• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াৰ বিমান ঘাটিত ইউক্ৰেইনৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ; ধ্বংস ৪০ খনতকৈও অধিক যুদ্ধ বিমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 8:17 am
198
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ৰাছিয়াই সমগ্ৰ ইউক্ৰেইনত একাধিক ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰিছিল। এইবাৰ ইউক্ৰেইনেও ইয়াৰ প্ৰত্যুত্তৰ দিছে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ইউক্ৰেইনৰ ছিকিউৰিটি চাৰ্ভিছে দেওবাৰে ৰাছিয়াৰ চাৰিটা বিমান ঘাটি আৰু দুটা বিমানবন্দৰত ব্যাপক ড্ৰোন আক্ৰমণ চলায়।

ইয়াৰ ভিতৰত ৰাছিয়াৰ বোমাৰু বিমান Tu-95, Tu22M3 আৰু A-50কে ধৰি ৪০খনতকৈও অধিক ৰাছিয়াৰ যুদ্ধবিমান ধ্বংস হয়। ইতিমধ্যে ৰাছিয়াই ইয়াৰ উত্তৰ দিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহলৰ মতে, যোৱা তিনি বছৰৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আকাশীপথত এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ আক্ৰমণ।

এই আক্ৰমণ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই ৰাছিয়াই। অৱশ্যে ৰাছিয়াৰ আৰ্খাংগেলস্ক অঞ্চলৰ গৱৰ্ণৰ ইগ’ৰ ক’ভজেভে সংবাদ সংস্থাটোৰ আগত স্বীকাৰ কৰিছে যে ইউক্ৰেইনে আক্ৰমণ কৰিছিল। জানিব পৰা মতে, ইউক্ৰেইনে ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ মজুত থকা অলেনা বিমান ঘাটিতো ড্ৰ’ন আক্ৰমণ চলাইছিল।

এই আক্ৰমণৰ ফলত ৰাছিয়াৰ কেইবাটাও সামৰিক ঘাটিত জুই লাগিছিল। কেইবাঠাইতো বিস্ফোৰণো সংঘটিত হয়। ইতিমধ্যে ছ’চিয়েল মিডিয়াত সেইবোৰ ভাইৰেল হৈ পৰিছে। তাত দেখা গৈছে যে ৰাছিয়াৰ সেনাই ড্ৰ’ন আক্ৰমণৰ উৎস চিনাক্ত কৰি তেওঁলোকক নিষ্ক্ৰিয় কৰিছে। বৰ্তমান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা আহত জোৱান আৰু সাধাৰণ নাগৰিকক উলিয়াই অনাৰ কাম চলি আছে।

যোৱা শনিবাৰে নিশাৰ পৰা দেওবাৰে পুৱালৈকে ৰাছিয়াই সমগ্ৰ ইউক্ৰেইনত ৩৬৭টা ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰে। এই আক্ৰমণৰ ফলত ৰাজধানী কিয়েভকে ধৰি কেইবাখনো চহৰৰ ব্যাপক ক্ষতিসাধন হয়। ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, তেওঁলোকে ২৬৬টা ড্ৰ’ন আৰু ৪৫টা মিছাইল ধ্বংস কৰিছিল যদিও কেইবাটাও ইউক্ৰেইনৰ মাটিত পৰি যায়। এই আক্ৰমণৰ ফলত একাধিক লোকৰ মৃত্যু হয়। বহু লোক আহত হয়। এইবাৰ ৰাছিয়াৰ বিৰুদ্ধে তাৰ প্ৰতিশোধ ল’লে ইউক্ৰেইনে!

Recent News

বিশ্ব পৰিৱেশ দিৱস ২০২৫: প্লাষ্টিক প্ৰদূষণ ৰোধ কৰোঁ আহক…

বিশ্ব পৰিৱেশ দিৱস ২০২৫: প্লাষ্টিক প্ৰদূষণ ৰোধ কৰোঁ আহক…

আমেৰিকাত ১২খন দেশৰ নাগৰিকক প্ৰৱেশত নিষেধাজ্ঞা! কোন ১২খন দেশত আৰোপ কৰা হৈছে নিষেধাজ্ঞা?

আমেৰিকাত ১২খন দেশৰ নাগৰিকক প্ৰৱেশত নিষেধাজ্ঞা! কোন ১২খন দেশত আৰোপ কৰা হৈছে নিষেধাজ্ঞা?

গৰম দিনত এৰাই চলক এই খাদ্যসমূহ!

গৰম দিনত এৰাই চলক এই খাদ্যসমূহ!

দুটা পৰ্যায়ত জাতি গণনাৰ লগতে অনুষ্ঠিত হ’ব লোকপিয়ল-২০২৭

দুটা পৰ্যায়ত জাতি গণনাৰ লগতে অনুষ্ঠিত হ’ব লোকপিয়ল-২০২৭

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd