• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 2:29 pm
69
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগ্যতা অৰ্জনৰ দ্বিতীয় ৰাউণ্ডতে অভিযানৰ অন্ত পৰে। ইয়াৰ বাবে উত্তৰ আমেৰিকাত আৰম্ভ হ’বলগীয়া আগন্তুক ফুটবল বিশ্বকাপ (ফিফা বিশ্বকাপ ২০২৬)ত ভাৰতে স্থান নাপালে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে দেশখনৰ একেবাৰে স্পৰ্শ নাথাকিব!

আমেৰিকা, কানাডা আৰু মেক্সিকোৱে আয়োজন কৰা এই ৪৮ দলৰ বিশ্বকাপত ভাৰতীয় মূলৰ কেইবাগৰাকীও ফুটবলাৰ আন দেশৰ জাৰ্চি পিন্ধি খেলপথাৰত নামিব। কোনোবাই নিউজিলেণ্ডৰ মিডফিল্ড চম্ভালিব, কোনোবাই কাটাৰৰ আক্ৰমণত গতি আনিব, কোনোবাই অষ্ট্ৰেলিয়া বা ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব!

Apply Now

তালিকাৰ আটাইতকৈ চিনাকি নামটো হ’ল ছৰপ্ৰীত সিং। যদিও তেওঁৰ জন্ম ৱেলিংটনত, তেওঁৰ পৰিয়ালৰ শিপা পঞ্জাৱৰ জলন্ধৰত। এই ২৭ বছৰীয়া মিডফিল্ডাৰজনে এসময়ত বায়াৰ্ন মিউনিখৰ হৈ খেলিছিল। পিছলৈ তেওঁ জাৰ্মানী আৰু পৰ্তুগালৰ বিভিন্ন ক্লাবলৈ যাত্ৰা কৰে।

বৰ্তমান তেওঁ ৱেলিংটন ফিনিক্সৰ হৈ খেলি আছে। ২০১৮ চনত নিউজিলেণ্ডৰ হৈ অভিষেক ঘটোৱাৰ পিছত ইতিমধ্যে ২৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। আঁঠুৰ গুৰুতৰ আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত তেওঁ বিশ্বকাপত দলটোৰ মিডফিল্ডত অন্যতম ভৰসা।

তাহচিন মহম্মদ জামশ্বিদো চৰ্চাত আছে। তেওঁক কাটাৰৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে। কেৰালাৰ মালয়ালী পৰিয়ালৰ পুত্ৰ তাহছিনৰ জন্ম কাটাৰত। আল ডুহাইলৰ ফুটবলাৰ ১৯ বছৰীয়া উইংগাৰ। কাটাৰ ষ্টাৰছ লীগত খেলা ভাৰতীয় মূলৰ প্ৰথমজন খেলুৱৈ হিচাপে তেওঁ ইতিহাস ৰচনা কৰে।

অষ্ট্ৰেলিয়াৰ বিশ্বকাপৰ দলত আছে নিশান ভেলুপিল্লাই। জন্ম মেলবৰ্ণত। ২৫ বছৰীয়া ফুটবলাৰগৰাকীৰ পিতৃ মালয়েছিয়ান তামিল বংশৰ, মাতৃ এংলো-ইণ্ডিয়ান। মেলবৰ্ণ ভিক্টোৰীৰ একাডেমীৰ পৰা ওলাই অহা নিশানে ক্লাবটোৰ হৈ ১২৮খন মেচ আৰু ৰাষ্ট্ৰীয় দলৰ হৈ ৬খন মেচ খেলিছে। বিশ্বকাপত অষ্ট্ৰেলিয়াৰ আক্ৰমণত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ।

কংগোৰ হৈ খেলিব চেমুৱেল মুটুছামিয়ে। তেওঁৰ জন্ম পেৰিছত। বয়স ২৯ বছৰ। মিডফিল্ডত খেলে। চেমুৱেলৰ পিতৃ ভাৰতীয় মূলৰ তামিল পৰিয়ালৰ। মাকৰ সূত্ৰে কংগোৰ হৈ খেলাৰ সিদ্ধান্ত লয়। ২০১৯ চনৰ পৰা চেমুৱেলে ইতিমধ্যে ৫৭ খন আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লৈছে।

এই প্ৰসংগত আন এটা নাম চৰ্চালৈ আহিছে। তেওঁ হৈছে নিয়াল মেছন। জন্ম ইংলেণ্ডৰ ব্ৰাইটনত। মাক ভাৰতীয়। কাটাৰৰ প্ৰাৰম্ভিক দলত স্থান লাভ কৰিছিল যদিও শেষত চূড়ান্ত দলত সুযোগ নাপালে। বৰ্তমান কাটাৰ এছ চিৰ হৈ খেলে। পজিচন ডিফেন্স। বিশ্বকাপত নাথাকিলেও ভৱিষ্যতে তেওঁ কাটাৰ জাতীয় দলৰ নিয়মীয়া মুখ হ’ব পাৰে বুলি বহুতে আশাবাদী।

ভাৰতীয় দল বিশ্বকাপত নথকাৰ এয়া নতুন খবৰ নহয়। কিন্তু এই প্ৰতিযোগিতাত ভাৰতীয় মূলৰ চাৰিজন ফুটবলাৰৰ উপস্থিতিয়ে এটা কথা সোঁৱৰাই দিছে যে ফুটবলৰ মানচিত্ৰ বিশ্বকাপৰ বাহিৰত থাকিলেও এই দেশৰ শিপা বিশ্বকাপৰ গভীৰত ৰৈ গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd