• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম আৰক্ষীয়ে আটক কৰা মহিলাৰ পুত্ৰ; শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2025 9:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীয়ে এগৰাকী মহিলাক আটক কৰাৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। এই গোচৰ ৰুজু কৰিছে এজন ২৬ বছৰীয়া যুৱকে। যুৱকজনে কয় যে তেওঁৰ মাতৃক অবৈধভাৱে আটক কৰা হৈছে।

অভিযোগ অনুসৰি অসম আৰক্ষীয়ে গোপনে বাংলাদেশলৈ মানুহ পঠিয়াই দিছে। মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহ আৰু ন্যায়াধীশ এ এছ চন্দুৰকাৰৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে।

Apply Now

আবেদনকাৰী ইউনুচ আলীৰ হৈ অধিবক্তা শ্বোয়াইব আলমে আদালতত হাজিৰ হয়। তেওঁ জনোৱা মতে, ইউনুচৰ মাতৃক আৰক্ষীয়ে জিম্মাত লৈছে।

এই গোচৰৰ শুনানি সোমবাৰে অনুষ্ঠিত হ’ব বুলি মুখ্য ন্যায়াধীশে জানিবলৈ দিয়ে। মাতৃ মনোৱাৰা বেৱাৰ শীঘ্ৰে মুক্তিৰ দাবী তুলিছে ইউনুচ আলীয়ে। ২৪ মে’ত ধুবুৰী থানালৈ মাতি অনা হৈছিল মনোৱাৰা বেৱাক। ভাষ্য গ্ৰহণ কৰাৰ অজুহাতত তেওঁক মাতি অনা হৈছিল আৰু তাৰ পিছত জিম্মাত লোৱা হৈছিল।

অধিবক্তা আলমে অসমত ঘটি থকা এটা গুৰুতৰ সমস্যাৰ বিষয়ে অৱগত কৰে। নিশাটোৰ ভিতৰতে মানুহক আটক কৰি বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়। আনহাতে তেওঁলোকৰ আইনী গোচৰ এতিয়াও আদালতত চলি আছে।

আলমে কয় যে, মহিলাগৰাকীয়ে ২০১৭ চনত বিশেষ অনুমতিৰ আবেদন দাখিল কৰিছিল। জাননী জাৰি কৰা হৈছে, কিন্তু এতিয়াও আদালতত কাৰ্য্যবিধি চলি থকাৰ সময়তে মানুহক ঘূৰাই পঠিওৱা হৈছে। তেওঁ লগতে কয় যে কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত দেখা গৈছে যে মানুহক নিশাটোৰ ভিতৰতে তুলি লৈ সীমান্তৰ সিপাৰে পঠিয়াই দিয়া হৈছে।

উল্লেখ্য যে ২০১৯ চনৰ ১২ ডিচেম্বৰত মনোৱাৰা বেৱাই জামিন লাভ কৰিছিল। উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশ দিছিল, যাৰ অধীনত অসমৰ বিদেশী ডিটেনচন কেম্পত তিনি বছৰতকৈ অধিক সময় কটোৱাসকলক চৰ্তসাপেক্ষে মুকলি কৰি দিয়া হৈছিল।

আবেদনখনত উল্লেখ আছে যে যেতিয়া ইউনুচ আলীয়ে পিছদিনা থানালৈ গৈ বিষয়াসকলক কয় যে তেওঁৰ গোচৰ এতিয়াও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে, তেতিয়া তেওঁক মাতৃক লগ কৰিবলৈ দিয়া নহ’ল আৰু তেওঁক মুকলি কৰি দিবলৈ অস্বীকাৰ কৰে।

এই আৱেদনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছে। উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্তক সমৰ্থন কৰিছিল, য’ত বেৱাক বিদেশী ঘোষণা কৰা হৈছিল। এই গোচৰটো ২০১৭ চনৰ পৰা উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।

আৱেদনখনত বেৱাক ধুবুৰী থানাত থকা ‘অবৈধ জিম্মা’ৰ পৰা শীঘ্ৰে মুকলি কৰি দিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈ দাবী জনোৱা হৈছে। লগতে আটক কৰা ব্যক্তিজনক ভাৰতৰ যিকোনো সীমান্তৰ পৰা ‘বিতাড়ন’ বা ‘ওভতাই পঠিওৱা’ বন্ধ কৰাৰ দাবী জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd