• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইংলেণ্ডৰ ছিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা; অধিনায়ক শুভমন গিল, সহ-অধিনায়ক ঋষভ পন্ত!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 24, 2025 2:25 pm
131
VIEWS
Share on FacebookShare on Twitter

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অনুপস্থিতিত ২০ জুনৰ পৰা ইংলেণ্ডত টেষ্ট ছিৰিজ খেলিব ভাৰতীয় ক্ৰিকেট দলটোৱে। সেই ছিৰিজৰ বাবে ব’ৰ্ডৰ বাছনি সমিতিয়ে দল ঘোষণা কৰিলে।

কিছুদিন পূৰ্বে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ইজনৰ পিছত সিজনে টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। এই কাণ্ড দেখি বহুতে অনুমান কৰিছে যে তেওঁলোকে হয়তো বিচিচিআইৰ নিৰ্বাচক বা প্ৰশিক্ষকৰ হেঁচাত এনে সিদ্ধান্ত ল’বলগীয়া হৈছিল। এই পৰিবেশত ভাৰতীয় দলৰ অধিনায়ক কোন হ’ব সেই সম্পৰ্কে বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

জানিব পৰা মতে, বাছনি সমিতিৰ মুৰব্বী অজিত আগৰকাৰৰ সৈতে শুভমন গিলৰ সুকীয়া বাৰ্তালাপ হৈছিল। তথাপিও বিৰাটৰ বেটিং পজিচনত কোনে খেলিব সেই লৈ প্ৰশ্ন উত্থাপন হৈছিল।

শনিবাৰৰ সভাত সকলো উত্তৰ পোৱা গ’ল। বাছনি সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰ আৰু বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত থাকে। আজি দুপৰীয়াৰ ভাগত বি চি চি আইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত ইংলেণ্ড ছিৰিজৰ বাবে বাছনি সমিতিখনে দলটো বাছনি কৰে।

অজিত আগৰকাৰে শুভমন গিল অধিনায়ক হ’ব বুলি ঘোষণা কৰে। লগতে ঋষভ পন্তক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ভাৰতৰ টেষ্ট দল-

শুভমন গিল (অধিনায়ক), ঋষভ পন্ত (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, অভিমন্যু ইশ্বৰন, নীতিশ কুমাৰ ৰেড্ডী, লোকেশ ৰাহুল, সাই সুদৰ্শন, কৰুণ নায়াৰ, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, আকাশদীপ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ।

ঘৰৰ মাটিতনিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজত হোৱাইট ৱাছ হোৱাৰ পিছত ভাৰতে অষ্ট্ৰেলিয়ালৈ গৈ টেষ্ট শৃংখলাত ১-৩ ব্যৱধানত পৰাস্ত হয়। একে ঘটনা যাতে পুনৰ নঘটে তাৰ দায়িত্ব গৌতম গম্ভীৰ আৰু অজিত আগৰকাৰৰ ওপৰত। তেনেকৈয়ে তেওঁলোকে দলটো বাছি লৈছে। কোনে কোনে দললৈ ঘূৰি আহিছে, কোন হ’ব বলিংত বুমৰাহৰ সম্ভাৱ্য বিকল্প? কোন হ’ব তেওঁৰ সংগী? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱা গ’ল।

উল্লেখ্য যে মহম্মদ ছামীয়ে আগতেও কৈছিল যে বুমৰাহৰ লগত ইংলেণ্ডলৈ যোৱাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ। কাৰণ হৰ্ষিত ৰানা, আকাশদ্বীপ আৰু মহম্মদ চিৰাজে অষ্ট্ৰেলিয়া ছিৰিজত বলিঙত সম্পূৰ্ণ বিফল হৈছিল। ফলত সকলো হেঁচা অকল বুমৰাহৰ ওপৰত পৰে। কিন্তু অজিত আগৰকাৰৰ কমিটীয়ে তেওঁক ইংলেণ্ডৰ শৃংখলাৰ বাবে বিবেচনা কৰা নাই। ১৮ জনীয়া দলটোত তেওঁক অন্তৰ্ভুক্ত কৰা হোৱা নাই।

Shubman Gill-led #TeamIndia are READY for an action-packed Test series 💪

A look at the squad for India Men’s Tour of England 🙌#ENGvIND | @ShubmanGill pic.twitter.com/y2cnQoWIpq

— BCCI (@BCCI) May 24, 2025

ইপিনে, এই শৃংখলাত নাই তিনিজন জ্যেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী, ৰবিচন্দ্ৰন অশ্বিন আৰু ৰোহিত শৰ্মা। ফলত নতুন অধিনায়কগৰাকীয়ে ইমান কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পূৰ্বে এটা ভাল দল গঢ়ি তোলাৰ কাম বাছনি সমিতিৰ হাতত আছিল। বিদেশত টেষ্টত শুভমন গিলৰ অফ ফৰ্ম ব’ৰ্ডৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। ২০ জুনত হেডিংলেত আৰম্ভ হ’ব প্ৰথমখন টেষ্ট।

Recent News

পেহেলগাম কাণ্ডৰ পিছত দ্বিতীয়বাৰৰ বাবে জন্মু-কাশ্মীৰত ৰাহুল গান্ধী : ভুক্তভোগীৰ পৰিয়ালৰ কাষত কংগ্ৰেছ নেতাগৰাকী

পেহেলগাম কাণ্ডৰ পিছত দ্বিতীয়বাৰৰ বাবে জন্মু-কাশ্মীৰত ৰাহুল গান্ধী : ভুক্তভোগীৰ পৰিয়ালৰ কাষত কংগ্ৰেছ নেতাগৰাকী

ইংলেণ্ডৰ ছিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা; অধিনায়ক শুভমন গিল, সহ-অধিনায়ক ঋষভ পন্ত!

ইংলেণ্ডৰ ছিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা; অধিনায়ক শুভমন গিল, সহ-অধিনায়ক ঋষভ পন্ত!

গ্ৰেপ্তাৰ আম আদমী পাৰ্টিৰ বিধায়ক : দুৰ্নীতিৰ গোচৰত ভিজিলেন্সৰ অভিযান

গ্ৰেপ্তাৰ আম আদমী পাৰ্টিৰ বিধায়ক : দুৰ্নীতিৰ গোচৰত ভিজিলেন্সৰ অভিযান

প্ৰসূতিকালীন ছুটী মহিলাৰ অধিকাৰ: উচ্চতম ন্যায়ালয়ৰ গুৰুত্ব পূৰ্ণ ৰায়

প্ৰসূতিকালীন ছুটী মহিলাৰ অধিকাৰ: উচ্চতম ন্যায়ালয়ৰ গুৰুত্ব পূৰ্ণ ৰায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd