• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 21, 2025 10:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এখন সংবাদ মেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মনেসজা,ভিত্তিহীন ব্যক্তিগত আক্ৰমণ, ৰাজনৈতিক নাটক আৰু অপপ্ৰচাৰৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে স্পষ্টভাৱে এই ভিত্তিহীন দাবীসমূহ নস্যাৎ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহবান জনায় ।

ফেব্ৰুৱাৰী ২০২৫ৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে নিয়মিতভাৱে সাংসদ গৌৰৱ গগৈক “আই.এছ.আই.ৰ দ্বাৰা প্ৰশিক্ষিত” বুলি অভিযোগ কৰি আহিছে — যি এটা হাস্যকৰ, ভিত্তিহীন আৰু নিৰৰ্থক দাবী। যদি এনে কোনো প্ৰমাণ আছে, তেন্তে মুখ্যমন্ত্ৰীয়ে তাক তৎক্ষণাৎ সৰ্বসাধাৰণৰ আগত প্ৰকাশ কৰক। ছেপ্টেম্বৰ ১০ তাৰিখৰ সময়সীমা মাথোঁ নিজৰ কৰ্তব্য আৰু জনগণৰ পৰা পলায়নৰ এক অপচেষ্টা।

Apply Now

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ অনা  ‘আইএছআই প্ৰশিক্ষণ’ৰ অভিযোগৰ প্ৰত্যুত্তৰ দি সাংসদ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ এই অভিযোগ “অবাস্তৱ, হাস্যকৰ আৰু উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ”। সাংসদগৰাকীয়ে দুটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। তেওঁ কয় যে দুটা এছআইটি গঠন কৰি এটাৰে তেওঁৰ ওপৰত আৰু আনটোৰে মুখ্যমন্ত্ৰীয়ে নিজৰ অতীতৰ কাৰ্যকলাপৰ ওপৰত তদন্ত কৰিলেই সকলো জলজল পটপট হৈ পৰিব।

সাংসদ গগৈয়ে স্পষ্টকৈ উল্লেখ কৰে যে ২০১৪ চনত তেওঁ সংসদলৈ নিৰ্বাচিত হোৱাৰ পিছতে প্ৰচলিত নিয়ম-নীতি অনুসৰি নিজৰ ব্যক্তিগত পাৰ্চপোৰ্ট কেন্দ্ৰীয় চৰকাৰক জমা দিছে, কূটনৈতিক পাছপ’ৰ্ট লাভ কৰিছিল । কেন্দ্ৰীয় চৰকীৰ সংশ্লিষ্ঠ বিভাগৰ ওচৰত সকলো  বিতং তথ্য জমা আছে । তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অনা ভিত্তিহীন অভিযোগ সমূহ “মচলা ৰাজনীতি”। আমাৰ মুখ্যমন্ত্ৰী য়ে জনা ভাল যে অসমৰ জনগণ তেওঁতকৈ জ্ঞানী়।তেওঁ কয়, “মই তৰুণ গগৈৰ পুত্ৰ। মোৰ ভয় নাই। সত্যই প্ৰাধান্য পাব।”

গগৈয়ে আৰু অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ পিছতো বিজেপিৰ ইতিহাসত বহুবাৰ পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ উন্মেষ ঘটিছে। ২০০৫ চনত এল কে আদৱানীয়ে পাকিস্তান ভ্ৰমণ কৰি জিন্নাৰ প্ৰশংসা কৰিছিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ বুদ্ধিজীৱী বেদ প্ৰতাপ বৈদিকে ২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈয়দক সাক্ষাৎ  কৰিছিল। ২০১৬ চনৰ পাঠানকোট আক্ৰমণৰ পিছতো পাকিস্তানী তদন্তকাৰী দল এটাক বায়ুসেনাৰ ঘাটিটোত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল, য’ত আই এছ আইৰ এজন বিষয়াও উপস্থিত আছিল। সাংসদ গৌৰৱ গগৈয়ে কয় যে পাকিস্তানৰ ক্ষেত্ৰত তেওঁৰ স্থিতি সদায় ভাৰতীয় দেশাত্মবোধেৰে পৰিচালিত আৰু তথ্যসমৃদ্ধ। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় মঞ্চত তেওঁ বাৰে বাৰে পাকিস্তানৰ সামৰিক আৰু সন্ত্ৰাসবাদী মিত্ৰতাৰ বিৰুদ্ধে মাত মাতি আহিছে।

 সাংসদ গগৈয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে এতিয়া হতাশগ্ৰস্ত হৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি থকা অসমবাসী ৰাইজৰ আন্তৰিক শ্ৰদ্ধা,মৰম আৰু মৰম নাইকীয়া কৰি তেওঁৰ বদনাম কৰি তেখেতৰ  লিগেচীক নি শেষ কৰিব বিচাৰিছে। যাৰবাবে প্ৰয়াত তৰুণ গগৈৰ কণ কণ নাতি-নাতিনীক টানি  আনিও ৰাজনীতি কৰিবলৈ এৰা নাই। কিন্তু গগৈ পৰিয়ালে তাক লৈ ভয় কৰা নাই। আমাৰ ৰাইজৰ প্ৰতি উৎসৰ্গিত সেৱাৰ মনোভাৱ,মৰ্য্যদা,নিষ্ঠা আৰু সততা কেতিয়াও মচিব নোৱাৰে৷ “মই সত্যৰ পক্ষত থিয় দিবলৈ সাজু। যদি আপুনি তদন্ত কৰিব বিচাৰে, তেন্তে মই কওঁ – মোৰ বিৰুদ্ধে এটা এছ আই টি গঠন কৰা উচিত, আৰু আন এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গঠন কৰা উচিত। অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত দুয়োটা তদন্ত চলাওক।”

সাংসদ গগৈয়ে লগতে  কয় যে- “যেতিয়া ৰাজ্যৰ শিক্ষক-চিকিৎসকে দৰমহা পোৱা নাই, স্কুল-চিকিৎসালয় ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে, যি সময়ত সমগ্ৰ ৰাজ্যৰ ওপৰত ঋণৰ বোজা বৃদ্ধি পাইছে আৰু ইফালে বিজেপিৰ ছত্ৰছায়াত ৰাজ্যত কয়লা ছিণ্ডিকেট আৰু ড্ৰাগছ মাফিয়া বৃদ্ধি পাইছে,  সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেৱল ব্যক্তিগত আক্ৰমণত ব্যস্ত হৈ পৰিছে।”

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd