• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৪০ টকা অতিৰিক্ত নিদিয়াৰ বাবে কেব চালকৰ গুণ্ডাগিৰি, মহিলাক প্ৰহাৰ কৰাৰ পাছত কোম্পানীয়ে ব্লক কৰিলে চালকৰ একাউণ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 2:20 pm
435
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ এগৰাকী ছ’চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰৰ এটা পোষ্ট এই সময়ত ইণ্টাৰনেটত অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি উবেৰ কেবত যাত্ৰা কৰাৰ সময়ত মাত্ৰ ৪০ টকা অতিৰিক্ত দিয়াক লৈ আৰম্ভ হোৱা বিবাদ ইমানেই বৃদ্ধি পালে যে কেব চালকজনে তেওঁক মাৰপিট আৰু দুৰ্ব্যৱহাৰ কৰে। মহিলাগৰাকীয়ে ইনষ্টাগ্ৰামত কেইবাটাও ভিডিঅ’ শ্বেয়াৰ কৰি নিজৰ ভয়ংকৰ experience বা অভিজ্ঞতাৰ কথা সদৰী কৰাই নহয়, সুৰক্ষা আৰু অভিযোগ সমাধানৰ ক্ষেত্ৰত উবেৰ ইণ্ডিয়াৰ ভূমিকাৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনাটো ব্যাপকভাৱে চৰ্চালৈ অহাৰ পিছত এতিয়া উবেৰ ইণ্ডিয়াই ইয়াৰ ওপৰত সাৰ্বজনীনভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এই সমগ্ৰ ঘটনাত ভুক্তভোগী মহিলাগৰাকীৰ নাম শিৱানী বুলি জানিব পৰা গৈছে, যিয়ে ছ’চিয়েল মিডিয়াৰ বাবে কণ্টেণ্ট প্ৰস্তুত কৰাৰ কাজ কৰে। ঘটনা সন্দৰ্ভত শিৱানীয়ে জনোৱা মতে তেওঁ যেতিয়া মহালক্ষ্মীৰ পৰা নেৰুললৈ যাবৰ বাবে উবেৰ কেবত উঠিছিল, তেতিয়াই এই বিবাদৰ সূত্ৰপাত হৈছিল। উবেৰ এপটোত তেওঁৰ যাত্ৰাৰ মুঠ ভাড়া ৫০১ টকা দেখুৱাই আছিল। কিন্তু যাত্ৰাৰ মাজতে চালকজনে এপৰ ভাড়াৰ বাহিৰে টোল টেক্সৰ নামত নগদ ৪০ টকা অতিৰিক্তভাৱে দাবী কৰে। যেতিয়া শিৱানীয়ে এপৰ বাহিৰত বেলেগকৈ পইচা দিয়াৰ কথা লৈ প্ৰশ্ন উত্থাপন কৰে আৰু পইচা দিবলৈ অস্বীকাৰ কৰে, তেতিয়াই চালকজন খঙত অগ্নিশৰ্মা হৈ পড়ে।

Apply Now

কণ্টেণ্ট ক্ৰিয়েটৰ শিৱানীৰ অভিযোগ যে এই বিবাদ কেৱল তৰ্কতে সীমাবদ্ধ থকা নাছিল, বৰঞ্চ চালকজন হিংস্ৰ হৈ পৰিছিল। তেওঁক ডৰাবলৈ চালকজন তেওঁৰ একেবাৰে ওচৰলৈ গুচি আহিছিল আৰু যেতিয়া শিৱানীয়ে নিজক ৰক্ষা কৰিবলৈ চালকজনক পিছলৈ ঠেলি দিছিল, তেতিয়া চালকজনে তেওঁক এটা ডাঙৰ থাপ্পৰ মাৰি দিয়ে। কেৱল সিমানেই নহয়, চালকজনে তেওঁৰ হাতখন ধৰি অতি বেয়াকৈ পকাই দিয়ে, যাৰ ফলত তেওঁ হাতত বহুত আঘাত পায়। ইয়াৰ পিছতো চালকজনে তেওঁক ভাবুকি দি পুনৰ মাৰিবলৈ খেদি আহে।

এই ভয়ংকৰ ঘটনাটোৰ পিছত শিৱানীয়ে আন এটা ভিডিঅ’ত কিছুমান স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি দাবী কৰে যে উবেৰ ইণ্ডিয়াই প্ৰথম অৱস্থাত কেব চালকজনৰহে পক্ষ লৈছিল। ইয়াৰ উপৰিও তেওঁ অভিযোগ কৰে যে সমগ্ৰ ঘটনাটো কোম্পানীক জনোৱাৰ পিছত উবেৰে তেওঁৰ নিজৰ একাউণ্টটোহে উলটি ব্লক কৰি দিয়ে। আনকি তেওঁলোকৰ চাট হিস্ট্ৰীৰ পৰা কিছুমান মেচেজো ডিলিট কৰি দিয়া হৈছিল, যিয়ে কোম্পানীটোৰ অভিযোগ গ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰত ডাঙৰ প্ৰশ্নবোধক চিন থিয় কৰাইছে।

ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আৰু উবেৰ কোম্পানী তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত কোম্পানীটোৱে শিৱানীৰ পোষ্টৰ কমেন্ট বক্সত ৰাজহুৱাকৈ উত্তৰ দিছে। উবেৰ ইণ্ডিয়াই লিখিছে যে গ্ৰাহকৰ সুৰক্ষাই তেওঁলোৰ প্ৰথম প্ৰাধান্য আৰু উবেৰ প্লেটফৰ্মত কোনো ধৰণৰ শাৰীৰিক হিংসা বা ভাবুকিৰ স্থান নাই। ইয়াৰ লগতে কোম্পানীয়ে চালকজনৰ এই কাৰ্যৰ তীব্ৰ গৰিহণা দিছে আৰু নীতি অনুসৰি চালকজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা বুলি জনাইছে। উবেৰে লগতে নিশ্চিত কৰিছে যে শিৱানীৰ একাউণ্টটো পুনৰ সক্ৰিয় কৰা হৈছে আৰু পৰৱৰ্তী আইনী কাৰ্যপন্থাত আৰক্ষীক সহায় কৰিবলৈ কোম্পানীয়ে ভুক্তভোগী মহিলাগৰাকীৰ সৈতে যোগাযোগ বজাই ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd