• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ বিমান ঘাটিত ইউক্ৰেইনৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ; ধ্বংস ৪০ খনতকৈও অধিক যুদ্ধ বিমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 8:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ৰাছিয়াই সমগ্ৰ ইউক্ৰেইনত একাধিক ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰিছিল। এইবাৰ ইউক্ৰেইনেও ইয়াৰ প্ৰত্যুত্তৰ দিছে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ইউক্ৰেইনৰ ছিকিউৰিটি চাৰ্ভিছে দেওবাৰে ৰাছিয়াৰ চাৰিটা বিমান ঘাটি আৰু দুটা বিমানবন্দৰত ব্যাপক ড্ৰোন আক্ৰমণ চলায়।

ইয়াৰ ভিতৰত ৰাছিয়াৰ বোমাৰু বিমান Tu-95, Tu22M3 আৰু A-50কে ধৰি ৪০খনতকৈও অধিক ৰাছিয়াৰ যুদ্ধবিমান ধ্বংস হয়। ইতিমধ্যে ৰাছিয়াই ইয়াৰ উত্তৰ দিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহলৰ মতে, যোৱা তিনি বছৰৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আকাশীপথত এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ আক্ৰমণ।

Apply Now

এই আক্ৰমণ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই ৰাছিয়াই। অৱশ্যে ৰাছিয়াৰ আৰ্খাংগেলস্ক অঞ্চলৰ গৱৰ্ণৰ ইগ’ৰ ক’ভজেভে সংবাদ সংস্থাটোৰ আগত স্বীকাৰ কৰিছে যে ইউক্ৰেইনে আক্ৰমণ কৰিছিল। জানিব পৰা মতে, ইউক্ৰেইনে ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ মজুত থকা অলেনা বিমান ঘাটিতো ড্ৰ’ন আক্ৰমণ চলাইছিল।

এই আক্ৰমণৰ ফলত ৰাছিয়াৰ কেইবাটাও সামৰিক ঘাটিত জুই লাগিছিল। কেইবাঠাইতো বিস্ফোৰণো সংঘটিত হয়। ইতিমধ্যে ছ’চিয়েল মিডিয়াত সেইবোৰ ভাইৰেল হৈ পৰিছে। তাত দেখা গৈছে যে ৰাছিয়াৰ সেনাই ড্ৰ’ন আক্ৰমণৰ উৎস চিনাক্ত কৰি তেওঁলোকক নিষ্ক্ৰিয় কৰিছে। বৰ্তমান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা আহত জোৱান আৰু সাধাৰণ নাগৰিকক উলিয়াই অনাৰ কাম চলি আছে।

যোৱা শনিবাৰে নিশাৰ পৰা দেওবাৰে পুৱালৈকে ৰাছিয়াই সমগ্ৰ ইউক্ৰেইনত ৩৬৭টা ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰে। এই আক্ৰমণৰ ফলত ৰাজধানী কিয়েভকে ধৰি কেইবাখনো চহৰৰ ব্যাপক ক্ষতিসাধন হয়। ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, তেওঁলোকে ২৬৬টা ড্ৰ’ন আৰু ৪৫টা মিছাইল ধ্বংস কৰিছিল যদিও কেইবাটাও ইউক্ৰেইনৰ মাটিত পৰি যায়। এই আক্ৰমণৰ ফলত একাধিক লোকৰ মৃত্যু হয়। বহু লোক আহত হয়। এইবাৰ ৰাছিয়াৰ বিৰুদ্ধে তাৰ প্ৰতিশোধ ল’লে ইউক্ৰেইনে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd