ভাইমন দা-নামটো প্ৰায় সকলো অসমীয়া ৰাইজৰে চিনাকি বা আপোন। আন কোনো নহয়,প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক,কাহিনীকাৰ মুনীন বৰুৱাৰ জীৱনভিত্তিক এই ছবিখনৰ কাহিনী,চিত্ৰনাট্য শশাংক সমীৰৰ। ভাইমন দাৰ পৰিচালনাও কৰিছে শশাংক সমীৰেই। উল্লেখ্য যে শশাংক সমীৰৰ দ্বাৰা পৰিচালিত এইখন প্ৰথমখন ছবি। ২৩ মে’ তাৰিখে মুক্তিলাভ কৰা এই ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে।
ভাইমন দাৰ আৰম্ভণি হয় ১৯৮৬ চনৰ গুৱাহাটীৰ পটভূমিত। এক উত্তেজনাময় পৰিবেশৰ মাজেৰে ছবিৰ আৰম্ভণি ঘটে। এইবাৰ কাহিনীয়ে ১৯৬৩চনলৈ গতি কৰে। স্থান-মুনীন বৰুৱাৰ গৃহজিলা গোলাঘাট। গান,চিনেমা আৰু নাটক প্ৰাণপণে ভালপোৱা এজন যুৱক-ভাইমন। ঘৰৰ পৰা,বিশেষকৈ পিতাকৰ পৰা লুকাই-চুৰকৈ চিনেমা চাবলৈ যায়। মেণ্ডোলিন বজাই ভালপাই,সুৰ কৰে,গীত লিখে। পিতৃৰ দৃষ্টিত উদণ্ড ভাইমনক পিতাক দিল্লীলৈ পঠাই দিয়ে সমুচিত শিক্ষা প্ৰদানৰ বাবে। পিছে তাতো বিফল হৈ ঘূৰি আহে ভাইমন। গোলাঘাটৰ মহাবিদ্যালয়ত অধ্যয়নৰ সময়ত তেওঁ অধ্যাপক শিৱ ঠাকুৰৰ সংস্পৰ্শলৈ আহে। তাৰপিছত ভাইমনৰ জীৱনে গতি সলাই। কাহিনীভাগ আৰম্ভণিৰে পৰাই গতিশীল আৰু সাৱলীল। ক’তো অকণমানো ৰৈ যোৱাৰ অৱকাশ নাই। ছবিখনৰ চিত্ৰনাট্যখন সু-সংৰচিত হোৱাৰ লগতে নিৰ্দেশনাৰ দিশটো প্ৰশংসনীয়। সময়-পৰিস্থিতি অৰ্থাৎ ষাঠি,সত্তৰৰ দশক অনুসৰি পোছাক-পৰিচ্ছদ,ৰূপসজ্জা,ঘৰ-গাড়ী আদি সকলোৰে সামঞ্জস্য সঠিকভাৱে বৰ্তাই ৰখা হৈছে। ক্ৰমশঃ কলেজীয়া ভাইমনৰ জীৱনে গতি সলনি কৰে,নাটকৰ পৰা চিনেমাৰ লগত জড়িত হৈয়ো পৰে। অৱশ্যেই ভাইমন বা মুনীন বৰুৱাৰ প্ৰেম,বিবাহ আদিৰ সংযোজনো আছে কাহিনীত। পৰৱৰ্তী সময়ত গোলাঘাটৰ পৰা গুৱাহাটীলৈকে স্থানান্তৰিত হয় ভাইমন। আৰু আৰম্ভ হয় অসমীয়া চিনেমাৰ লগত তেওঁৰ ন এক যাত্ৰাৰ। সম্পূৰ্ণ নিজাববীয়াকৈ ছবিৰ কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা আৰম্ভ কৰে। তাৰ মাজতো বিভিন্ন ঘটনাপ্ৰৱাহ,চৰিত্ৰৰ আগমণ ঘটে। ঘটনাপ্ৰৱাহবোৰৰ অধিক সংখ্যকেই সাধাৰণ মানুহৰ অৱগত নহয়,পিছে চৰিত্ৰসমূহৰ অধিকাংশই অসমৰ দৰ্শক ৰাইজৰ চিনাকি চেহেৰা। বহু চিনেমা,নাটক আৰু গীতৰ আঁৰৰ কাহিনীও ভাইমন দাৰ এই জীৱনগাঁথাত সংলগ্ন কৰা হৈছে। ছবিখনৰ কাহিনীভাগ আৰম্ভণিৰে পৰাই বেছ মনোগ্ৰাহী,পৰৱৰ্তী অংশত কি হ’ব ইয়াক লৈ উৎকন্ঠাও আছে। দ্বিতীয়াৰ্ধত মাজে মাজে প্ৰথমাৰ্দ্ধৰ তুলনাত ছবিখনৰ গতি সামান্য লেহেমীয়া হোৱা যেন লাগে যদিও,ই আমনিদায়ক হৈ নুঠে। ছবিখনৰ সম্পাদনা কৰিছে প্ৰতীম খাউণ্ডে। সম্পাদনাৰ দিশ এক উল্লেখনীয় দিশ ছবিখনৰ। লগতেই উল্লেখনীয় চিত্ৰগ্ৰহণৰ দিশটো। চিত্ৰগ্ৰহণকাৰী ভাঞ্চিনাথন মুৰুগেচনৰ চিত্ৰগ্ৰহণ প্ৰশংসনীয়। আলোকশিল্পৰ প্ৰয়োগো যথেষ্ট উন্নত। ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীয়ে। আৱহ-সংগীতৰ লগতেই ছবিখনৰ গীতসমূহো শ্ৰুতিমধুৰ। অযথা সময় খেদাবলৈ গীতৰ প্ৰয়োগ কৰা হোৱা নাই।
অভিনয়ৰ ক্ষেত্ৰত ক’বলৈ গ’লে প্ৰায় সকলোৰে অভিনয়েই পৈণত,পৰিপক্ক। মূখ্য তথা নামভূমিকাত অভিনয় কৰা বনদীপ শৰ্মা(মহাবিদ্যালয়ৰ পিছৰ পৰ্যায়ৰ পৰা বয়স্ক অৱস্থালৈকে)ৰ সুন্দৰ অভিনয়ৰ কথা উল্লেখ কৰিবই লাগিব। লগতেই,গুণাকৰ দেৱ গোস্বামী আৰু অন্যান্য সকলোৰে অভিনয় সহজ। মুঠতে ভাইমন দা চাবলৈ গ’লে মাথোঁ অসমীয়া চলচ্চিত্ৰৰ এজন পুৰোধা ব্যক্তি মুনীন বৰুৱাৰ জীৱন সম্পৰ্কেই নহয়,অসমীয়া চলচ্চিত্ৰ জগতখনৰ বিষয়েও বহু কথা জানিবলৈ পাৰিব। জীৱনভিত্তিক বা বায়’পিক ছবি ৰূপে এই ছবিখন সফল।