যিয়ে অলপ ৰান সংগ্ৰহ কৰিছিল তেওঁলোক হ’ল অভিষেক পোৰেল আৰু অক্ষৰ পেটেল। ক্ৰমে ৩০ আৰু ২৫ ৰান। ফলত দিল্লীৰ স্কোৰ ১৯৯ ৰাণতে স্তব্ধ হৈ পৰে। আটাইতকৈ ডাঙৰ কথাটো হ’ল দ্বিতীয় ইনিংছত ডিচিৰ বলাৰসকল দিশহাৰা হৈ পৰিল৷
গুজৰাটৰ দুই অ’পেনাৰ শুভমন আৰু ছাই সুদৰ্শনে আৰম্ভণিৰ পৰা শেষলৈকে দমনীয়ভাৱে খেলিছিল। প্ৰথম ইনিংছত ৰাহুলে য’ত ৰৈছিল তাৰ পৰাই আৰম্ভণি কৰিছিল। দিল্লীৰ সকলো বলাৰক শক্তিহীন যেন লাগিল। আচলতে তিতা পিটছে বলাৰসকলৰ কাম অধিক কঠিন কৰি তুলিছিল। সেইবুলি ছাই আৰু শুভমনৰ কৃতিত্ব কমি যোৱা নাই। কোনো ছন্দপতন ঘটিবলৈ নিদিয়াকৈ খেলি মেচখন শেষলৈকে লৈ যায়। ছাইয়ে ৬১টা বলত ১০৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শুভমনে ৫৩টা বলত ৯৩ ৰান সংগ্ৰহ কৰে।
দিল্লীৰ ৰাণে কেতিয়া গুজৰাটৰ ৰাণক অতিক্ৰম কৰিলে যেন গমেই পোৱা নগ’ল! তেতিয়াও সম্পৰ্ণ এটা অভাৰ বাকী আছিল। ইয়াৰ লগে লগে শুভমন গিলৰ দলটোৱে প্লে অফ নিশ্চিত কৰে। এই ফলাফলৰ ভিত্তিত আৰ চি বি আৰু পঞ্জাবেও প্লে অফৰ স্থান নিশ্চিত কৰিছে।
সংক্ষিপ্ত স্কোৰঃ
দিল্লী কেপিটেলছঃ ১৯৯/৩ (ৰাহুল ১১২, অভিষেক ৩০, অক্ষৰ ২৫, ষ্টাবছ ২১ প্ৰসিদ্ধ ৪০/১)
গুজৰাট টাইটানছ: ২০৫ (ছাই ১০৮, গিল ৯৩)
গুজৰাটে ১০ উইকেটত জয়লাভ কৰে।