• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2025 9:12 pm
171
VIEWS
Share on FacebookShare on Twitter

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাই বুলি ভাৰতীয় সেনা, বৈদেশিক সচিব, আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বাৰে বাৰে উল্লেখ কৰি আহিছে। এইবাৰ এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকলৰ সৈতে হোৱা বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও একেই কথা ক’লে৷ নমোৰ স্পষ্ট বক্তব্য হ’ল ভাৰত-পাকিস্তান যুদ্ধবিৰতি দ্বিপাক্ষিক আলোচনাৰ জৰিয়তেহে হৈছিল।

কোৱা বাহুল্য যে এই তৃতীয় পক্ষটো হৈছে আমেৰিকা। যুদ্ধবিৰতিৰ পিছৰে পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰি আহিছে যে তেওঁৰ মধ্যস্থতাই দক্ষিণ-পূব এছিয়াৰ দুয়োখন দেশৰ মাজত যুদ্ধ বন্ধ কৰি দিছে। কিছুদিন পূৰ্বে হোয়াইট হাউছত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি বাণিজ্যৰ ভিত্তিত সম্ভৱ বুলিও দাবী কৰিছিল। যিটো তেওঁ মধ্যস্থতা কৰিছিল। সূত্ৰ অনুসৰি আজি অপাৰেচন সিন্দুৰৰ কথা কওঁতে মোদীয়ে কয় যে, পাকিস্তানে আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি যুদ্ধবিৰতিৰ অনুৰোধ জনাইছিল। তৃতীয় পক্ষ নাছিল।

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি সন্দৰ্ভত বৃহস্পতিবাৰে চাইৰিল ৰামাফোছাৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে, “যদি আপুনি পাকিস্তান আৰু ভাৰতৰ সৈতে আমি কি কৰিছো সেয়া চাই, আমি গোটেই কথাটো সমাধান কৰিলোঁ। মই ভাবো আমি বাণিজ্যৰ জৰিয়তে সমাধান কৰিছো।” তেওঁ লগতে কয়, “আমেৰিকাই দুয়োখন দেশৰ সৈতে বাণিজ্যিক চুক্তি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছে। মই কওঁ, আপুনি কি কৰিছে?”

সেইদিনা বৈদেশিক মন্ত্ৰী জয়শংকৰে নিৰ্দ্বিধায় উল্লেখ কৰিছিল যে ভাৰত-পাকিস্তান যুদ্ধবিৰতিত আমেৰিকাৰ কোনো ভূমিকা নাই। এক সাক্ষাৎকাৰত তেওঁ কয়, “পাকিস্তান সেনাই আমাক এই বাৰ্তা প্ৰেৰণ কৰিছিল যে তেওঁলোকে আক্ৰমণ বন্ধ কৰিব বিচাৰে। আমি সেই বাৰ্তাৰ প্ৰতি উপযুক্ত সঁহাৰি দিছিলো।” আমেৰিকাৰ ভূমিকা সন্দৰ্ভত তেওঁ কয়, “আমেৰিকা আমেৰিকাত আছিল। তেওঁলোকৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ‘ আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে ক্ৰমে মোৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছিল। কিন্তু সেয়া কেৱল উদ্বেগ প্ৰকাশৰ বাবেহে আছিল।”

Recent News

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত শতাধিক ট্ৰাক আৱদ্ধ! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত শতাধিক ট্ৰাক আৱদ্ধ! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দিন দুপৰতে গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা, কমেও ২১ জন লোকৰ মৃত্যু

দিন দুপৰতে গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা, কমেও ২১ জন লোকৰ মৃত্যু

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd